অসমীয়া কলাকৃষ্টি

অসমীয়া কলাকৃষ্টি সোণৰ অসম

07/06/2021
14/10/2020
28/09/2020
25/09/2020

কোষ্ঠকাঠিন্যৰ কাৰন আৰু প্ৰতিকাৰ -

কোষ্ঠকাঠিন্য ফলত আমাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে যাৰফলত অন্ত্ৰত বহু প্ৰকাৰৰ ৰোগ উৎপন্ন হয় ৷ আমি মনত ৰখাটো প্ৰয়োজন যে প্ৰত্যেকৰে শৌচ কৰাৰ নিৰ্দিষ্ট অভ্যাস থাকে যিটো প্ৰত্যেকৰে ক্ষেত্ৰত ভিন্ন৷ আপুনি যদি সেইসকলৰ মাজত এজন হয়, যি দীৰ্ঘ সময়ৰ মূৰে মূৰে শৌচ কৰে তেতিয়া ধৰি লব আপুনি কোষ্ঠকাঠিন্যৰ ৰোগী৷

প্ৰতি দহজনৰ ভিতৰত চাৰিজনেই কোষ্ঠকাঠিন্য হয়৷ পাচনতন্ত্ৰৰ দুৰ্বলতা, খাদ্যত আঁহৰ অভাৱ আদি কাৰনত কোষ্ঠকাঠিন্য হয়৷ পুষ্টিগত গুনাগুনৰ লগতে আমাৰ আহাৰত এনে কিছুমান দ্ৰব্যও দৰকাৰ যিবিলাকে শৰীৰৰপৰা মল নিস্কাষন কৰাত সহায় কৰে৷ সেয়ে আমাৰ খাদ্যত চেলুলোজযুক্ত খাদ্য থাকিব লাগে৷

কাৰন,খাদ্যৰ আঁহে হজম হোৱা খাদ্যপদাৰ্থবোৰ অন্ত্ৰৰ ভিতৰত ৰৈ থাকিবলৈ নিদিয়ে৷ সহজভাৱে বুজাবলৈ কব পাৰি যে, বাচন-বৰ্তনত লাগি থকা তেল বা আঠা লাগি ৰোৱা খাদ্য পদাৰ্থ ব্ৰাছ বা স্ক্ৰাৱাৰে ঘঁহি পৰিস্কাৰ কৰা হয় তেনেদৰে আঁহযুক্তখাদ্য পদাৰ্থই আমাৰ শৰীৰৰ ভিতৰত ব্ৰাছৰ দৰে কাম কৰে ৷

কোষ্ঠকাঠিন্য নিৰাময় কৰা বাবে প্ৰথমতে জানক কোষ্ঠকাঠিন্য কিয় হয়?

‣ মাংসপেশীৰ দুৰ্বলতাঃ

এই কাৰনতে বাৰ্ধক্য আৰু সন্তান প্ৰসৱৰ পিছতো কোষ্ঠকাঠিন্যই দেখা দিয়ে ৷ যিসকল শয্যাগত তেওঁলোকৰ কোষ্ঠকাঠিন্য এই একে কাৰণতে হয়৷

‣ সময়মতে আহাৰ নোখোৱাঃ

যিসকলে খোৱাৰ অনিয়ম হয় বা যিসকলে চেলুলোজ কম থকা খাদ্য খায় তেওঁলোকৰ মাজত কোষ্ঠকাঠিন্য দেখা যায় ,কাৰণ এইক্ষেত্ৰত মলাশয়ত উদ্দীপনা সংঘটিত কৰিব পৰা উপাদানৰ অভাৱ ঘটে ৷

➡ ময়দা আৰু ভূচি নোহোৱা আটাৰে প্ৰস্তুত কৰা খাদ্য খোৱা

➡ পানী কমকৈ খোৱা

➡ বেছি তেলত ভজা, অধিক মছলাযুক্ত খাদ্য খোৱা ৷

‣ অশুদ্ধ জীৱনশৈলী

বিষনাশক ঔষধ সেৱন কৰা, মল-মূত্ৰ ত্যাগৰ প্ৰৱণতা ৰখাই থোৱা, কম পৰিমাণে খোৱাৰ ফলত৷ ইয়াৰ ফলত উদ্দীপিত আৰু উপাদানৰ অভাৱ হয় ৷

অনিয়মীয়া জীৱনশৈলী, অনিদ্ৰা,অতিনিদ্ৰা, উদ্বেগ, ৰক্তাল্পতা, ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম নকৰা

‣ গৰ্ভাৱস্হাত কোষ্ঠকাঠিন্য

গৰ্ভাৱস্হাত কোষ্ঠকাঠিন্য হোৱাৰ কাৰণ হল এই অৱস্থাত দেহত যিধৰণৰ হৰমনৰ সৃষ্টি হয় সেয়াই আন্ত্ৰিক গতিবিধিক ব্যাহত কৰে ৷ ইয়াৰ উপৰিও বৃদ্ধিপ্ৰাপ্ত গৰ্ভাশয়ে বৃহদান্ত্ৰৰ ওপৰত চাপৰ সৃষ্টি কৰি তাৰ গতিবিধিক বাধা প্ৰদান কৰে ৷

‣ ধূমপায়ীসকলে ধূমপান বা ধপাত বন্ধ কৰিলেঃ

বহুক্ষেত্ৰত দেখা যায় যে ধূমপায়ীসকলে ধূমপান বা ধপাত বন্ধ কৰিলেই কোষ্ঠকাঠিন্যত ভোগে ৷ ইয়াৰ কাৰন হল যে ধপাতৰ মাজত নিকোটিন থাকে যিটোয়ে খাদ্যাংশ দ্ৰুতগতিত যোৱাত সহায় কৰে যাৰফলত শৌচ কৰাৰ ইচ্ছা জাগে ৷

ধূমপান পুনৰ আৰম্ভ কৰাৰ এইতো এটা ডাঙৰ অজুহাত৷

‣ জুলাপ/টনিক খোৱা

কোষ্ঠকাঠিন্যৰ আটাইতকৈ বেয়া উপায় হল জুলাপ খোৱা ৷ অধিকাংশ জুলাপেই অন্ত্ৰৰ স্নায়ুক উত্তেজিত কৰি 'পেৰিচটালচিচ' নিঃসৰন কৰে ৷ ফলত,পিত্তশূল হব পাৰে আৰু বৰ্জনীয় পদাৰ্থই বৃহদান্ত্ৰত খৰধৰ কৰাৰ ফলত পানীৰ শোষণ কম হয় ৷ ফলত শৌচ আধাজুলীয়া হয় ৷

