Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University

  • Home
  • India
  • Gauhati
  • Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University
Website

Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University অগ্নিসুৰ লভিতা সূৰুজ মুখী কবিতা,
সোণপখিলী ৰূপালীম নক্ষত্ৰ হৈ জিলিকিম ।।

আজি  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস, কনকলতা বৰুৱা ৭ নং তিনিমহলীয়া ছাত্ৰীনিৱাস আৰু চন্দ্ৰপ্ৰভা শ...
18/09/2026

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস, কনকলতা বৰুৱা ৭ নং তিনিমহলীয়া ছাত্ৰীনিৱাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩ নং ছাত্ৰীনিৱাসৰ তিনিওখন হোষ্টেলৰ আৱাসি নিৱাসী সকলে একে লগে এপিয়লা চাহৰ সোৱাদ লোৱাৰ লগতে এটি মধুময় সন্ধিয়া একে লগে অতিবাহিত কৰোঁ ।

আজি ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপকোঁৱৰ জ্যোত...
18/06/2026

আজি ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা দেৱৰ জন্মজয়ন্তী উপলক্ষে ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ বাকৰিত মহান শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয়।
ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা অসম আৰ্হি ছাত্ৰাৱাসৰ আৱাসী পাৰ্থ প্ৰতিম ভৰলুৱাই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° উৎপল শৰ্মা মহোদয়, শ্ৰেণী সমুহৰ সচিব ড° ৰঞ্জন কুমাৰ কাকতি মহোদয়, উপ ছাত্ৰ কল্যান সচিব ড° কুলদ্বীপ পাটগিৰি মহোদয়, আৱাসৰ তত্বাৱধায়ক ড° ভাস্কৰ ডেকা মহোদয় আৰু ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড° হিমাংশু প্ৰবাল গোস্বামী। উক্ত অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা অসম আৰ্হি ছাত্ৰাৱাসৰ আৱাসী যুৱৰাজ ভট্টাচাৰ্য্য‌ আৰু জ্যোতি সংগীত পৰিৱেশন কৰে আৰিজিত পাঠকে। ৰূপকোঁৱৰ জ্যোতি‌‌প্ৰসাদ আগৰৱালা অসম আৰ্হি ছাত্ৰাৱাসৰ ছাত্ৰাধীক্ষক বিশাল মিশ্ৰ‌ই সলাগৰ শৰাই প্ৰদান কৰি অনুষ্ঠানৰ সামৰনি কৰে।

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা অসম আর্হি ৮ নং ছাত্ৰাৱাসৰ উদ্যোগত স্বর্গীয় পুলকেশ গোস্বামী সোঁৱৰণী গুৱাহাটী বিশ্ববিদ্যালয় ...
12/02/2026

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা অসম আর্হি ৮ নং ছাত্ৰাৱাসৰ উদ্যোগত স্বর্গীয় পুলকেশ গোস্বামী সোঁৱৰণী গুৱাহাটী বিশ্ববিদ্যালয় ভিত্তিক আন্তঃ আৱাস-নিৱাস ক্রিকেট প্রতিযোগিতাখনি‌ অহা ১৩, ১৪ আৰু ১৫ ফ্ৰেব্ৰুৱাৰী ২০২৬ ইং তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় মুখ্য খেলপথাৰত আয়োজন কৰাৰ মানস কৰা হৈছে। উক্ত ক্রিকেট প্রতিযোগিতাখনি‌ত আপোনালোক আটাইৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

যোৱা ১৭ জানুৱাৰী ইং তাৰিখে, অসমীয়া সংস্কৃতিৰ পূজাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি বিজড়িত শিল্পী দিৱস। এই প...
18/01/2026

যোৱা ১৭ জানুৱাৰী ইং তাৰিখে, অসমীয়া সংস্কৃতিৰ পূজাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি বিজড়িত শিল্পী দিৱস। এই পৱিত্ৰ ক্ষণটো স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ তৰফৰ পৰা আমি কেইগৰাকীমান আৱাসী একগোট হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ তেজপুৰস্থিত পুৰণি বাসগৃহত উপস্থিত হওঁ।
জ্যোতিপ্ৰসাদদেৱৰ ভতিজী শ্ৰদ্ধেয় মীনাক্ষী ভূঞা বাইদেউক সাক্ষাৎ কৰো আৰু আমাৰ আৱাসৰ তৰফৰ পৰা তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জ্যোতিপ্ৰসাদদেৱৰ পৱিত্ৰ স্মৃতিত তেখেতৰ বেদীত বন্তি প্ৰজ্বলন কৰো। জ্বলন্ত বন্তিৰ শিখাৰ মাজত যেন আমি বিচাৰি পালোঁ সেইজনা মহান মনিষীৰ কালজয়ী সৃষ্টিৰ প্ৰতিধ্বনি। ৰূপকোঁৱৰৰ বেদীৰ সন্মুখত মূৰ দোঁৱাই তেখেতৰ অসামান্য অৱদানক স্মৰণ কৰি আমি সকলোৱে বিমল শান্তি অনুভৱ কৰিলোঁ।
আজিৰ এই দিনটোৱে আমাক পুনৰ এবাৰ অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ’বলৈ অনুপ্ৰাণিত কৰিলে। শিল্পী দিৱসৰ এই যাত্ৰা আমাৰ সকলোৰে মানসপটত চিৰদিন সজীৱ হৈ ৰ’ব।

17/01/2026

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ সমূহ আৱাসীৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক শিল্পী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ|

অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ  সকলো জ্যেষ্ঠ তথা সহপ...
11/01/2026

অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসৰ সকলো জ্যেষ্ঠ তথা সহপাঠী বন্ধুসকললৈ আন্তৰিক অভিনন্দন জনালোঁ। AT-8 পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

28/12/2025
Congratulations ❤️ Partha protim Bharaluwa and Shaktiman  Pegu on winning Gold  medal in Gauhati university InterCollege...
09/11/2025

Congratulations ❤️
Partha protim Bharaluwa and Shaktiman Pegu on winning Gold medal in Gauhati university InterCollege Youth Festival and being selected for representing GU in AIU national youth festival! So proud of your achievement.
AT-8 AHU AHU

গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত আমাৰ আৱাস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসে...
08/11/2025

গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত আমাৰ আৱাস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটিক প্ৰতিনিধিত্ব কৰি লোকবাদ্য প্ৰতিযোগিতা দ্বিতীয় আৰু মুকাভিনয় প্ৰতিযোগিতাত দ্বিতীয় স্থান পাব সক্ষম হৈছে। এই চেগতে প্ৰতিজন কলা কৌশলীক অভিনন্দন জনালো।

Address

Gauhati

Alerts

Be the first to know and let us send you an email when Rupkonwar Jyotiprasad Agarwala A.T-8 Boys' Hall, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share