অসমীয়া বিভাগ, জেডিএছজি কলেজ

  • Home
  • অসমীয়া বিভাগ, জেডিএছজি কলেজ
Website

অসমীয়া বিভাগ, জেডিএছজি কলেজ Official page of Assamese Department, JDSG College, Bokakhat

কলাগুৰুৰ স্মৃতিচাৰণ আৰু ৫৭ সংখ্যক বিষ্ণু ৰাভা দিৱস উদ্‌যাপন আজি ২০ জুন, ২০২৬ তাৰিখে জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বি...
20/06/2026

কলাগুৰুৰ স্মৃতিচাৰণ আৰু ৫৭ সংখ্যক বিষ্ণু ৰাভা দিৱস উদ্‌যাপন

আজি ২০ জুন, ২০২৬ তাৰিখে জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC)-ৰ সহযোগত অসমৰ সুপুত্ৰ, মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ৫৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে মহাবিদ্যালয়ৰ 'ডিজিটেল ১' কক্ষত দিনৰ ১১ বজাৰ পৰা 'বিষ্ণু ৰাভা দিৱস' অতি গাম্ভীৰ্যপূৰ্ণভাৱে উদ্‌যাপন কৰা হয়।

অনুষ্ঠানটিৰ উদ্বোধক হিচাপে উপস্থিত থাকি শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ শ্ৰীযুত প্ৰশান্ত শইকীয়া দেৱে। আভ্যন্তৰীণ মান নিৰূপণ কোষৰ (IQAC) হৈ এক সাৰুৱা বক্তৃতা প্ৰদান কৰে সমন্বয়ক ড° মনালিছা বৰগোহাইয়ে। লগতে, কলাগুৰুৰ জীৱন আৰু কৰ্মৰাজিক সুঁৱৰি এক সুন্দৰ বক্তৃতা আগবঢ়ায় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা শ্ৰীযুতা ৰাস্না পাদি পেগুৱে।

এই পবিত্ৰ দিনটোৰ লগত সংগতি ৰাখি আয়োজন কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় আৰু বিচাৰ প্ৰক্ৰিয়াত আমাক সহযোগ কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড° শান্তিছায়া বৰুৱা আৰু শ্ৰীযুত শশাংক ধৱল শইকীয়াই।

🏆 কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ফলাফল:
উক্ত প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে স্থান লাভ কৰা প্ৰতিযোগীসকল হ'ল—
🥇 প্ৰথম স্থান : বেবী বৰা (একাদশ শ্ৰেণী)
🥈 দ্বিতীয় স্থান : জ্যোতিস্মা ভূঞা (ষষ্ঠ ষান্মাসিক)
🥉 তৃতীয় স্থান : ৰিম্পী হাজৰিকা (দ্বিতীয় ষান্মাসিক)

বিজয়ী ছাত্ৰ-ছাত্ৰীসকললৈ অসমীয়া বিভাগৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা জ্ঞাপন কৰিলোঁ। 💐

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ আছিল বিশেষভাৱে উল্লেখযোগ্য। অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী শ্যামলী দাসে ৰাভা বিষয়ক এটি সুন্দৰ ভাষণ প্ৰদান কৰাৰ লগতে এটি কবিতা পাঠ কৰে। লগতে, ষষ্ঠ ষান্মাসিকৰ ৰাজশ্ৰী শইকীয়া আৰু প্ৰবীণ শৰ্মাই ৰাভাৰ গীতৰ তালে তালে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। 🎶💃

অনুষ্ঠানটোৰ সুন্দৰভাৱে আঁত ধৰে অসমীয়া বিভাগৰ ড° টুলুমনি গগৈয়ে। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ৰাভা দেৱৰ দ্বাৰা অংকিত ছবি প্ৰদৰ্শন কৰি তেখেতৰ বহুমুখী প্ৰতিভাৰ বিষয়ে অৱগত কৰে বিভাগৰ সহকাৰী অধ্যাপক ড° বিকাশ চেতিয়াই। শেষত, অনুষ্ঠানটোত উপস্থিত সকলো অধ্যাপক অধ্যাপিকাৰ লগতে ছত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি বিভাগৰ হৈ শলাগৰ শৰাই আগবঢ়ায় শ্ৰীযুত কৃষ্ণ ৰংপিয়ে।

জয়তু অসমীয়া বিভাগ,
জয়তু জে ডি এছ জি মহাবিদ্যালয়

১৯ জুন, ২০২৬ তাৰিখে জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শৈক্ষিক যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা হ'ল। ছাত্ৰ-ছাত্ৰীৰ উ...
20/06/2026

১৯ জুন, ২০২৬ তাৰিখে জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শৈক্ষিক যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা হ'ল। ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত আৰু শৈক্ষিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমীয়া বিভাগ আৰু নাহৰজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত এখন আনুষ্ঠানিক 'বুজাবুজিৰ চুক্তি' (MoU) স্বাক্ষৰিত হৈছে। 🤝✨

এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে অনাগত দিনত দুয়োখন শিক্ষানুষ্ঠানৰ মাজত ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে বিভিন্ন শৈক্ষিক, বৌদ্ধিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যসূচী যৌথভাৱে ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আমি আশাবাদী যে এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

নাহৰজান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকে:

🔹 নাহৰজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক শ্ৰীযুত দিগন্ত হাজৰিকা ছাৰকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী।

🔹 জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা শ্ৰীযুতা ৰাস্না পাডি পেগু বাইদেউৰ লগতে বিভাগৰ অন্যান্য সহকাৰী অধ্যাপক-অধ্যাপিকাসকল।

এই মহৎ উদ্দেশ্যত আমাৰ সৈতে সহযোগ কৰাৰ বাবে নাহৰজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আজি কাৰ্বি আংলং জিলাৰ ডলামৰাস্থিত বাপুৰাম টক...
23/05/2026

জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আজি কাৰ্বি আংলং জিলাৰ ডলামৰাস্থিত বাপুৰাম টকবি আদৰ্শ গাঁৱত এক ক্ষেত্ৰ অধ্যয়নত অংশগ্ৰহণ কৰে। এই ক্ষেত্ৰ অধ্যয়নৰ মূল উদ্দেশ্য আছিল স্থানীয় লোক-সংস্কৃতি, সামাজিক জীৱনধাৰা, পৰম্পৰা আৰু জনগোষ্ঠীয় ঐতিহ্যৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান আহৰণ কৰা।

অধ্যয়নকালত ছাত্ৰ-ছাত্ৰীসকলে গাঁওখনৰ সামগ্ৰিক পৰিৱেশ, লোকাচাৰ, ধৰ্মীয় বিশ্বাস, পৰম্পৰাগত জীৱনশৈলী আদিৰ বিষয়ে স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰে। লগতে গাঁওখনৰ ঐতিহাসিক আৰু সাংস্কৃতিক দিশসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰি বাস্তৱমুখী শিক্ষাৰ অভিজ্ঞতা লাভ কৰে।