তদুপৰি , অন্ত্ৰত জুলাপ দি পৰিস্কাৰ কৰা হয় তেতিয়া পৰবৰ্তী খাদ্য স্বাভাৱিকতেই অধিক সময়ৰ বাবে ধৰি ৰখাৰ স্পৃহা হয় ৷ যাৰফলত কোষ্ঠকাঠিন্য আৰু বৃদ্ধি পায় ৷ তেতিয়া ভুক্তভুগীয়ে আৰু জুলাপ খাই আৰু বাৰে বাৰে এই ব্যৱস্থা লবলৈ বাধ্য হয় ৷ গতিকে, অন্ত্ৰৰ স্নায়ু এই কৃত্ৰিম উপায়েৰে উদ্দীপিত হৈ ইমান অভ্যস্ত হয় যে জুলাপ লোৱা বন্ধ হলেই স্বাভাৱিকভাৱে মলত্যাগৰ প্ৰৱণতা নাইকিয়া হয় ৷

কোষ্ঠকাঠিন্য জটিলৰৃপ ললে অতি গুৰুতৰ ৰোগ কিছুমান হব পাৰে ৷ যেনে- পেট ফুলি থকা, বেয়া উগাৰ অহা, মুৰৰ বিষ, হাত ভৰিৰ বিষ, অৰ্শ বা কেচুমূৰীয়া আদি ৰোগ হোৱাৰ আশংকা থাকে ৷

খাদ্যপ্ৰনালীঃ

এনে খাদ্য খাওক যি পাকস্থলীৰ সঞ্চালনত সহায় হয় ৷ যেনে -

1. ফল, শাক পাচলি, ভুচিৰ সৈতে আটাৰ ৰুটি ইত্যাদি৷

2. পুৱাৰ জলপানৰ লগত গজালি মেলা বুট-মগু আদি খাওক৷ বুট কোষ্ঠকাঠিন্য ৰ বাবে বৰ উপকাৰী৷

3. প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক ৷

4. আহাৰত পালেং, জিলমিল শাক, মৰিচা, চালগোম, মেথিশাক, লাই শাক, খুতৰা শাক, মূলা শাক, বিলাহী, গাজৰ আদি বেছিকৈ খাব৷

5. আহাৰৰ লগত কেঁচা পিয়াজ কাটি তাত নেমু চেপি খাব ৷

6. কেঁচা ধনীয়া, সামান্য পদিনা, এডোখৰ আদা, কলা নিমখ,অলপমান জালুক গুড়ি আৰু নেমুৰস দি সেৱন কৰক ৷

7. পকা সতেজ ফলৰ ভিতৰত অমিতা,আপেল, সুমথিৰা, মধুৰিআম খাওক ৷ মধুৰিআম আহাৰ খোৱা আগে খাওক , পিছত নাখাব ৷ সেইদৰে প্ৰতিদিনে পুৱা খালী পেটত দুটা মধ্যমীয়া আকাৰৰ আপেল বাকলিৰে সৈতে চোবাই খাওক৷

8. শুকান ফলৰ ভিতৰত শুকান ডিমৰু, খেজুৰ, কিচমিচ আদি খাওক ৷

ইচবগুল ব্যৱহাৰ কৰক

➡ জুলাপৰ পৰিবৰ্তে ইচবগুল, মিথাইল, চেলুলজ আদি গ্ৰহন কৰক ৷ ইয়াৰ ভিতৰত-ইচবগুল জনপ্ৰিয় ৷ গৰম গাখীৰৰ সৈতে ইচবগুল মিহলাই প্ৰায় পাঁচ গ্ৰাম মিচিৰি দি দিনে এবাৰ বা দুবাৰ খাওক ৷

তামৰ পাত্ৰ ব্যৱহাৰ

➡ প্ৰতিদিনে ৰাতি তামৰ ঘটি এটাত পানী ভৰাই ৰাখক। পুৱা সেই পানী খালী পেটত খাওক ৷

গুলকন্দ

➡ ৰাতি শুৱা আগতে এচামুচ গুলকন্দ খাওক নতুবা ত্ৰিফলা গৰম পানীৰ লগত খাওক ৷

এৰাগুতিৰ তেল (কেষ্টৰ অইল)

➡ সপ্তাহত এবাৰ গৰম গাখীৰৰ লগত এচামুচ এৰাগুতিৰ তেল(কেষ্টৰ অয়ল) মিহলাই খাওক ৷

নেমু আৰু গৰম পানী

➡ এগিলাচ কুহুমীয়া গৰম পানীত এটা নেমু চেপি লওক ৷ তাৰ লগত আধা চামুচ ক’লা নিমখ, আধা চামুচ সৈন্ধৱ লৱন মিহলাই পুৱা খালী পেটত খাওক ৷ ১৫/২০ মিনিটৰ পিছতে পেট পৰিস্কাৰ হব ৷

আহাৰ লাহে ধীৰে খাওক

➡ আহাৰ সদায় চোবাই চোবাই ভালদৰে খাওক ৷ খৰধৰ কৰি বা টিভি মবাইল চায় নাখাব ৷ আহাৰ খোৱাৰ পোন্ধৰ মিনিট পিছত পানী খাওক। আহাৰ খোৱাৰ পিছত পাঁচ মিনিট সময় ভৰি দুয়োটা কোঁচাই ব্ৰজাসনত বহক ৷

ভেষজৰ ব্যৱহাৰ

➡ যনী, সৰু জাতৰ শিলিখা, শুকান আমলখী, মেথিগুটি আৰু কলা নিমখ সমান পৰিমানত লৈ গুড়িকৈ বটি লওক ৷ শোৱাৰ আগতে এই গুড়িৰ এচামুচ লৈ গৰম গাখীৰৰ লগত খাওক

