30/12/2024
২৯॥১২॥২০২৪ তাৰিখ ৰবিবাৰে জাগীৰোড শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ মৌচম ময়ুৰ শইকীয়া আৰু ছাত্ৰী গৰিমা ডেকাই কমলানন্দ ভট্টাচাৰ্য্য দেৱৰ চৰাই হালধীয়া গীতটি পৰিৱেশন কৰে। গীতটিৰ সামগ্ৰিক পৰিচালনা সুৰ দেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পৱন চন্দ্ৰ গগৈ দেৱৰ। বাদ্য সঙ্গত কৰে, তবলাত চিত্তৰঞ্জন মুদৈ, গিটাৰত দিঠক কোঁৱৰ আৰু হাৰমনিয়ামত তানসেন কুমাৰ তিমুং ।