Bihpuria College

Website

Bihpuria College Updates from Bihpuria College

This is our new Instagram Account. Keep Following and sharing. Thank you.
17/08/2026

This is our new Instagram Account. Keep Following and sharing. Thank you.

Good news for all.Bihpuria college, Bihpuria Presents a Online Faculty Development Programme on NEP ORIENTATION AND SENS...
23/11/2025

Good news for all.
Bihpuria college, Bihpuria Presents a Online Faculty Development Programme on NEP ORIENTATION AND SENSITIZATION( 3rd December to 12th December,2025). Kindly Register and Apply through the mentioned link.
Thank you.

19/05/2025
যোৱা ৮ এপ্ৰিল,২০২৫ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে বাণিজ্য শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কত দঙীবিল ...
10/04/2025

যোৱা ৮ এপ্ৰিল,২০২৫ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে বাণিজ্য শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কত দঙীবিল উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা আয়োজন কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে শিক্ষাৰ্থীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ৰাতুল দত্তই অনুষ্ঠানটিৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড৹ শিবু দাস আৰু ড৹ জ্যোতিকা মেদকে বাণিজ্য শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। শিক্ষাৰ্থীসকলৰ মত-বিনিময়ে অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে।

যোৱা ৪ এপ্ৰিল,২০২৫ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে বাণিজ্য শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কত মিলনজ্য...
05/04/2025

যোৱা ৪ এপ্ৰিল,২০২৫ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে বাণিজ্য শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কত মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা আয়োজন কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে শিক্ষাৰ্থীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ৰাতুল দত্তই অনুষ্ঠানটিৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড৹ শিবু দাস, ড৹ জ্যোতিকা মেদক আৰু অনুপম দত্তই বাণিজ্য শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। শিক্ষাৰ্থীসকলৰ মত-বিনিময়ে অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে।

যোৱা ৮ ফেব্ৰুৱাৰী,২০২৫ তাৰিখে আকৰ্ষণীয় মাৰ্চপাষ্ট প্ৰতিযোগিতাৰে আনুষ্ঠানিকভাৱে বিহপুৰীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ...
12/02/2025

যোৱা ৮ ফেব্ৰুৱাৰী,২০২৫ তাৰিখে আকৰ্ষণীয় মাৰ্চপাষ্ট প্ৰতিযোগিতাৰে আনুষ্ঠানিকভাৱে বিহপুৰীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পূৰ্বেই বিভিন্ন খেলসমূহ সময়ে-সময়ে খেলোৱা হয়। ৮ ফেব্ৰুৱাৰী তাৰিখে বিভিন্ন সাহিত্য প্ৰতিযোগিতাসমূহ, ৯ আৰু ১০ ফেব্ৰুৱাৰী তাৰিখে কৃষ্টি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে বৰগীত,লোকগীত,জ্যোতি সংগীত, দিহানাম, বিয়ানাম আদিকে ধৰি বিভিন্ন সংগীতৰ প্ৰতিযোগিতাসমূহৰ লগতে ভেশচন প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য,দলীয় নৃত্য, একক অভিনয়,একাঙ্কিকা নাটক, সৌন্দৰ্য প্ৰতিযোগিতা আদিৰ মাজেৰে শিক্ষাৰ্থীসমূহৰ বিপুল প্ৰতিভাৰ উমান পোৱা যায়। শেষৰ দিনা অৰ্থাৎ ১১ ফেব্ৰুৱাৰী তাৰিখে
সাংস্কৃতিক শোভাযাত্ৰাৰে মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতাসমূহৰ সামৰণি পৰে।

বিহপুৰীয়া মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ  আলোচন...
29/01/2025

বিহপুৰীয়া মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ২৮ আৰু ২৯ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যাপক-অধ্যাপিকাসকলে অনলাইন আৰু অফলাইন দুয়োধৰণেৰে তেওঁলোকৰ আলোচনাপত্ৰ সমূহ উপস্থাপন কৰি এক বৌদ্ধিক পৰিবেশৰ সূচনা কৰে।

আজি বিহপুৰীয়া মহাবিদ্যালয় প্ৰাংগণত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।
26/01/2025

আজি বিহপুৰীয়া মহাবিদ্যালয় প্ৰাংগণত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।

The farewell & Induction programe of NCC was held today at Bihpuria College. Lieut Dr. Jonison Daulagajau (NCC), Dr. Amu...
01/12/2024

The farewell & Induction programe of NCC was held today at Bihpuria College. Lieut Dr. Jonison Daulagajau (NCC), Dr. Amulya kr. Hazarika (Principal, Bihpuria College) and Dr. Ratul Borah (Programme Officer NSS), all senior NCC Cadets and current batch NCC cadets were graced the programme.

আজি ১ ডিচেম্বৰ,২০২৪ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ৰ শৈক্ষিক ভৱনত মহাবিদ্যালয়ৰ NSS unit-ৰ উদ্যোগত আৰু NCC unit-ৰ সহযোগত 'বি...
01/12/2024

আজি ১ ডিচেম্বৰ,২০২৪ তাৰিখে বিহপুৰীয়া মহাবিদ্যালয়ৰ শৈক্ষিক ভৱনত মহাবিদ্যালয়ৰ NSS unit-ৰ উদ্যোগত আৰু NCC unit-ৰ সহযোগত 'বিশ্ব এইডছ দিৱস' উদযাপন কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ ৰাতুল বৰা (Programme officer, NSS)-ই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য কুমাৰ হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক সত্যেন্দ্ৰ বৰদলৈদেৱে। সভাখনিত মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ জনিচন দাওলাগাজাও (Lieut. NCC) উপস্থিত থকাৰ লগতে সমল ব্যক্তি হিচাপে উপস্থিত থাকে খেৰাজখাত মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক লক্ষ্মীপ্ৰসাদ হাজৰিকাদেৱ। এইবাৰ বিশ্ব এইডছ দিৱসৰ মূল বিষয় 'My health, my rights' সন্দৰ্ভত মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থীয়ে বক্তব্য ৰখাৰ লগতে শিক্ষাৰ্থী সকলৰ নৃত্য-গীতে অনুষ্ঠানটি জীপাল কৰি তোলে। শেষত NSS ৰ সংগীতেৰে সভা সমাপ্ত ঘোষণা কৰা হয়।

Address

Bihpuria Town
Bihpuriagaon
784161

Alerts

Be the first to know and let us send you an email when Bihpuria College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share