আহাৰ গ্ৰহন

➡ আহাৰ খোৱাৰ পিছত বাওঁহাতে কাটি হৈ পাঁচ দহমিনিট সময় শুৱক৷

➡ ৰাতিৰ আহাৰ সন্ধিয়া সাত-আঠ বজাৰ ভিতৰত যেনে তেনে খাওক ৷ দেৰিকৈ আহাৰ গ্ৰহণ নকৰিব ৷খোজকঢ়া

কোষ্ঠকাঠিন্য (Constipation) হলে বিশেষভাৱে মনোযোগ দিবলগাঃ

প্ৰতিদিনে দুই-তিনি কিলোমিটাৰ খোজকঢ়াৰ অভ্যাস কৰক৷

সময়ত খাওক সময়ত শুৱক৷

পানী অতি কমেও পাঁচ দহ গিলাচ খাওঁক৷

ভোক লাগিলেহে আহাৰ খাওক ৷

দালিয়া,বাকলিসহ দাইল, ভুচিযুক্ত আটাৰ ৰুটি, ঢেঁকীত বনা চাউলৰ ভাত, সেউজীয়া শাকপাত অধিক মাত্ৰাত খাওক৷

মানসিক উদ্বেগ নলব৷ দুশ্চিন্তা দুৰ কৰক৷ টোপনি সম্পূৰ্ণ কৰক৷
Mit saikia

জনহিতাৰ্থে প্ৰচাৰিত
(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter:https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit:https://www.medicityguwahati.com/