এই ক্ষেত্ৰ অধ্যয়নে শিক্ষাৰ্থীসকলক পাঠ্যভিত্তিক জ্ঞানৰ উপৰিও সমাজ-সংস্কৃতিৰ সৈতে ওচৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।

📢 নামভৰ্তি চলি আছে | অসমীয়া বিভাগ 📢🎓 জে.ডি.এছ.জি. মহাবিদ্যালয়, বোকাখাতঅসমীয়া বিভাগত চাৰি বছৰীয়া স্নাতক (FYUGP) পাঠ্যক্ৰম...
13/05/2026

📢 নামভৰ্তি চলি আছে | অসমীয়া বিভাগ 📢
🎓 জে.ডি.এছ.জি. মহাবিদ্যালয়, বোকাখাত

অসমীয়া বিভাগত চাৰি বছৰীয়া স্নাতক (FYUGP) পাঠ্যক্ৰমৰ অন্তৰ্গত স্নাতক প্ৰথম ষান্মাসিক (1st Semester)-ত নামভৰ্তি চলি আছে।

📚 অসমীয়া ভাষা-সাহিত্যৰ গভীৰ অধ্যয়ন, আধুনিক শিক্ষণ পদ্ধতি আৰু গৱেষণাৰ সুযোগেৰে সমৃদ্ধ আমাৰ বিভাগত শিক্ষাৰ্থীসকলৰ বাবে এক উৎকৃষ্ট শিক্ষাৰ পৰিৱেশ উপলব্ধ।

✅ সুবিধাসমূহ:
✔ বিভাগীয় পুথিভঁৰালৰ সুবিধা
✔ ডিজিটেল শ্ৰেণীকক্ষৰ সুবিধা
✔ AI-ৰ জৰিয়তে পাঠ্যবিষয়ৰ শিক্ষণ
✔ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণাৰ সুযোগ

📌 নামভৰ্তিৰ বাবে যোগাযোগ কৰক:
📞 কৃষ্ণ ৰংপি – 8638571850
📞 বিকাশ চেতিয়া – 7002119219

📍 জে.ডি.এছ.জি. মহাবিদ্যালয়, বোকাখাত

#অসমীয়া_বিভাগ #নামভৰ্তি_চলি_আছে

21/04/2026

আজি #বীৰাংগনা_সাধনী_দিৱস। এই দিৱস বা ৰাণী গৰাকীৰ বীৰত্বৰ বিষয়ে জানিবলৈ হ'লে আমি পোণ প্ৰথমতে চুতীয়া ৰাজ্যৰ অন্তিম খন ৰণৰ বিষয়ে জানিব লাগিব। সেই বাবে তলত এই ৰণৰ ব্যাখ্যা আৰু সাধনীৰ ত্যাগৰ বৰ্ণনা এটা দাঙি ধৰা হৈছে। পঢ়ি ভাল‌ পালে কৰিব।

সেই‌ সয়মত চুতীয়া ৰাজ্য বৰ্তমানৰ অসমৰ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, বিশ্বনাথ, মাজুলী জিলাকে ধৰি‌ শিৱসাগৰ জিলাৰ এটা অংশ আৰু অৰুণাচল প্ৰদেশৰ ভৈয়াম আৰু দাতিকাষৰীয়া অঞ্চলত বিস্তৃত হৈ আছিল। আহোম ৰাজ্য বৰ্তমানৰ চৰাইদেউ জিলা, শিৱসাগৰৰ বাকী অঞ্চল (দিখৌ নৈৰ উত্তৰৰ) আৰু ডিব্ৰুগড়-তিনিচুকীয়াৰ পাটকাই দাতিকাষৰীয়া অঞ্চলত বিয়পি আছিল। বিখ্যাত ইতিহাসবিদ Amalendu Guhaৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ মধ্যযুগৰ সকলো ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যখনে আটাইতকৈ উন্নত আৰু প্ৰগতিশীল ৰাজ্য আছিল।

==চুতীয়া-আহোমৰ যুদ্ধৰ কাৰণ==
চন আছিল ১৫১২ খৃষ্টাব্দ। আহোম ৰজা চুহুংমুঙে নিজ ৰাজ্য এৰি দিহিং পাৰ হৈ (সেই সময়ত মাজুলী দ্বীপ সৃষ্টি হোৱা‌ নাছিল আৰু দিহিং নৈ বৰ্তমানৰ মাজুলীৰ দক্ষিণৰ ব্ৰহ্মপুত্ৰ সুতি আছিল) চুতীয়াৰ হাবুঙৰ প্ৰদেশৰ পানবাৰী অঞ্চলত প্ৰৱেশ কৰে আৰু আগতে বামুণীয়া কোঁৱৰক তূলি লোৱা বামুণ পৰিয়ালটোক নিজৰ লগত‌ লয়। সেই সময়ত হয়তো হাবুং অঞ্চল ১৪২৮ চনৰ চুতীয়া তামৰ ফলিত উল্লেখিত হাবুঙাধিপতি বৃহৎপাত্ৰৰে কোনোবা উত্তৰাধিকাৰী এজনে শাসন কৰি আছিল। বামুণ জনক সোণৰ লগুণ উপহাৰ দি হাতী-ঘাহী অধিকাৰী পাতি কেতৰ নাম দিয়ে। চুতীয়া ৰজাৰ কাণত খবৰটো পৰিল যদিও, আহোম সৈন্যই আক্ৰমণ নকৰি কেৱল ব্ৰাহ্মণজনকহে লগ কৰাত, তেওঁ তৎক্ষণাত আক্ৰমণ কৰিবলৈ আগবাঢ়া নাছিল; বৰঞ্চ উপযুক্ত সুযোগৰ অপেক্ষাত আছিল। এই বিষয়ে সাতসৰী বুৰঞ্জীত উল্লেখ আছে,"সেই‌সেই সময়ত চুতীয়াৰ ধীৰনাৰায়ণ ৰজাৰ মানুহে আমাৰ মানুহক ঘালিবৰ মনে ছল-ছন্দ কৰি ছিদ্ৰ চাই ছদ্মৰূপে ফুৰিছিল"।
পানবাৰীত থকাৰ সময়ত আহোম ৰজাই সেনা বাহিনীৰ কিছুমানক দিহিং নৈত মাছ ধৰিবলৈ পঠিয়াই। দিহিঙত ডাঙৰ বৰালী ধৰিবলৈ লওঁতে চুতীয়াই আহোম সেনাক দেখে। দিহিং নৈ চুতীয়া আৰু আহোম ৰাজ্যৰ সীমা আছিল, উত্তৰত চুতীয়া ৰাজ্য আৰু দক্ষিণত আহোম ৰাজ্য। চুতীয়াৰ পানীত মাছ ধৰিছে বুলি গম পাই মাণিক চন্দ্ৰ বৰুৱাই (সম্ভৱতঃ এইজন দিহিং উপত্যকাৰ শাসনকৰ্তা আছিল) মানু্হ পঠিয়াই। কিন্তু আহোম সকলে মাছৰ লগতে চুতীয়া মানু্হকো ধৰি নিয়ে। এই কথা মাণিক চন্দ্ৰ বৰুৱাই ধীৰনাৰায়ণ ৰজাৰ জোৱাঁই নিতাইক জনাই। নীতিপালৰ পৰা ধীৰনাৰায়ণে খবৰ পাই যে আহোম সেনাই দিহিঙৰ সীমা নামানি চুতীয়া নৈৰ মাছ ধৰি নিলে। এই সুযোগ পাই ধীৰনাৰায়ণ ৰজাই আহোমৰ লগত যুদ্ধ কৰিবলৈ মন কৰে।

