12/01/2023
#যোৰহাট কলেজৰ দৰ্শন বিভাগৰ গুৰু গৱেষণা কৰ্ম, 'অসমৰ এশখন গাঁৱৰ মানুহৰ বৈজ্ঞানিক মানসিকতা'-ৰ ক্ষেত্ৰ-ভিত্তিক অধ্যয়নত পোৱা গৈছে বহু গুৰুত্বপূৰ্ণ তথ্য। # #
# #যোৰহাট কলেজৰ কহিনুৰ জয়ন্তী'ঃ অসমৰ এহাজাৰখনি গাওঁ সাঙুৰি দহটি গুৰু গৱেষণা প্ৰকল্প আৰম্ভ # #
... ... ... অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান যোৰহাট মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ষাঠিটি বৰ্ষ পূৰ্ণ হোৱা উপলক্ষ্যে চলি থকা 'কহিনুৰ জয়ন্তী'-ৰ লগত সংগতি ৰাখি অসমৰ প্ৰায় এহাজাৰখন গাওঁ সাঙুৰি আৰম্ভ কৰা হৈছে দহটি গুৰু গৱেষণা প্ৰকল্প।।মহাবিদ্যালয়ৰ অধ্যক্ষ দ° দেৱব্ৰত শৰ্মাই জানিবলৈ দিয়া মতে মহাবিদ্যালয়ৰ পৰা কেন্দ্ৰীয়ভাৱে দুটি আৰু আঠটি শৈক্ষিক বিভাগৰ পৰা আঠটি, মুঠতে দহটি গুৰু গৱেষণা প্ৰকল্পত ক্ষেত্ৰ-গৱেষক ৰূপে তথ্য সংগ্ৰহ কাৰ্যত জড়িত হৈ পৰিছে মহাবিদ্যালয়ৰ প্ৰায় এহাজাৰ শিক্ষাৰ্থী।।
অসমৰ সমাজ, সাহিত্য, ইতিহাস, ৰাজনীতি, শিক্ষা, অৰ্থনীতি ইত্যাদিলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াব পৰা দহটি গৱেষণা প্ৰকল্প হ'লঃ ১/ 'অসমৰ ভাষিক জৰীপ'(Linguistic Survey of Assam') - কেন্দ্ৰীয়ভাৱে ২/ 'ভাৰতৰ স্বাধীনতাৰ' অসমৰ অজ্ঞাত সেনানী'
( Unkniwn Freedom Fighters of Assam) - কেন্দ্ৰীয়ভাৱে
৩/ দৰ্শন বিভাগঃ 'অসমৰ এশ খন গাঁৱৰ মানুহৰ বৈজ্ঞানিক মানসিকতা' ('Scientific Temper of the Villagers of Hundred Villages in Assam')
৪/ সমাজতত্ত্ব বিভাগঃ 'অসমৰ আহোমসকলৰ ধৰ্মীয় ৰূপান্তৰকৰণ' ('Religious Transformation of the Ahoms of Assam')
৫/English Department:
'High School Students Approach towards Learning English in Jorhat, Assam: An exploratory study'
৬/ ইতিহাস বিভাগঃ 'আমাৰ গাওঁ; আমাৰ ইতিহাস- যোৰহাটৰ গাওঁ সমূহৰ তথ্যপঞ্জী' ('Our Village; Our History - A collection of Historical information of the Villages of Jorhat')
৭/ৰাজনীতি বিজ্ঞান বিভাগঃ 'আমাৰ গাওঁ, আমাৰ ৰাজনৈতিক ইতিহাস,
অসমৰ ,১০০গাওঁৰ ভোটদাতাৰ ৰাজনৈতিক সচেতনতা,ভোটদাতাৰ আচৰন'('Our village, Our Political History.
Political awareness, Voting Behaviour among Voters of100 Villages of Aasam')
৮/অৰ্থনীতি বিভাগঃ 'স্বাধীনতাৰ ৭৫ বছৰত যোৰহাটৰ অৰ্থনৈতিক আৰ্হিৰ বিবৰ্তন' ( 'The Dynamics in the Economic Paradigm of Jorhat in 75 Years of Independence')
৯/অসমীয়া বিভাগঃ
(সাহিত্য সম্পৰ্কীয় তিনিটি বিষয়)
ক) 'তোমাৰ অঞ্চলৰ সাহিত্য চৰ্চাৰ গতি-প্ৰকৃতি'
খ) 'তোমাৰ অঞ্চলৰ মানুহৰ বাতৰি-কাকত, আলোচনী অধ্যয়ন আৰু বৈদ্যুতিন মাধ্যমৰ প্ৰভাৱ'
গ) 'তোমাৰ অঞ্চলৰ সমাজ-সংস্কৃতিৰ ৰূপৰেখা'
১০/শিক্ষাতত্ত্ব বিভাগঃ 'যোৰহাট জিলাৰ গ্ৰাম্য অঞ্চলৰ পুৰুষ আৰু মহিলাৰ শৈক্ষিক স্তৰৰ এক তুলনামূলক অধ্যয়ন'(A Comparative study of the Academic Level of Rural Male and Female-- A case study of Rural Areas of Jorhat Dstrict')
# #দৰ্শন বিভাগৰ অধ্যয়নৰ ১১-০১-২০২৩ তাৰিখ আৰু ১২-০১-২০২৩ তাৰিখেক্ষেত্ৰ অধ্যয়ন কৰা অসমৰ ভিন্ন জিলাৰ গাওঁসমূহ আৰু ফটোসহ এক ৰেঙণি # # ঃঃ
১/ ২নং চাওদাং গাঁও, যোৰহাট
২/ ঢেকৰগঢ়া, যোৰহাট
৩/বাপুজী নগৰ, যোৰহাট
৪/বহতীয়া গাঁও, যোৰহাট
৫/ ভূৰাকলা গাঁও, যোৰহাট
৬/বাঘমৰা গাঁও, যোৰহাট
৭/লেকাই চেতিয়া গাঁও, যোৰহাট
৮/ ডিমাকুচি, ওদালগুৰি জিলা
৯/দৰং জিলা
১০/খুটিয়া পোতা গাঁও,যোৰহাট
# # শ্ৰদ্ধাভাজনেষু/স্নেহভাজনেষু, আপোনালোক সকলোকে আমাৰ এই বাতৰি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আশা কৰোঁ, আমাৰ অনুৰোধ ৰক্ষা কৰি কৃতাৰ্থ কৰিব।। # # #
- - আন্তৰিকতাৰে - - '