21/09/2020

প্ৰষ্টেট গ্ৰন্থি বা পুৰুষ গ্ৰন্থিৰ বৃদ্ধি বা Benign Prostatic hyperplasia চমুকৈ BPH
==============================
প্ৰষ্টেট হ'ল পুৰুষৰ শৰীৰত মজুত থকা এটা গ্ৰন্থি যাক পুৰুষ গ্ৰন্থি বুলিও কোৱা হয়। ই পুৰুষৰ বীৰ্য্যস্খলন বা বীৰ্য্যপাতৰ সময়ত শুক্ৰাণু সমূহ ওলাই যাবৰ বাবে দ্ৰৱ বা তৰল পদাৰ্থ খিনিৰ সৃষ্টি কৰে। প্ৰষ্টেট বা পুৰুষ গ্ৰন্থি পুৰুষৰ মূত্ৰনলীৰ একেবাৰে ওপৰ ভাগত মূত্ৰনলীৰ চাৰিওফালে আগুৰি থাকে। পুৰুষ গ্ৰন্থি সাধাৰণতে আখৰোট (walnut) এটাৰ আকৃতিৰ সমান হয়।
বয়স বৃদ্ধিৰ লগে লগে সাধাৰণতে সকলো পুৰুষৰে পুৰুষ গ্ৰন্থি বা প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ বৃদ্ধি পাব ধৰে। প্ৰষ্টেটৰ আকাৰ বঢ়াৰ লগে লগে মূত্ৰাশয়ৰ পৰা মূত্ৰ প্ৰবাহ ব্যাহত হোৱা, পেচাব কৰাৰ সময়ত বিষ বা কষ্ট অনুভৱ হোৱা ইত্যাদি সমস্যা সৃষ্টি হব পাৰে। ইয়াৰ ফলত মূত্ৰাশয় (Urinary blsdder), মূত্ৰনলী (Urethra), কিডনি সম্বন্ধীয় সমস্যাৰ সৃষ্টি হব পাৰে। প্ৰষ্টেট গ্ৰন্থিৰ স্বাভাৱিক আকাৰতকৈ বৃদ্ধি হোৱা অৱস্থাটোকেই প্ৰষ্টেট বৃদ্ধি বা সাম্য প্ৰষ্টেটিক হাইপাৰপ্লাজিয়া (Benign prostatic hyperplasia) বুলি কোৱা হয়। কিন্তু প্ৰষ্টেট গ্ৰন্থিৰ এই বৃদ্ধি হোৱাটো কোনো কৰ্কট ৰোগৰ লক্ষণ নহয় বা কৰ্কট ৰোগৰ আগজাননী নহয়।
🌟 #প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ লক্ষণ:- সাধাৰণতে তলত দিয়া লক্ষণসমূহ দেখা যায়।
➡️মূত্ৰ আবৃতি- এদিনত স্বাভাৱিক পৰিমাণতকৈ আধা বা কম পেচাব হোৱা।
➡️মূত্ৰ প্ৰবৃত্তিৰ তীব্ৰ ইচ্ছা অৰ্থাৎ পেচাব ধৰি ৰাখিবলৈ অসমৰ্থ হোৱা।
➡️পেচাব কৰিবলৈ অসুবিধা সৃষ্টি হোৱা বা পেচাৱ ওলাই আহোতে সমস্যাৰ সৃষ্টি হোৱা।
➡️বাৰে বাৰে পেচাৱ বন্ধ হৈ যোৱা
➡️পেচাব কৰা শেষ হোৱাৰ সময়ত টোপ টোপকৈ পেচাব হোৱা।
➡️টোপনিৰ সময়ত বাৰে বাৰে পেচাব লগা।
➡️পেচাব বন্ধ হৈ যোৱা (urine retention)
➡️পেচাব ধৰি ৰাখিবলৈ অসমৰ্থ হোৱা।
➡️বীৰ্য্যপাতৰ পিছত বিষ হোৱা।
➡️পেচাবৰ গোন্ধ আৰু বৰণ অস্বাভাৱিক হব পাৰে।
🌟 #পুৰুষ গ্ৰন্থি বৃদ্ধিৰ কাৰণ:- বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি হোৱাটোক স্বাভাৱিক বুলি ধৰা হয়। ৮০ বছৰ বয়সৰ ওপৰৰ বেছিভাগ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি বা BPH ৰ সমস্যা দেখা যায়। নিজৰ জীৱন কালত পুৰুষৰ শৰীৰত টেষ্টষ্ট্ৰেৰন (পুৰুষ হৰমন) আৰু কম পৰিমাণে ইষ্ট্ৰজেন নামৰ হৰমন উৎপাদন হোৱা দেখা যায়। বয়স বৃদ্ধিৰ লগে লগে টেষ্টষ্ট্ৰেৰন হৰমনৰ মাত্ৰা কমিব ধৰে কিন্তু ইষ্ট্ৰজেন হৰমন একে পৰিমানতে উৎপাদন হয় থাকে। ফলত দুয়োটা হৰমনৰ মাজৰ অনুপাতটোত বিসংগতি দেখা দিয়ে আৰু ফলত প্ৰষ্টেট গ্ৰন্থিটো ফুলি গৈ BPH সমস্যাৰ সৃষ্টি কৰে। বয়স বৃদ্ধিৰ লগে লগে টেষ্টষ্ট্ৰেৰন আৰু ইষ্ট্ৰজেন হৰমনৰ মাজত হোৱা বিসংগতিকেই প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ মূল কাৰণ বুলি ধৰা হয়।
⚡বংশগত কাৰণ:- পৰিয়ালৰ কোনো লোকৰ প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা থাকিলে পৰিয়ালৰ অন্য লোকৰো এই সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
⚡কিছুমান স্বাস্থ্য জনিত সমস্যা যেনে- হৃদৰোগ, শৰীৰত তেজ চলাচল ব্যাহত হোৱা কোনো ৰোগ, মেদবহুলতা, ডায়েবেটিজ ইত্যাদি ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ BPH সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
⚡শাৰীৰিক ব্যায়াম নকৰিলে বা কম পৰিমাণে কৰিলেও এই সমস্যাটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশঙ্কা থাকে।
⚡লিংগ শিথিলতা ৰোগত আক্ৰান্ত ব্যক্তি এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হব পাৰে।
🌟 #প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ ফলত হব পৰা জটিলতা :-
⚡পেচাব একেবাৰে বন্ধ হৈ যোৱা আৰু মূত্ৰ নিষ্কাশন নলী (catheter) অবিহনে পেচাব নহোৱা।
⚡পেচাব কৰিবলৈ অসুবিধা হোৱাৰ ফলত মূত্ৰাশয় পৰা সম্পূৰ্ণ ৰূপে পেচাব খালী নহয়। ইয়াৰ বাবে বাৰে বাৰে পেচাবৰ সংক্ৰমণ হব পাৰে আৰু পেচাবৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা খুব কঠিন হৈ পৰে।
⚡মূত্ৰমাৰ্গ বা পেচাব ওলাই যোৱা ৰাস্তা অৱৰুদ্ধ হৈ যোৱাৰ ফলত মূত্ৰাশয়ত বহু পৰিমাণে পেচাব জমা হৈ থাকে। ফলত মূত্ৰবাহী নলী তথা কিডনি ফুলি যাব পাৰে আৰু পিছলৈ বৃক্ক বিকলতা বা Kinney failure ৰ নিচিনা গম্ভীৰ সমস্যাৰ সৃষ্টি হব পাৰে।
⚡মূত্ৰাশয়ত যিকোনো সময়তে পেচাব জমা হৈ থকাৰ বাবে তাত পাথৰৰ সৃষ্টি হব পাৰে।
⚡অৱশ্যে BPH সমস্যাৰ ফলত পিছলৈ প্ৰষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কম।
🌟 #প্ৰষ্টেট বৃদ্ধি ৰোধ কৰিব পৰা কেইটামান কিটিপ:- প্ৰষ্টেট বৃদ্ধিত বাধা প্ৰদান কৰিবলৈ বা ইয়াৰ লক্ষণ সমূহ কমাই ৰাখিবলৈ আমি কিছুমান সাবধানতা অৱলম্বন কৰিব পাৰো। যেনে -
🌀কিছুমান পুৰুষক অত্যধিক মানসিক চাপত থকা দেখা যায়। যাৰ ফলত তেওঁৰ বাৰে বাৰে পেচাব লগা দেখা যায়। এনে পুৰুষে নিয়মিত ব্যায়ামৰ অভ্যাস গঢ়ি তোলা উচিত তথা ধ্যান কৰা উচিত।
🌀পেচাব কৰোতে অকমান সময় বেছিকৈ লৈ মূত্ৰাশয়ত যাতে পেচাব ৰৈ নাযায় বা কমকৈ পেচাব ৰৈ যায় তাৰ প্ৰতি ধ্যান দিয়া উচিত।
🌀যিকোনো বেমাৰৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ সেৱন কৰা উচিত। কিয়নো তেখেতে ব্যৱহাৰ কৰি থকা ঔষধৰ পৰা পেচাব বেছিকৈ উৎপন্ন হব পাৰে যিয়ে পৰোক্ষভাৱে প্ৰষ্টেট বৃদ্ধিত অৰিহণা যোগাব পাৰে। এনেকুৱা পৰিস্থিতিত চিকিৎসকে সেই ঔষধৰ মাত্ৰা সলনি কৰিবলৈ পৰামৰ্শ দিব পাৰে বা সেই ঔষধৰ সলনি অন্য ঔষধ সেৱনৰ পৰামৰ্শ দিব পাৰে।
🌀সন্ধিয়াৰ পিছত জুলীয়া পদাৰ্থ বিশেষকৈ কেফেইন যুক্ত পানীয় যেনে- চাহ, কফি ইত্যাদি আৰু এলকহল সেৱন নকৰাই ভাল। এই পানীয় বিলাকে মূত্ৰাশয়ৰ মাংসপেশীৰ সহন ক্ষমতাক প্ৰভাৱিত কৰে তথা কিডনিক উত্তেজিত কৰি অধিক পেচাব সৃষ্টি কৰে। যাৰ ফলত ৰাতি বেছিকৈ পেচাব হব পাৰে।
🌟 #পুৰুষ গ্ৰন্থি বৃদ্ধি জানিবলৈ কৰিবলগীয়া পৰীক্ষা সমূহ - সাধাৰণতে ৰোগীৰ লক্ষণৰ ওপৰত ভিত্তি কৰি তলত দিয়া পৰীক্ষা সমূহ কৰাবলৈ পৰামৰ্শ দিয়া হয়।
🌀Digital re**al examination - এইটো পৰীক্ষাত চিকিৎসকে ৰোগীৰ গূহ্যদ্বাৰত আঙুলি সোমাই প্ৰষ্টেট গ্ৰন্থিৰ আকাৰটো পৰীক্ষা কৰে।
🌀পেচাব পৰীক্ষা বা urine test- এই পৰীক্ষাত ৰোগীৰ পেচাবৰ নমুনা বিশ্লেষণ কৰি প্ৰষ্টেট বৃদ্ধিৰ লক্ষণৰ লগত সাদৃশ্য থকা অন্য কোনো ৰোগ বা সমস্যা পৰীক্ষা কৰা হয়।
🌀তেজৰ নমুনা পৰীক্ষা (blood test) - তেজৰ নমুনা পৰীক্ষাৰ দ্বাৰা কিডনি সম্বন্ধীয় ৰোগৰ বিষয়ে জনা যায়।
🌀Prostate specific antigen (PSA) test- PSA হ'ল এবিধ দ্ৰব পদাৰ্থ যিটো পুৰুষ গ্ৰন্থিত উৎপন্ন হয়। যদি পুৰুষ গ্ৰন্থিৰ আকাৰ বৃদ্ধি হয় তেন্তে PSA ৰ মাত্ৰাও বৃদ্ধি পায়। আনহাতে প্ৰষ্টেট গ্ৰন্থিৰ কোনো সংক্ৰমণ বা কৰ্কট ৰোগ হ'লেও PSA ৰ পৰিমাণ বৃদ্ধি হয়।
ইয়াৰ উপৰিও চিকিৎসকে অন্য কিছুমান পৰীক্ষাৰ উপদেশো দিব পাৰে। যাৰ জড়িয়তে প্ৰষ্টেট বৃদ্ধিৰ লগতে ইয়াৰ লগত জড়িত অন্য কোনো সমস্যাৰ বিষয়ে জানিব পৰা যায়। যেনে-
🌀Urinary flow test- এই পৰীক্ষাত ৰোগীক এটা যন্ত্ৰত পেচাব কৰিবলৈ দি পেচাবৰ মাত্ৰা তথা পেচাবৰ গতি পৰীক্ষা কৰা হয়।
🌀Post void residual volume test - এইটো পৰীক্ষাৰ জড়িয়তে মানুহজনে পেচাব কৰাৰ পিছত মূত্ৰাশয়ৰ সমস্ত পেচাব খালী হৈ যায় নে নাযায় সেইটো পৰীক্ষা কৰা হয়।
যদি ৰোগীজনৰ পৰিস্থিতি অধিক জটিল হয় তেন্তে তলৰ পৰীক্ষাসমূহ কৰিবলৈ পৰামৰ্শ দিয়া হয়। যেনে -
🌀Transre**al ultrasound
🌀Prostate biopsy
🌀Urodynamic and pressure flow test
🌀Cystoscopy