==দিখৌ-মুখৰ ৰণ==
ধীৰনাৰায়ণ ৰজাই ১৫১৩ চনত লুইতে দি আহি দিখৌমুখত কোঠ পাতে। সেই সময়ত দিখৌ মুখ আজিৰ দিনৰ কলিয়াবৰ-কাজিৰঙা ওচৰত আছিল। চুতীয়া সেনাই দিখৌ মুখ অঞ্চলত পচলা গড় নিৰ্মাণ কৰে। তাৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকটা অঞ্চলৰ নঙকামুঙ বিলৰ পাৰত কোঠ পাতে। চেৰুৱাকটাৰ পৰা এখিনি সেনা বৰনাঁৱত উঠি চিৰা আটি অঞ্চললৈ যায় (সম্ভৱতঃ আজিৰ দিনৰ মাজুলীৰ চিৰি আটি)। চুহুংমুঙে চাও-চুখ্ৰিং আৰু ৰাইলুঙীয়া গোহাঁইক সৈন্য দি চুতীয়াৰ বৰনাঁৱ ধৰিবলৈ সেনা পঠিয়াই। তাৰ পাছত তেওঁ চেৰুৱাকটাৰ চুতীয়া সেনাক আক্ৰমণ কৰে। চুতীয়া সেনাই শত্ৰুৰ শক্তিৰ অনুমান নাপায় যুদ্ধত পৰাজয় হব লগিয়া হয়। এই যুদ্ধত ৪ হাজাৰ চুতীয়া সৈনিক স্বহীদ হয় আৰু ৩ হাজাৰ বন্দী হয়। বন্দী সকলৰ মূৰ কাটি আহোম ৰজাই মুণ্ডমালা বান্ধিলে। সাতসৰী বুৰঞ্জীৰ অনুসৰি চুতীয়া সেনা দিখৌমুখৰ পৰা উজাই আহিছিল আৰু ডিব্ৰুমুখৰ তিনিমুণি অঞ্চলত ৫ দিন পুণৰ এখন ৰণ হৈছিল, য'ত মাণিকচন্দ্ৰ বৰুৱা, ৰজাৰ ভায়েক ঢেলা আৰু বৰহুলৈ বৰুৱাই ভাগ লৈছিল। যুদ্ধত মাণিকচন্দ্ৰ বৰুৱাৰ গাত কাড় লাগিছিল আৰু বৰহুলৈ বৰুৱাকে প্ৰমুখ কৰি চুতীয়া সেনা পিছ হুঁহকি শদিয়ালৈ আহিলে। ডিব্ৰুমুখৰ এই যুদ্ধৰ কথা কিন্তু অন্য বুৰঞ্জীত উল্লেখ কৰা হোৱা নাই, গতিকে এয়া পাছত হোৱা দিহিংমুখৰ দ্বিতীয়খন ৰণৰ বৰ্ণনাও হ'ব পাৰে যিখনত চুতীয়া সেনা পৰাস্ত হোৱাৰ পাছত আহোম সেনাই ডিব্ৰুমুখত গড় নিৰ্মাণ কৰিছিল।
যুদ্ধৰ পৰাজয়ৰ ফলত দিখৌ মুখত বাকী থকা চুতীয়া সেনা সেই অঞ্চলৰ পৰা ঘূৰি আহে আৰু পানবাৰী আহোমৰ হাতলৈ যায়। তাৰ পাছত ১৫১৯ চনত চুহুংমুঙ হাবুঙৰ পৰা দিহিংমুখ অঞ্চল লৈ আহে আৰু তাত এটা কোঠ/দুৰ্গ নিৰ্মাণ কৰে। তেতিয়াৰ দিহিংমুখ আজিৰ দিনৰ পশ্চিম মাজুলী অঞ্চল হয়।

==দিহিং-মুখৰ প্ৰথম ৰণ==
১৫২০ চনত চুতীয়া সেনাই এইবাৰ আকৌ ভটিয়াই আহি আহোমৰ নতুনকৈ নিৰ্মিত দিহিংমুখৰ দুৰ্গ(মৌঙখ্ৰাঙ) আক্ৰমণ কৰে। যুদ্ধত চুতীয়া সেনা জয়ী হয় আৰু আহোম সেনাপতি খেনমোঙক মাৰি আহোম সেনাক সেই অঞ্চলৰ পৰা খেদি পঠিয়াই। ফলত দিহিংমুখৰ কোঠ চুতীয়াৰ হাতলৈ যায়।

==নীতিপালৰ ৰাজত্ব==
ইয়াৰ পাছতে ১৫২২ চনত ধীৰনাৰায়ণ ৰজাই হাবুং অঞ্চলৰ (বৰ্তমান ঢকুৱাখনা) ব্ৰাহ্মণক ভূমি দান কৰি সাধনী আৰু নিতাই ৰাজ্য ভাৰ দিয়ে। ৰজা হৈ নিতায়ে নীতিপাল নাম লয়। দেওধাই বুৰঞ্জীৰ অনুসৰি ৰজা ধীৰনাৰায়ণে ৰাজ্য ভাৰ এৰি জামাতাক যুৱৰাজ পাতি, আপোন পুত্ৰ তিনি বছৰৰ শিশু সাধক নাৰায়ণক নীতিপালৰ হাতত সমৰ্পন কৰি দেশান্তৰিত হয়। সামান্য ‌চুতীয়া ল'ৰা ৰজা হোৱাত ৰাজবংশৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতে ক্ষুণ্ণ ‌হৈ পৰে। এই লোক সকলে নিত্যপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামে। এই ষড়যন্ত্ৰৰ মূল নায়ক ধীৰনাৰায়ণ ৰজাৰ ভায়েক সুৰজিৎ ওৰফে সুৰধ্বজপাল আছিল। ষড়যন্ত্ৰ সফল নহ'ল। নীতিপালে তেওঁৰ বিশ্বাসী চোৰাংচোৱাৰ পৰা সকলো কথা জানিব পাৰি ষড়যন্ত্ৰত লিপ্ত বিষয়াক ভাঙি নতুন মন্ত্ৰী বিষয়া নিয়োগ কৰে। পূৰ্ব্বৰ পাত্ৰ মন্ত্ৰী গুচাই সামান্য পাত্ৰ-মন্ত্ৰী পাতি লʼলে। সূৰধ্বজপালক ধৰি আনিবৰ বাবে কাচিতৰা সেনাপতিক পঠায়। কিন্তু সুৰধ্বজ দেশ এৰি পলাই যোৱাত সেই কাম সম্ভৱ নহ'ল। নীতিপালৰ দিনত নাৰায়ণ নামৰ এজন বৰসেনাপতি আৰু ৰঘূবীৰ তথা কাচিতৰা সহসেনাপতি আছিল বুলি জনা যায়। কিন্তু সময়ত নীতিপালৰ শাসন দুৰ্বল হৈ পৰে। পূৰ্বৰ সাধাৰণ বংশৰ লগৰীয়া সকলক ৰাজ্যৰ বিষয়-বাব দিবলৈ ধৰাৰ ফলত সম্ভ্ৰান্ত বংশৰ লোকৰ বিশ্বাস আৰু আনুগত্য হেৰুৱাব লগা হয়। দোষ গুণৰ সুবিচাৰ নকৰি হকে-বিহকে প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱাৰ বাবেই‌ নীতিপাল প্ৰজাৰ মাজত অনীতিপাল বুলি খ্যাত হৈ পৰে।