🌟 #প্ৰষ্টেট বৃদ্ধিৰ ৰোগীৰ বাবে পথ্যাপথ্য :-
🌀পথ্য - ঘেঁহু, পুৰণি চাউল, মূগ দাইল, কুলথি দাইল, যৱ (barley), নহৰু, হালধী, আদা, ধুন্দুলি, চজিনা, নাৰিকল, তিঁয়হ, তৰমূজ, ধনীয়া, জিৰা, কুঁহিয়াৰ, আঙূৰ, দৈৰ ঘোল তথা পৰ্য্যাপ্ত পৰিমানে পানী সেৱন।
🌀অপথ্য:- মটৰ, মাটি দাইল, পালেং শাক, জাম, সৰিয়হ, তিল তথা অত্যধিক উষ্ণ আৰু মছলাযুক্ত খাদ্য।

#ডা_মুকুল_শৰ্মা
জনহিতাৰ্থে প্ৰচাৰিত
(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)

Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter:https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit:https://www.medicityguwahati.com/

20/08/2020

Digital India ka Digital Khata - Useful app for all shopkeepers and businesses.

The page is represen

09/08/2020
03/08/2020

#ৰক্তহীনতা

বিশ্বৰ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ লোক (অৰ্থাৎ ১.৬২ বিলিয়ন লোক) এনিমিয়াৰ ভুক্তভোগী ৷ ভাৰতবৰ্ষত ৫০ শতাংশ লোকেই এনিমিয়াগ্ৰস্ত ৷ এক ৰাষ্ট্ৰীয় সমীক্ষামতে প্ৰতি দুগৰাকীৰ ভিতৰৰ এগৰাকী মহিলা হ’ল এনিমিয়াৰ ভুক্তভোগী৷ আমাৰ অসমত ৭২ শতাংশ মহিলা ৰক্ত হীনতাৰ সমস্যাত ভুক্ত ভোগী। প্ৰতি ৫ টা প্ৰসৱকালীন মৃত্যুৰ এটাৰ কাৰণ হ’ল এনিমিয়া। প্ৰতি ডেচিলিটাৰত ৮ গ্ৰামৰ তলৰ হিমগ্লবিন থকা মহিলাৰ মৃত্যুৰ সম্ভাৱনা বেছি দেখা যায়৷

#এনিমিয়াত ভুগা সম্ভাৱনা কাৰ বেছি থাকেঃ

সকলো বয়সৰ শিশু, মহিলা, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলা, বৃদ্ধা, আৰু যিকোনো বয়সৰ পুৰুষ এনিমিয়াৰ ভুক্তভোগী হব পাৰে৷

হিমগ্লবিনৰ পৰিমান দেহত স্বাভাৱিক অৱস্থাত কিমান থাকিব লাগেঃ

পুৰুষৰ ১৩.৫ গ্ৰামৰ পৰা ১৭.৫ গ্ৰাম প্ৰতি ডেচিলিটাৰত আৰু

মহিলাৰ ১২ গ্ৰামৰ পৰা ১৫.৫ গ্ৰাম প্ৰতি ডেচিলিটাৰত।

শিশুৰ হিমগ্লবিন ১১ গ্ৰামৰ পৰা ১৩ গ্ৰাম প্ৰতি ডেচিলিটাৰত থাকিব লাগে।

#এনিমিয়াৰ_লক্ষণ:-

এনিমিয়াৰ কাৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ লক্ষণো বিভিন্ন প্ৰকাৰৰ হয়। যেনে- অতিশয় ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰা, অত্যাধিক দুৰ্বলতা, ছাল শেঁতা পৰা বা হালধীয়া ৰঙৰ হোৱা, অনিয়মিত হৃদস্পন্দন, উশাহ নিশাহ চুটি চুটি হোৱা, চকুৰে জিল মিল দেখা, বুকুৰ বিষ হোৱা, ভৰি হাত ঠাণ্ডা পৰি যোৱা আৰু ফুলি উঠা, মূৰৰ বিষ ইত্যাদি।

#কিয়_হয়_ৰক্তহীনতা_বা_এনিমিয়াঃ

এনিমিয়া হলে শৰীৰত হিম'গ্লবিনৰ লগতে লোহিত ৰক্তকণিকাৰো অভাৱ ঘটে। সাধাৰণতে যেতিয়া শৰীৰত পৰ্য্যাপ্ত পৰিমাণৰ লোহিত ৰক্তকণিকাৰ উৎপত্তি নহয় তেতিয়া এনিমিয়া হব পাৰে, যদি কিবা কাৰণত দেহৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ বা ৰক্তক্ষয়ী হয় তেতিয়া এনিমিয়া হব পাৰে, কোনো কাৰণবশতঃ শৰীৰৰ লোহিত ৰক্তকণিকাসমূহ ধ্বংসপ্ৰাপ্ত হৈ গৈ থাকিও এনিমিয়া হব পাৰে।

#এনিমিয়াৰ_প্ৰকাৰঃ

কেইবা প্ৰকাৰৰ এনিমিয়া দেখিবলৈ পোৱা যায় আৰু ইয়াৰ কাৰণো ভিন ভিন হয়। এনিমিয়া ক্ষণস্থায়ী বা দীৰ্ঘম্যাদী হব পাৰে আৰু ইয়াৰ লক্ষণসমূহো কাৰণ অনুযায়ী সাধাৰণৰ পৰা ভয়ানক ধৰণৰ হব পাৰে। কিছুমান এনিমিয়া স্বাস্থ্যসন্মত খাদ্যাভাসৰ জড়িয়তে নিৰাময় কৰিব পৰা যায়।

আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা :-
আটাইটকৈ বেছিভাগ মানুহৰ মাজতেই এই আইৰণৰ অভাৱত হোৱা ৰক্ত হীনতা দেখিবলৈ পোৱা যায়। ৰক্তহীনতা বুলি কলে সাধাৰণতে যিটো ধাৰণা মনলৈ আহে সেইটো হ'ল আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা। আমাৰ শৰীৰত হিম'গ্লবিন উৎপন্ন হবলৈ আয়ৰণৰ প্ৰয়োজন হয়। আয়ৰণ যদি পৰ্য্যাপ্ত পৰিমানে নাপায় আমাৰ শৰীৰে লোহিত ৰক্তকণিকাৰ বাবে প্ৰয়োজনীয় হিম'গ্লবিন উৎপন্ন কৰিবলৈ অক্ষম হয়। অধিক সংখ্যক গৰ্ভৱতী মহিলাই আয়ৰণৰ অভাৱত এনেধৰণৰ ৰক্তহীনতাত ভুগা দেখা যায়।
ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা :-

শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপত্তিৰ বাবে আইৰণৰ উপৰিও ফলিক এচিড আৰু ভিটামিন বি ১২ ৰ প্ৰয়োজন হয়। ভিটামিন বি ১২ আৰু ফলিক এচিডৰ অভাব ঘটিলে আমাৰ শৰীৰে পৰ্য্যাপ্ত লোহিত ৰক্তকণিকা আৰু হিম'গ্লবিন উৎপন্ন কৰিব নোৱাৰে। ভিটামিন বি ১২ ৰ অভাৱত শৰীৰত অন্যান্য সমস্যাই দেখাদিয়ে, ইয়াৰ ভিতৰত-

Megaloblastic anaemia :-

মেগালোব্লাস্তিক এনিমিয়াৰ ফলত উশাহ নিশাহ চুটি চুটি হোৱা, শৰীৰৰ মাংসপেশীৰ দুৰ্বল হোৱা, ছাল শেঁতা পৰি যোৱা, জিভাৰ প্ৰদাহ বা ফোলি যোৱা, খাদ্যৰ প্ৰতি অৰুচি বা ভোক নলগা, শৰীৰৰ ওজন হ্ৰাস হোৱা, ডায়েৰিয়া, বমি বমি ভাব, হৃদস্পন্দন দ্ৰুত হোৱা বা বুকু ঢপ ঢপনী, হাত ভৰিৰ জিনজিননি আৰু অৱস অনুভব কৰা, কেতিয়াবা মেলানিনৰ অধিক নি:সৰণৰ ফলত শৰীৰৰ বিভিন্ন ঠাইৰ ছালত ক'লা ক' লা দাগ হোৱাও দেখা যায়। এই এনিমিয়াত তেজত ভিটামিন বি ১২ বা ফলিক এচিড বা দুইটাৰে অভাৱ ঘটিব পাৰে। পৰ্য্যাপ্ত ভিটামিন বি ১২ আৰু ফলিক এচিড যুক্ত খাদ্য সেৱন নকৰিলে এনেধৰণৰ ৰক্তহীনতাৰ সৃষ্টি হয়।
Pernicious anaemia :-

আমাৰ পাচন তন্ত্ৰৰ ক্ষুদ্ৰান্ত্ৰৰ বেৰত Gastric intrinsic factor বুলি এবিধ Glycoprotein থাকে যিয়ে খাদ্যৰ পৰা পোষকতত্ব শোষণ কৰাত সহায় কৰে। যদি কিবা কাৰণত এই Gastric intrinsic factor ৰ পৰিমাণ কমি যায় তেন্তে ক্ষুদ্ৰান্ত্ৰই পোষকতত্বৰ লগতে ভিটামিন বি ১২ ও শোষিত কৰি লব নোৱাৰে। ফলত শৰীৰত ভিটামিন বি ১২ ৰ অভাৱ পৰিলক্ষিত হয় আৰু ৰক্তহীনতাই দেখাদিয়ে। এই অৱস্থাটোক pernicious anaemia বুলি কোৱা হয়। ইয়াৰ ওপৰিও অন্ত্ৰত হোৱা বিভিন্ন অণুজীৱৰ সংক্ৰমণ, কোনো দীৰ্ঘদিনীয়া গুৰুতৰ ৰোগ, অস্ত্ৰোপচাৰ কৰি পাকস্থলী বা ক্ষুদ্ৰান্ত্ৰৰ কোনো অংশ আতৰাই পেলোৱা, HIV ৰ সংক্ৰমণ ইত্যাদি কাৰণতো এনেধৰণৰ ৰক্তশূণ্যতা হব পাৰে।