==দিহিং-মুখৰ দ্বিতীয় ৰণ==
চুতীয়া ৰাজ্যৰ দুৰৱস্থাৰ বাতৰি আহোম ৰজা চুহুন্মুংৰ কাণত পৰিল। ফলত সেই বছৰৰ শেষৰ পিনে(১৫২২ চন) তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। প্ৰথমতে মাজুলীৰ নঙকঙমোঙ বীলৰ ওচৰলৈ আহি তেওঁ দিহিঙমুখত(বৰ্তমানৰ পশ্চিম মাজুলী অঞ্চল) কোঠ দি থকা চুতীয়াক আক্ৰমণ কৰিবলৈ সেনা পঠায়। যুদ্ধৰ নেতৃত্বত থকা বৰগোহাঁয়ে চুতীয়া সেনাক দিহিং মুখৰ পৰা পুবলৈ ঠেলি নিয়ে আৰু লাচাই-টাই নামৰ এজনক চুতীয়াৰ পৰা সংগ্ৰহ কৰা বৰ-নাঁৱত উঠাই ৰজাৰ ওচৰলৈ পঠায়। সেই সময়ত ৰজা বীলৰ পৰা আগ বাঢ়ি আহি চেৰুৱাকতা নামৰ অঞ্চল এটাত আছিল। চুহুংমুঙে লাচাই-টাইক যুদ্ধৰ খবৰ লয়। লাচাই-টাই ৰজাক জনাই যে চুতীয়া সৈন্য লুইত(টিলাও) নৈ‌ ওচৰৰ অঞ্চলৰ লগতে ডিব্ৰুমুখৰ(চোপ-নাম-টিফাও) পানীত কোঠ পাতি আছে। ইয়াৰ পাছতে হয়টো আগতে উল্লেখ কৰি অহা ডিব্ৰুগড় ৰণখন সংঘটিত হয়।

==ডিব্ৰু-মুখ/ডিব্ৰুগড়ৰ ৰণ==
১৫২৩ চনৰ কাতি মাহত চুহুংমুঙৰ আদেশত ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে নিজৰ সমস্ত সৈন্য বাহিনী লয় ডিব্ৰুমুখলৈ আগ বাঢ়ি আহি তাত এটা গড় নিৰ্মাণ কৰে। চুহুংমুঙে চৰাইদেউ লৈ আহি ভগৱানৰ ওচৰত বলি আগ বঢ়ায়। ১৫২৩ চনৰ আঘোণ মাহত চুহুংমুঙে সৈন্য বাহিনী লয় আগ বাঢ়ি চেঁচামুখত কোঠ দিয়ে। নীতিপালে গড় বন্ধাৰ খবৰ পাই শদিয়াৰ পৰা লাৰুপাৰা(বৰ্তমান চাবুৱাৰ ওচৰৰ) লৈ আগ বাঢ়ি আহে। তাৰ পৰা তেওঁ শত্ৰুক দেশৰ পৰা খেদিবলৈ বুঢ়া বৰুৱাৰ নেতৃত্বত ডিব্ৰুমুখ লৈ সৈন্য বাহিনী পঠিয়ায়। সম্ভৱতঃ এজন ডিব্ৰু উপত্যকাৰ শাসনকৰ্তা আছিল। চুতীয়া সেনাপতি জনে ৰজাৰ আদেশ মতে ডিব্ৰুগড় আক্ৰমণ কৰে। আনপিনে চুহুংমুঙেও ডিব্ৰুমুখলৈ আহি যুদ্ধত ভাগ লয়। ফ্ৰাচেনমুঙ বৰগোহাঁই আৰু কিঙলুন বুঢ়াগোহাঁই ৰাজমন্ত্ৰীয়ে একলগ হৈ পথে দি আগ বাঢ়ি চুতীয়াৰ নৌ বাহিনীক আক্ৰমণ কৰে। চুতীয়াৰ নৌ সেনাৰ নেতৃত্বত আছিল কাচিতৰা, চুলুকী চেতিয়া (GC Baruaৰ বুৰঞ্জীত এলেঙী চেতিয়া বুলি কোৱা হৈছে) আৰু বৰপাত্ৰ নামৰ তিনিজন সেনাপতি। বৰপাত্ৰ জন সম্ভৱতঃ সোৱণশিৰি উপত্যকাৰ তথা হাবুঙৰ শাসনকৰ্তা আছিল, যিজনক তামৰ ফলিত হাবুঙাধিপতি বৃহৎ পাত্ৰ বুলি উল্লেখ কৰা হৈছে। কাচিতৰা আছিল লুইত উপত্যকাৰ শাসনকৰ্তা। যুদ্ধত চুতীয়া সেনা পৰাস্ত হয়। পিছ দিনা চুহুংমুঙ ৰজাই গড়ত থকা সকলো মন্ত্ৰী ডাঙৰীয়া আৰু সেনাক লগত লৈ আগ বাঢ়ি সোণাৰী অঞ্চলত (বৰ্তমান কাকপথাৰ অঞ্চল) সোমায়।

==নীতিপালৰ সন্ধি প্ৰস্তাৱ==
ইয়াকে দেখি নীতিপালে আহোম ৰজা লৈ কটকীৰ সৈতে কিছুমান উপহাৰ পঠায়। উপহাৰ সমূহৰ মাজত আছিল সোণৰ ‌কেৰু(তং-ৰু-খাম), সোণোৱালী‌ মেখেলা(চিন-খাম), কপাহী কাপোৰ(ফ্ৰা-নোন), পাটি, ইত্যাদি। সকলো উপহাৰ গ্ৰহণ কৰিও চুহুংমুঙে চুতীয়া ৰাজ সম্পদ(সোণ-ৰুপৰ মেকুৰী, সোণ-ৰুপৰ ছত্ৰ, ৰাজকীয় খাট আৰু ৰাজ দণ্ড), ১০টা দতাল হাতী, এজনী মাখুন্দী হাতী আৰু এজনী ছোৱালী বিচাৰি পঠায়। নীতিপালে ছোৱালী আৰু হাতী দিবলৈ মান্তি হয় যদিও ৰাজকীয় সম্পদ পূৰ্বপুৰুষৰ সম্পত্তি বুলি দিবলৈ নিবিচাৰে। ইয়াৰ বিপৰীতে এক মাহৰ পাছত সোণ-ৰুপৰ জাপি (কোপ-খাম-ঙেন), সোণৰ আঙঠি (খোপ-খাম), সোণৰ তোম (লিউ-খাম), সোণৰ ছত্ৰ (চাং-খাম), সোণৰ খাৰু (মাউ-খাম), সোণৰ থগা (খু-টিন-খাম), হাতী, ঘোঁৰা, হাতীৰ দাতৰ পাটি, কটাৰী আৰু পানীকমলী কাপোৰ দি পঠায়। সমান্তৰাল ভাৱে নীতিপালে লুইতৰ পাৰত এটা দুৰ্গ নিৰ্মাণ কৰিবলৈ লয় আৰু তাতে থাকে। দুৰ্গ নিৰ্মাণৰ কথা শুনি, ৰাজসম্পদ নাপায় আৰু লগতে উপহাৰৰ মাজত কটাৰী দেখি চুহুংমুঙ ৰজাই শদিয়াপুৰ আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰে।