ইয়াৰ উপৰিও কিছুমান ঔষধৰ সেৱন যেনে – দীৰ্ঘ দিন ধৰি বিষ নাশক বা পেইন কিলাৰ ঔষধৰ খোৱাৰ ফলত হোৱা গেষ্ট্ৰিক আলচাৰৰ বাবে, অত্যাধিক মদ খোৱাৰ বাবে, অন্ত্ৰত হোৱা কিছুমান বেমাৰ, গেষ্ট্ৰিক বা ডিউডেননামৰ আলচাৰ বা ঘাঁ, স্টমাকৰ গুৰুতৰ বিসংগতি ইত্যাদিৰ বাবেও এই সমস্যা হব পাৰে।

হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলত উৎপন্ন হোৱা ৰক্তহীনতা:-

হাড়ৰ মজ্জাত থকা কিছুমান কোষৰ পৰা আমাৰ শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপত্তি হয়। যদি এনে ধৰণৰ কোষৰ পৰিমান কিবা কাৰণত কমি যায় বা কোষবিলাক বিসংগতি বা আসোঁৱাহপূৰ্ণ হয় বা এই কোষবিলাকৰ ঠাইত অন্য কোনো বিসংগতিপূৰ্ণ কোষৰ সৃষ্টি হয় যেনে- কৰ্কট ৰোগৰ কোষ তেন্তে লোহিত ৰক্তকণিকাৰ সৃষ্টিত ব্যাঘাত জন্মে আৰু ফলত ৰক্তহীনতাৰ সৃষ্টি হয়।

হাড়ৰ মজ্জাৰ বিসংগতিৰ ফলত সৃষ্টি হোৱা ৰক্তহীনতাৰ ভিতৰত হল-
Aplastic anaemia :-

এই ৰক্তহীনতাৰ সমস্যা হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টিকাৰী কোষৰ অতিমাত্ৰা হ্ৰাস বা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত উৎপন্ন হয়। ই জন্মগত হব পাৰে বা কোনো ঔষধৰ সেৱনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও বহ পাৰে, কোনো ৰোগৰ বাবে ৰেডিয়েচন ব্যৱহাৰ কৰা, কেন্সাৰ ৰোগীক কেমো থেৰাপী দিয়াৰ বাবে আৰু হাড়ৰ মজ্জাৰ সংক্ৰমণ বা আঘাতৰ ফলতো এই Aplastic anaemia সৃষ্টি হব পাৰে।

থেলাচেমিয়াঃ
থেলাচেমিয়া এটা জন্মগত ৰক্তবিসংগতি। এই ৰেগ হলে শৰীৰত লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যায় আৰু হিম'গ্লবিনৰো কমকৈ সৃষ্টি হয়। ফলত শৰীৰত ৰক্তহীনতাই দেখাদিয়ে আৰু দেহ কোষবোৰে পৰ্য্যাপ্ত অক্সিজেন যোগান নাপায়।

অন্যান্য সমস্যা বা বেমাৰৰ বাবে হোৱা ৰক্তহীনতাঃ
দীৰ্ঘ দিনীয়া (chronic) কিডনী বিকলতা, হাইপথাইৰডিজিম, কিছুমান কৰ্কট ৰোগ, সংক্ৰমণ জনিত কাৰণতো ৰক্ত শূণ্যতা হব পাৰে, ডায়েবেটিছ, ৰিউমেটইড্ আৰ্থাটিচ্, জীৰ্ণ বা পুৰণি লিভাৰৰ বেমাৰ আদি।

অন্যহাতে হঠাৎ শৰীৰৰ পৰা অস্বাভাৱিক হাৰত ৰক্তক্ষৰণ হোৱা, যেনে- কোনো দুৰ্ঘটনাৰ ফলত হঠাৎ ৰক্তশূণ্যতাই দেখাদিব পাৰে। মহিলাৰ অত্যধিক মাহেকীয়া ঋতুস্ৰাৱৰ ফলত, ৰক্তস্ৰাৱযুক্ত পাইলচ বেমাৰত, মেলিনা, দাঁতৰ গুৰিৰ পৰা হোৱা ৰক্তক্ষৰণ, ulcerative colitis ত পায়খানাৰ লগত সঘনাই তেজ গৈ থাকিলেও ৰক্ত হীনতাৰ সমস্যাই দেখাদিব পাৰে। কিছুমান সংক্ৰমণ (infection)যেনে - viral hepatitis ৰ ফলত হোৱা জণ্ডিচ, কিছুমান ঔষধ সেৱনৰ ফলত , সাপৰ বিষ ইত্যাদিৰ প্ৰভাৱতো ৰক্তশূণ্যতা হব পাৰে।

Sickle cell anaemia:
ই এটা জন্মগত সমস্যা আৰু কেতিয়াবা ভয়ানক ৰূপো লব পাৰে। এই বেমাৰটোত শৰীৰৰ তেজৰ হিম'গ্লবিন বিলাকৰ অস্বাভাৱিক আকৃতি (ইংৰাজী ''C'' বা কাঁছি আকৃতি)ৰ হৈ যায়। ফলত নিৰ্দিষ্ট সময়ৰ আগতে লোহিত ৰক্ত কণিকা সমূহ ধ্বংসপ্ৰাপ্ত হয় আৰু তেজত এই লোহিত ৰক্তকণিকাৰ নাটনি হৈ ৰক্তহীনতাৰ সৃষ্টি হয়।
ইয়াৰ উপৰিও মানুহৰ অন্ত্ৰত (Intestine) ত হোৱা কৃমিৰ বাবেও ৰক্তহীনতাৰ সৃষ্টি হব পাৰে। কাৰণ অন্ত্ৰৰ কৃমি বিলাকে অন্ত্ৰৰ বেৰত থিতাপি লৈ আমাৰ খাদ্যৰ পৰা উৎপন্ন পোষকতত্ব বিলাক শুহি লয় আৰু ইয়াৰ বাবে আমাৰ শৰীৰত ৰক্তহীনতাৰ সৃষ্টি হয় ।

ৰক্তহীনতাৰ বাবে হব পৰা জটিলতাঃ
যদি সঠিকভাৱে চিকিৎসা কৰা নহয় তেন্তে ৰক্তহীনতাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যা বা জটিলতাৰ সৃষ্টি হব পাৰে। ইয়াৰ ভিতৰত-