==শদিয়াৰ ৰণ==
১৫২৪ চনৰ বহাগত লুইত নৈ পাৰ হৈ শদিয়া(সধয়াপুৰ) আক্ৰমণ কৰে। ব'হাগ মাহৰ বিহুৰ দিনা শদিয়া আক্ৰমণ কৰা হৈছিল। বিহুৰ দিনা শদিয়াৰ চাৰি শালত বৰ-বলি আয়োজন কৰা হয়, যʼত দেউৰী পূজাৰীৰ বাহিৰে অন্য লোকে হাতত অস্ত্ৰ লোৱাতো বৰ্জিত আছিল। আজিও এই বৰবলিৰ নিয়ম শদিয়া অঞ্চলৰ থান সমূহত পালন কৰা হয়। সেই সময়ত সৌমাৰ খণ্ডত একমাত্ৰ চুতীয়া সকলৰ মাজত হে খাৰ-বাৰুদ বা হিলৈ-বৰটোপৰ প্ৰচলন আছিল। সেই বাবে হয়তো আক্ৰমণকাৰী সকলে বিহুৰ বতৰত আক্ৰমণ কৰিবলৈ নিৰ্ণয় কৰি লৈছিল। বুৰঞ্জী সমূহৰ মতে সেই সময়ত নীতিপালে পুখুৰী এটাও খন্দাই আছিল। শদিয়াৰ দুৰ্গত কৰা আক্ৰমণ সহিব নোৱাৰি নীতিপাল চন্দনগিৰি লৈ গুচি আহে আৰু কাচিতৰা দৈথাং পৰ্বতত উঠে।

==চন্দনগিৰি আৰু দৈথাং পৰ্বতৰ ৰণ==
চুহুংমুঙে শদিয়াৰ বৰনগৰত থাকি ফ্ৰাচেংমুঙ বৰগোহাঁই আৰু কিঙলুন ৰাজমন্ত্ৰীক(বুঢ়াগোহাঁই) চন্দনগিৰি লৈ আক্ৰমণ কৰিবলৈ পঠায়। আনহাতে কনচেং ধনুদাৰী গোহাঁইক (চাও-চঙ কুঙ-ৰিণ) কাচিতৰাৰ লগত যুঁজিবলৈ দৈথাং পৰ্বতৰ নগৰলৈ (বৰ্তমানৰ ভীষ্মক নগৰ) পঠায়। চন্দনগিৰিৰ ওচৰত চুতীয়া ৰজাৰ তামুলী গজৰাই বৰুৱাক আহোম বাহিনীয়ে বন্দী কৰে‌ আৰু চুতীয়া ৰজা ৰাণীৰ আত্মগোপন কৰি থকা ঠাইৰ বিষয়ে ক'বলৈ বাধ্য কৰোৱাই। তেওঁ আহোম বিষয়াসকলক জনাই যে চুতীয়া ৰজা ৰাণীয়ে চন্দনগিৰিৰ এখন পাহাৰীয়া নৈৰ ওচৰত আশ্ৰয় লয় আছে।

==সাধনী ৰাণীৰ বীৰত্ব==
চন্দনগিৰি পৰ্বতত উঠিবৰ কাৰণে আহোম সেনাই আপ্ৰাণ চেষ্টা চলাইও সফল নহয়। চুতীয়া সেনাই ওপৰৰ পৰা শিল বগৰাই বহুতো আক্ৰমণকাৰীৰ বধ কৰে। সাতসৰী আৰু অসম বুৰঞ্জীৰ (SM)ৰ পৰা জনা যায় যে সেই সময়ত সাধনী ৰাণী গৰ্ভৱতী আছিল। GC Baruaৰ আহোম ভাষাৰ বুৰঞ্জীৰ পৰা জনা যায় যে ৰজাৰ লগত তেওঁৰ পুত্ৰ এজনো আছিল। এই দুগৰাকী লোক নাইবা ধীৰনাৰায়ণ আৰু নীতিপাল বা নীতিপাল আৰু তেওঁৰ পুত্ৰ হ'ব পাৰে। উল্লেখযোগ্য যে নীতিপাল সাধনীৰ বিয়া ১৫১২ৰ আগতেই হৈ গৈছিল কাৰণ অসম বুৰঞ্জী(SM)ৰ অনুসৰি ১৫১৩ চনত ধীৰনাৰায়ণক আহোমৰ বিষয়ে তেওঁৰ জোঁৱায়েকে খবৰ দিছিল। সাধনীৰ লগৰ ১২০ গৰাকী কুঁৱৰীয়েও শিলা কুচাই বিৰোধী পক্ষৰ সৈনিকক মাৰে। আহোম সৈন্য চন্দনগিৰি পৰ্বতত উঠিবলৈ সক্ষম নহৈ পিছুৱাই আহিব লগাত পৰে আৰু এজন চুতীয়া সৈনিকক লগত ধৰি আনে। ইয়াৰ পাছত আক্ৰমণকাৰী সকলে ৰননীতি কৰি পৰ্বতৰ তিনিফালে বেৰি ধৰিব লয়। ফ্ৰাচেংমুঙ বৰগোহাঁই কিছু লোকক ঘিলা গছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। হয়তো এই সকল আগতে ধৰি অনা‌ চুতীয়া বন্দী আছিল। আগৰ দিনত ঢোল বজোৱাটো যুদ্ধত জয়ৰ প্ৰতীক আছিল। ঢোল বজাই বিজয়ৰ কথা জনাই দিয়া হয়। সেই বাবে পাহাৰৰ ওপৰত উঠি থকা ৰজা ৰাণীয়ে বিহুৰ বতৰত ঢোলৰ মাত শুনি বাহিৰলৈ উলাই আহে আৰু তিনিও ফালৰ পৰা শত্ৰুৰ আক্ৰমণৰ বলি হয়। নীতিপালে শত্ৰুৰ গালৈ কাড় মাৰিবলৈ লয় যদিও বিৰোধী পক্ষৰ জানমোঙখাম হাতীবৰুৱাৰ (ফু-কে-চং) কাড় লাগি মৃত্যু বৰণ কৰে। সাধনীয়ে নিজৰ মহিলা সৈন্য বাহিনীক লগত লয় যুঁজ দিয়ে যদিও শেষত পৰাস্ত হৈ চন্দনগিৰিৰ পৰা জাপ মাৰে। চুতীয়া বুৰঞ্জীত সাধনীয়ে আত্মবলিদান কৰিছিল বুলি আছে যদিও আন কিছু বুৰঞ্জীত তেওঁৰ গাত যাঠি লাগিছিল বুলি উল্লেখ আছে। Edward Gaitৰ‌ A History of Assamত উল্লেখ কৰা‌ মতে ৰাণীৰ মৃত্যু যাঠী লাগি হৈছিল। GC Baruaৰ Ahom Buranjiত ৰাণীৰ(নাঙ-লুং) বিষয়ে দিয়া আছে যদিও এই অংশৰ অনুবাদ দিয়া হোৱা নাই। অংশটোত "টিং" শব্দৰ উল্লেখ চাই ক'ব পাৰি যে ইয়াতো ৰাণীৰ গাত "যাঠী" লগাৰ কথাই উল্লেখ আছে। "পুৰণি অসম বুৰঞ্জীৰ অনুসৰি কোঁৱৰী কিছুমানক কাটিছিল আৰু কিছুমানক ধৰি আনিছিল। অসম বুৰঞ্জী(SM)ৰ মতে আহোম সেনাই সাধনীৰ মৃত শৰীৰৰ পৰা কঁকালত পিন্ধা সোণৰ কঙ্কালি লয় আনি শদিয়াৰ থানলৈ আনিছিল, কিন্তু তাত কিছুমান চুতীয়াই আক্ৰমণ কৰি লাপিত ফাংত্যাং দেওধাই নামৰ এজনক বধ কৰিছিল। অন্য বুৰঞ্জী সমূহত এই অংশত ৰানী সাধনীৰ(নাঙ-লুং) কথা উল্লেখ কৰা হোৱা নাই। যিকি নহওক এই তথ্য পৰাও ৰানী সাধনীয়ে আত্মসমৰ্পণ নকৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথাহে পোহৰলৈ আনে, কাৰণ আত্মসমৰ্পণ কৰা হ'লে তেওঁক যাঠি মাৰি আক্ৰমণ কৰা নহ'ল হয়। আনপিনে কাচিতৰাক কনচেঙে দৈথাং পৰ্বতত পৰাস্ত কৰে। বৃটিছ বিষয়া ET Dalton‌ আৰু W.B.Brownৰ অনুসৰি নীতিপাল-সাধনীৰ আখ্যান কিম্বদন্তি ৰূপত মিচিং আৰু দেউৰী লোকৰ মাজতো প্ৰচলিত আছিল।
চুতীয়া ৰজা নীতিপাল, তেওঁৰ পুত্ৰ আৰু কাচিতৰা তিনিওৰে মূৰ চন্দগিৰি আৰু দৈথাঙৰ পৰা কাটি আনি শদিয়াত থকা চুহুংমুঙৰ আগত প্ৰস্তুত কৰা হয়। ৰজা আৰু পুত্ৰৰ মূৰ কেইটা নচোৱাই পৰ্বতত মুণ্ডামালা বান্ধি শেষত চৰাইদেউৰ শালৰ খটখটিত পোতি থোৱা হয়।

==চুতীয়া ৰাজ্যত পোৱা সম্পদ==
চুতীয়া ৰাজ্যৰ পৰা কমাৰ, সোণাৰি, কমাৰ, কুমাৰ, কহাৰ, তাতি, খনিকৰ, বাঢ়ৈ, বামুণ, কায়স্থ, গণক, কলিতা, ইত্যাদি বহুতো ভিন্ন ভিন্ন‌‌ বৃক্তিকৰ লোক পোৱা‌ গৈছিল। ইয়াৰ বহুতো লোকক ৰজাই নিজৰ ৰাজধানী লৈ লয় আনে। তিনি হাজাৰ চুতীয়া কমাৰক চুহুংমুঙ ৰজাই যোৰহাট জিলাৰ বছাৰ পিনে আৰু তাৰে উজনি অঞ্চলত বহুৱাইছিল। ইয়াৰ বাহিৰে শদিয়াত বহুতো সম্পদ যেনে সোণৰ মাইহাং, কেকুৰা দোলা,‌‌ কলাই খাৰ,‌‌ সোণৰ তিনিচুকীয়া সিংহাসন, খাট, ভোগজৰা, বেলা, জাপি, পিকদান, আৰোৱান, দবা, কালি, হিলৈ, বৰটোপ (মিঠাহুলোং),‌ হিলৈ-তোলা চৰা নাও, চুতীয়া ধেনু, বৰধেনু, বাৰু-বৰ্চা, ইত্যাদি পোৱা গৈছিল। বহুতো ঘোৰা, গৰু-মʼহ আৰু হাতীও লাভ কৰা হৈছিল। সম্পদ সমূহ শদিয়াৰ পৰা দিহিং নৈয়ে দি ৰাজধানী‌ লৈ অনা হয় ‌আৰু পাছলৈ চাৰিং অঞ্চলত ৰখা হয়। চুতীয়া ৰাজ্য দখল কৰা পাছত আহোম সকলে প্ৰথম বাৰৰ বাবে মিৰি, মিচিমি, আবৰ, দফলা, ইত্যাদি পাহাৰীয়া জাতিৰ সম্পৰ্কত আহে।

==চুতীয়া ভূমিৰ বিতৰণ==
শদিয়া ৰাজধানী শাসন কৰিবলৈ ফ্ৰাচেংমুঙ বৰগোহাঁইক তিনিশ সৈনিক দিয়া হৈছিল। শদিয়া আৰু দিহিং অঞ্চলত নতুনকৈ আহোম ৰাজ্যৰ মানুহ আনি থাকিবলৈ দিয়া হয়। ‌চুতীয়া ৰাজ্যৰ প্ৰদেশ সমূহ ভাল দৰে শাসন কৰিবলৈ বহুতো নতুন পদবী সৃষ্টি কৰা হয়।
১৫২৬ চনত চাওচেং কুঙৰিন (ধনুধৰিয়া গোহাঁই)‌ কনচেঙক থাওমৌঙ মৌঙ-তেও (ভটিয়লীয়া গোহাঁই বা নামনিয়াল সন্দিকৈ[58]) পতা হয়। এইজনক হাবুঙ অঞ্চলত ৰখা হয় আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশ্বনাথৰ, লখিমপুৰ আৰু ধেমাজি শাসন কৰিবলৈ দিয়া হয়।‌ একেই বছৰতে থাওমৌঙ বানলুং (বানলুঙীয়া গোহাঁই) খেওখেনক থাওমৌঙ লৌঙ-ক্লং (দিহিঙীয়া গোহাঁই)‌ পতা‌ হয়। সেই‌ সময়ত দিহিং নৈ পাটকাইৰ পৰা ডিগবৈ, দিহিং-পাটকাই অৰণ্য, তিপাম,‌ নাহৰকটীয়া, মৰাণহাট, চেপন, বকতা, চৰগুৱা হৈ ব্ৰক্ষ্মপুত্ৰৰ সমান্তৰাল ভাৱে বৈ গৈ পশ্চিম মাজুলী/বোকাখাত অঞ্চলত ব্ৰক্ষ্মপুত্ৰত পাৰিছিল। এইজন গোহাঁইক দিহিং প্ৰদেশ অৰ্থাৎ মাজুলী, উত্তৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু দক্ষিণ তিনিচুকীয়া লৈকে শাসন‌ কৰিবলৈ দিয়া হয়।