অতিশয় ভাগৰুৱা হোৱাঃ
অত্যাধিক ৰক্তহীনতাৰ ফলত ব্যক্তি এজন অতিশয় ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু নিজৰ দৈনন্দিন কাম কাজত অসুবিধাৰ সন্মুখীন হব পাৰে।

গৰ্ভাৱস্থাৰ জটিলতাঃ
ফলিক এচিডৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে গৰ্ভৱতী মহিলাৰ এগৰাকীৰ বহুতো জটিলতাৰ সৃষ্টি হব পাৰে। যেনে- সময়ৰ আগতে সন্তান প্ৰসৱ হব পাৰে। লগতে শাৰীৰিক বা মানসিক বিকাৰগ্ৰস্ত সন্তান প্ৰসৱ হোৱাৰ সম্ভাৱনাও বৃদ্ধি হব পাৰে।

হৃদৰোগঃ
ৰক্তহীনতাৰ ফলত দ্ৰুত আৰু অনিয়মিয়া হৃদস্পন্দনৰ সৃষ্টি হব পাৰে। ৰক্তহীনতাৰ ফলত শৰীৰৰ কোষসমূহৰ অক্সিজেনৰ অভাৱ পূৰাবলৈ হৃদপিণ্ডই অধিক হাৰত তেজ পাম্প কৰিবলগীয়া হয়। ইয়াৰ ফলত (cardiomegally) বা হৃদপিণ্ডটো ফোলি যাব পাৰে। অনকি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (heart failure) হৈ যাব পাৰে।

ৰক্তহীনতাৰ বাবে মৃত্যু হব পাৰেঃ
কিছুমান জন্মগত ৰক্তদ্যুষ্টি ৰক্তবিকাৰ যেনে- sickle cell anaemia ৰ ফলত শৰীৰত খুব কম সময়ৰ ভিতৰত অধিক তেজৰ কোষ ধ্বংস হৈ যাব পাৰে। ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে।

প্ৰতিৰোধঃ
বহুতো প্ৰকাৰৰ ৰক্তহীনতা প্ৰতিৰোধ কৰিব পৰা যায়। তেনেদৰে আয়ৰণ আৰু ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা আয়ৰণ আৰু ভিটামিন যুক্ত খাদ্যৰ সেৱনৰ দ্বাৰা দূৰ কৰিব পৰা যায়।

আয়ৰণ যুক্ত খাদ্যৰ ভিতৰত মাংস, বীন, দাইল, সেউজীয়া শাক, শুকান ফল, আমলখি, খেজূৰ ইত্যাদি সেৱনৰ জড়িয়তে এনে ধৰণৰ ৰক্তহীনতা বাধা দি ৰাখিব পৰা যায়।ফলিক এচিড, ফলমূল আৰু ফলমূলৰ ৰস, সেউজীয়া শাক-পাচলি, সেউজীয়া মটৰ, ৰাজমাহ, বাদাম, দাইল ইত্যাদিৰ দ্বাৰা আইৰণৰ অভাৱ পূৰণ কৰিব পৰা যায়।

ভিটামিন বি ১২ সাধাৰণতে মাংস, গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা খাদ্য, ধান বা ঘেঁহুৰ পৰা বনোৱা খাদ্য-শস্য, ছয়াবিন ইত্যাদিত পোৱা যায়।

ভিটামিন চি টেঙা ফল আৰু ফলৰ ৰস যেনে :- আমলখি, নেমু, সেউজীয়া ফুলকবি (broccoli), তৰমুজ, বিলাহী, ষ্ট্ৰবেৰী ইত্যাদিত পোৱা যায়। ই শৰীৰক আয়ৰণ শোষণ কৰাত সহায় কৰে।

পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষাঃ

তেজৰ সম্পূৰ্ণ কোষৰ সংখ্যা নিৰ্ণয় (CBC)
হিম'গ্লবিন নিৰ্ণয়
তেজৰ কোষবিলাকৰ আকাৰ আৰু আকৃতিৰ পৰীক্ষা
ইয়াৰ উপৰিও লক্ষণ অনুসৰি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ দৰকাৰ হয়।

চিকিৎসাঃ

১)আয়ৰণ আৰু ফলিক এচিডৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে আয়ৰণ আৰু ফলিক এচিড পৰিপূৰক (Supplement) দিয়া হয় ।

২)ৰক্তক্ষৰণৰ বাবে হোৱা ৰক্তহীনতাৰ বাবে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ঔষধ দিয়া হয়।

৩)ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে ভিটামিন যুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিয়া হয়। লগতে ঔষধৰো প্ৰয়োগ কৰা হয়।

৪)কোনো জীৰ্ণ বা পুৰণি বেমাৰৰ বাবে হোৱা ৰক্তহীনতাৰ ক্ষেত্ৰত বেমাৰটোৰ চিকিৎসা কৰা হয়।

৫)Aplastic anemia ৰ ক্ষেত্ৰত ৰক্ত সঞ্চৰণ (blood transfusion) ৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে হাড়ৰ মজ্জা সংৰোপিত (bone marrow transplantation) কৰিব লাগিব পাৰে।

৬)হাড়ৰ মজ্জাৰ কোনো সমস্যাৰ বাবে হোৱা ৰক্তহীনতাত কেমো থেৰাপীৰ লগতে হাড়ৰ মজ্জা সংৰোপনৰ পৰামৰ্শ দিয়া হয়।

৭)ৰক্তকণিকা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত হোৱা ৰক্তহীনতাৰ বাবে কাৰণ অনুযায়ী চিকিৎসা কৰিব লাগে।
তেনেদৰে sickle cell anemia আৰু থেলাচেমিয়াৰ ক্ষেত্ৰত বিভিন্ন ঔষধ, ৰক্ত সঞ্চৰণ, হাড়ৰ মজ্জা সংৰোপন ইত্যাদি চিকিৎসা ব্যৱহাৰ কৰা হয়।

ডা.হৰিকান্ত দাস।
*জনহিতাৰ্থে প্ৰচাৰিত
(বি:দ্ৰ - আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। পেজলৈ আহি লাইক কমেন্ট শ্বেয়াৰ কৰক। আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)

01/08/2020

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া কলাকৃষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share