১৫২৬ চনত হোৱা চুতীয়া বিদ্ৰোহৰ ফলত ডিব্ৰুগড়ত নতুন এখন প্ৰদেশ গঠন কৰি ১৫২৭ত চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হয়, যাতে ১৫২৬ৰ দৰে শদিয়া অঞ্চলত পুনৰ বিদ্ৰোহ হ'লে ডিব্ৰু প্ৰদেশৰ সেনাই শদিয়া বাহিনীৰ সহযোগ কৰিব পাৰে। ইয়াৰ উপৰিও একেই‌ সময়তে কিংলুন বুঢ়াগোহাঁইক "থাও-মুঙ-বঙেন" পাতি তিনিচুকীয়া অঞ্চল শাসন(সোণাৰীৰ পৰা লুইতৰ লৈকে) কৰিবলৈ দিয়া হয়। শদিয়াৰ মহং (নগা পাহাৰৰ মহঙতকৈ পৃথক) অঞ্চলৰ লোণৰ খাট ৰক্ষা কৰিবলৈ "থাও-মুঙ-বক্লাঙ" বা‌ হাটখোৱা গোহাঁই নিযুক্ত কৰা হৈছিল। বুৰঞ্জীৰ পৰা জনা যায় যে ১৫২৯ চনত হোৱা চুতীয়া বিদ্ৰোহত দুয়োজন গোহাঁই (ফ্ৰাচেংমুঙ বৰগোঁহাই আৰু কিংলুন বুঢ়াগোহাঁই) একেলগে শদিয়া-তিনিচুকীয়া অঞ্চলতে শাসন কৰি আছিল। একেই বছৰৰে(১৫২৭) শেষৰ পিনে কনচেঙক ভটিয়লীয়া গোহাঁইৰ পৰা নতুন পদবী‌ "চাও-চেঙলুং"‌(ৰাজমন্ত্ৰী) দিয়া হয়। পূৰ্বতে ৰাজমন্ত্ৰী পদবীটো বৰগোঁহাই বা বুঢ়াগোহাঁই এজনক দিয়া হৈছিল। ৰাজমন্ত্ৰী পাতি চুহুংমুঙে কনচেঙক দুয়োজন‌ গোহাঁইৰ লগত একেই শাৰিতে ৰাখি সমমৰ্যাদা দিছিল।
চুতীয়াৰ বৰপাত্ৰ পদবীটো চুহুংমুঙৰ‌ দিনটো অব্যাহত আছিল। চুক্লেংমুঙ(চুহুংমুঙৰ পুত্ৰ) ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ এজনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণজন বেহাৰলৈ পলাই যায়। এই বৰপাত্ৰ জন হয়টো পুৰণি চুতীয়া বৰপাত্ৰ জনেই আছিল (ডিব্ৰাৰুগড় ৰণত আত্মসমৰ্পণ কৰিব পাৰে) বা‌ একেই পৰিয়ালৰ লোক আছিল‌‌। তেওঁৰ মৃত্যুৰ পাছতে হয়টো "চাও-চেঙলুং" আৰু "বৰপাত্ৰ" উপাধি দুটা মিলি "বৰপাত্ৰগোঁহাই" হিচাপে জনাজাত হয়।‌

এই‌ সকলো কথাৰ পৰা সহজে ধৰিব পাৰি যে চুহুংমুঙে পূৰ্বৰ চুতীয়া বিষয়া সকলৰ ঠাইতেই একো একোটা নতুন পদবী গঠন কৰিছিল। চুতীয়া বৰপাত্ৰৰ ঠাইত প্ৰথমতে ভটিয়লীয়া গোহাঁই আৰু পাছলৈ বৰপাত্ৰ গোহাঁই, মাণিক চন্দ্ৰ বৰুৱাৰ ঠাইত দিহিঙীয়া গোহাঁই, ডিব্ৰুৰ বুঢ়া বৰুৱাৰ ঠাইত চাওলুং চুলিঙ আৰু শদিয়া-তিনিচুকীয়াত কাচিতৰা বৰুৱা বা ৰজাৰ ঠাইত দুয়ো প্ৰমুখ গোহাঁই। ইয়াৰ পাছত দিহিঙৰ পাৰৰ বকতাত নতুন ৰাজধানী এখন নিৰ্মাণ কৰা হয়।(copied)

21/03/2026

Whatsapp ত পোৱা তথ্যখিনি গত লগাই ৰাখিলোঁ।

ইচ্ছা কৰিলে share কৰিব পাৰে।

*সাহিত্য অকাডেমী বঁটা বিজয়ী গ্ৰন্থ আৰু গ্ৰন্থাকাৰ :১৯৫৫ পৰা ২০২৫ লৈ*

১৯৫৫ - যতীন্দ্ৰ নাথ দুৱৰা : বনফুল (কবিতা সংকলন)
১৯৬০ - বেণুধৰ শৰ্মা : কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (স্মৃতিকথা)
১৯৬১ - বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য : ঈয়াৰুইঙ্গম (উপন্যাস)
১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱা : অসমৰ লোক-সংস্কৃতি (গদ্য, লোক-সংস্কৃতি বিষয়ক)
১৯৬৬ - অম্বিকাগিৰি ৰায়চৌধুৰী : বেদনাৰ উল্কা (কবিতা সংকলন)
১৯৬৭ - ত্ৰৈলোক্য নাথ গোস্বামী : আধুনিক গল্প সাহিত্য (গদ্য, সাহিত্য সমালোচনা)
১৯৬৮ - নলিনীবালা দেৱী : অলকানন্দা (কবিতা সংকলন)
১৯৬৯ - অতুল চন্দ্ৰ হাজৰিকা : মঞ্চলেখা (গদ্য, অসমীয়া মঞ্চ-নাট বিষয়ক)
১৯৭০- লক্ষ্মীনাথ ফুকন : মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ (স্মৃতিকথা)
১৯৭২ - চৈয়দ আব্দুল মালিক : অঘৰী আত্মাৰ কাহিনী (উপন্যাস)
১৯৭৪ - সৌৰভ কুমাৰ চলিহা : গোলাম (গল্প সংকলন)
১৯৭৫ - নৱকান্ত বৰুৱা : ককাদেউতাৰ হাড় (উপন্যাস)
১৯৭৬ - ভবেন্দ্ৰ নাথ শইকীয়া : শৃংখল (গল্প সংকলন)
১৯৭৭ - আনন্দ চন্দ্ৰ বৰুৱা : বকুল বনৰ কবিতা (কবিতা সংকলন)
১৯৭৮ - হোমেন বৰগোহাঞি : পিতা-পুত্ৰ (উপন্যাস)
১৯৭৯ - ভবেন বৰুৱা : সোণালী জাহাজ (কবিতা সংকলন)
১৯৮০ - যোগেশ দাস : পৃথিৱীৰ অসুখ (গল্প সংকলন)
১৯৮১ - নীলমণি ফুকন : কবিতা (কবিতা সংকলন)
১৯৮২ - মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী) : মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (উপন্যাস)
১৯৮৩ - নিৰ্মলপ্ৰভা বৰদলৈ : সুদীৰ্ঘ দিন আৰু ঋতু (কবিতা সংকলন)
১৯৮৪ - দেবেন্দ্ৰ নাথ আচাৰ্য : জংগম (উপন্যাস)
১৯৮৫ - কৃষ্ণকান্ত সন্দিকৈ : কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ (সাহিত্য সমালোচনা)
১৯৮৬ - তীৰ্থনাথ শৰ্মা : বেণুধৰ শৰ্মা (জীৱনী)
১৯৮৭ - হৰেকৃষ্ণ ডেকা : আন এজন (কবিতা সংকলন)
১৯৮৮ - লক্ষ্মীনন্দন বৰা : পাতাল ভৈৰৱী (উপন্যাস)
১৯৮৯ - হীৰেন গোহাঁই : অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা (গদ্য)
১৯৯০ - স্নেহ দেৱী : স্নেহ দেৱীৰ একুঁকি গল্প (গল্প সংকলন)
১৯৯১ - অজিৎ বৰুৱা : ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (কবিতা সংকলন)
১৯৯২ - হীৰেণ ভট্টাচাৰ্য : শ‍ইচৰ পথাৰ মানুহ (কবিতা সংকলন)
১৯৯৩ - কেশৱ মহন্ত : মোৰো যে কিমান হেঁপাহ (কবিতা সংকলন)
১৯৯৪ - শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) : মধুপুৰ বহুদূৰ (গল্প সংকলন)
১৯৯৫ - চন্দ্ৰপ্ৰসাদ শইকীয়া : মহাৰথী (উপন্যাস)
১৯৯৬ - নিৰুপমা বৰগোহাঞি : অভিযাত্ৰী (উপন্যাস)
১৯৯৭ - নগেন শইকীয়া : আন্ধাৰত নিজৰ মুখ (গল্প সংকলন)
১৯৯৮ - অৰুণ শৰ্মা : আশীৰ্বাদৰ ৰং (উপন্যাস)
১৯৯৯ - মেদিনী চৌধুৰী : বিপন্ন সময় (উপন্যাস)
২০০০ - অপূৰ্ব শৰ্মা : বাঘে টাপুৰ ৰাতি (গল্প সংকলন)
২০০১ - মহিম বৰা : এধানী মাহীৰ হাঁহি (উপন্যাস)
২০০২ - নলিনীধৰ ভট্টাচাৰ্য : মহৎ ঐতিহ্য (গদ্য)
২০০৩ - বীৰেশ্বৰ বৰুৱা : অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা (কবিতা সংকলন)
২০০৪ - হীৰেন্দ্ৰ নাথ দত্ত : মানুহ অনুকূলে (কবিতা সংকলন)
২০০৫ - য়েছে দৰজে ঠংচি : মৌন ওঁঠ মুখৰ হৃদয় (উপন্যাস)
২০০৬ - অতুলানন্দ গোস্বামী : চেনেহ জৰীৰ গাঁঠি (গল্প সংকলন)
২০০৭ - পূৰবী বৰমুদৈ : শান্তনুকুলনন্দন (উপন্যাস)
২০০৮ - ৰীতা চৌধুৰী : দেও লাংখুই (উপন্যাস)
২০০৯ - ধ্ৰুৱজ্যোতি বৰা : কথা ৰত্নাকৰ (উপন্যাস)
২০১০ - কেশদা মহন্ত : অসমীয়া ৰামায়ণী সাহিত্য : কথাবস্তুৰ আঁতিগুৰি (গদ্য সাহিত্য বিষয়ক)
২০১১ - কবীন ফুকন : এই অনুৰাগী এই উদাস (কবিতা সংকলন)
২০১২ - চন্দনা গোস্বামী : পাটকাইৰ ইপাৰে মোৰ দেশ (উপন্যাস)
২০১৩ - ৰবীন্দ্ৰ সৰকাৰ : ধূলিয়ৰি ভৰিৰ সাঁচ (কবিতা সংকলন)
২০১৪ - অৰূপা পটংগীয়া কলিতা : মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (গল্প সংকলন)
২০১৫ - কুল শইকীয়া : আকাশৰ ছবি আৰু অন্যান্য গল্প (গল্প সংকলন)
২০১৬ - জ্ঞান পূজাৰী : মেঘমালাৰ ভ্ৰমণ (কবিতা সংকলন)
২০১৭ - জয়ন্ত মাধৱ বৰা : মৰিয়াহোলা (উপন্যাস)
২০১৮ - সনন্ত তাঁতি : কাইলৈৰ দিনটো আমাৰ হ'ব (কবিতা সংকলন)
২০১৯ - জয়শ্ৰী গোস্বামী মহন্ত : চাণক্য (উপন্যাস)
২০২০ - অপূৰ্ব কুমাৰ শইকীয়া : বেংছতা (চুটিগল্প সংকলন)
২০২১ - অনুৰাধা শৰ্মা পূজাৰী : ইয়াত এখন অৰণ্য আছিল (উপন্যাস)
২০২২ - মনোজ কুমাৰ গোস্বামী : ভুল সত্য (গল্প সংকলন)
২০২৩ - প্ৰণৱজ্যোতি ডেকা : ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প (গল্প সংকলন)
২০২৪ - সমীৰ তাঁতী : ফৰিংবোৰে বাটৰ কথা জানে (কবিতা সংকলন)
২০২৫ - দেৱব্ৰত দাস : *কড়ি খেলাৰ সাধু*(উপন্যাস)

নিযুত বাবু আঁচনিৰ চেক বিতৰণ ২০২৬
26/02/2026

নিযুত বাবু আঁচনিৰ চেক বিতৰণ ২০২৬

বিভাগৰ প্ৰাক্তন ছাত্ৰী ডিম্পী বৰাই শেহতীয়াকৈ (Dec 2025)ঘোষণা হোৱা NET পৰীক্ষাত অৱৰ্তীণ হৈ  পি. এইচ.ডি পাঠ‍্যক্ৰমত নামভৰ্...
05/02/2026

বিভাগৰ প্ৰাক্তন ছাত্ৰী ডিম্পী বৰাই শেহতীয়াকৈ (Dec 2025)ঘোষণা হোৱা NET পৰীক্ষাত অৱৰ্তীণ হৈ পি. এইচ.ডি পাঠ‍্যক্ৰমত নামভৰ্তিৰ বাবে যোগ‍্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে... বহুত বহুত অভিনন্দন ডিম্পী

22/12/2025

Address


Opening Hours

Monday 09:00 - 17:00
Tuesday 09:00 - 17:00
Wednesday 09:00 - 17:00
Thursday 09:00 - 17:00
Friday 09:00 - 17:00
Saturday 09:00 - 17:00

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ, জেডিএছজি কলেজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your university to be the top-listed university?

Share