Krishnaguru Mahavidyalaya

Krishnaguru Mahavidyalaya Established 18 August, 1992
A Spiritual College that transform youth to different levels through Spiritualism. Come join us and build your personality.

05/09/2026

SHIKSHAGURU SEWA DIVAS
Krishnaguru Mahavidyalaya

05/09/2026

একক, অনন্য, পৃথক কৃষ্ণগুৰু মহাবিদ্যালয়।
আজি পবিত্ৰ শিক্ষক দিৱসৰ ক্ষণত এইদৰে শিক্ষাগুৰু সকলক শ্ৰদ্ধা ভক্তিৰে সেৱা জনাইছে কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে।
______________

Krishnaguru Mahavidyalaya

সোঁৱৰণি_____________________Krishnaguru Mahavidyalaya
21/08/2026

সোঁৱৰণি_____________________
Krishnaguru Mahavidyalaya

News UpdateKrishnaguru Mahavidyalaya
19/08/2026

News Update
Krishnaguru Mahavidyalaya

কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন:গুৰুকুলীয়া আদৰ্শৰে মানৱ সম্পদ গঢ়াৰ অবিৰত যাত্ৰা_______________...
18/08/2026

কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন:
গুৰুকুলীয়া আদৰ্শৰে মানৱ সম্পদ গঢ়াৰ অবিৰত যাত্ৰা
_____________________________________

বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত নসত্ৰত অৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। ১৯৯২ চনৰ ১৮ আগষ্ট তাৰিখে পৰম আৰাধ্য কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ মানস পুত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খনে ইতিমধ্যে শিক্ষাৰ ক্ষেত্ৰখনত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
সম্পূৰ্ণ গুৰুকুলীয়া পদ্ধতিৰে আৱাসিকভাৱে পৰিচালিত এই শিক্ষানুষ্ঠানখন আন সাধাৰণ মহাবিদ্যালয়তকৈ বহুখিনি ব্যতিক্ৰম। ছাত্ৰ-ছাত্ৰীসকলক কেৱল পুথিগত শিক্ষাই নহয়, তাৰ লগতে আধ্যাত্মিক জ্ঞান প্ৰদান কৰি দেশৰ একো একোজন সু-নাগৰিক হিচাপে গঢ়ি তোলাটোৱেই আছিল গুৰুজনাৰ মূল উদ্দেশ্য। আত্মাপ্ৰেম আৰু একাত্মাবোধৰ ভাৱেৰে শিক্ষাৰ্থীসকলৰ নৈতিক, চাৰিত্ৰিক তথা বৌদ্ধিক উৎকৰ্ষ সাধন কৰি পূৰ্ণাংগ মানুহ হিচাপে গঢ়ি তোলাটোৱেই এই অনুষ্ঠানৰ মূল লক্ষ্য।
কলা আৰু বাণিজ্য—এই দুয়োটা বিভাগ থকা মহাবিদ্যালয়খনৰ শৈক্ষিক যাত্ৰা প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত অচ্যুত চন্দ্ৰ ডেকাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অধ্যক্ষসকলৰ বলিষ্ঠ নেতৃত্বত বৰ্তমানলৈকে সফলতাৰে আগবাঢ়ি গৈছে।
বিশেষকৈ প্ৰাক্তন অধ্যক্ষা শ্ৰদ্ধাৰ কল্যাণী ডেকাৰ কাৰ্যকালত মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণ আছিল উল্লেখনীয়। তেওঁৰ দিনত ৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। সেইসকল ক্ৰমে: জোনমণি ফুকন ৫ম স্থান, দিব্যজ্যোতি দাস ৪ৰ্থ স্থান, উৰ্বশী তেতিয়া ৩য় স্থান, অলকা দাস ১ম স্থান, জগমোহন কলিতা ৫ম স্থান, কৃপাময় দাস ১০ম স্থান।
কৃষ্ণগুৰু সেৱাশ্ৰমৰ বৰ্তমানৰ গুৰুজনা তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ দূৰদৰ্শী নেতৃত্ব আৰু কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ পৰিচালনাত বৰ্তমান কৃষ্ণগুৰু শিক্ষাপৰিষদৰ অন্তৰ্গত প্ৰতিটো শৈক্ষিক প্ৰতিষ্ঠানেই দেশৰ বুকুত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটো মহাবিদ্যালয় কৰ্তৃপক্ষই অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰে। পুৱাৰে পৰা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত পুৱা ৪ বজাত উষা কীৰ্তনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত পুৱা ৮ বজাত মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড৹ মানিক চন্দ্ৰ বৰ্মনে আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে। ৯ বজাত আধ্যাত্মিক পৰিৱেশৰ মাজত ভাগৱত পাঠ আৰু ১০ বজাত কৃষ্ণগুৰু শিক্ষাপৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীয়ে বৃক্ষ ৰোপণ কৰে।
শেষত কৃষ্ণগুৰু বিজ্ঞান প্ৰযুক্তি বিদ্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নাৰায়ণ চন্দ্ৰ বৰুৱাই প্ৰচীৰ পত্ৰিকা উন্মোচন কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধক্ষ নিৰ্মল দাস প্ৰমুখ্যে কৃষ্ণগুৰু মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

জয় কৃষ্ণগুৰু🙏🏻
জয়তু কৃষ্ণগুৰু মহাবিদ্যালয়🙏🏻

কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ!Krishnaguru Mahavidyalaya
17/08/2026

কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
Krishnaguru Mahavidyalaya

80th Independence Day Celebration 🇮🇳The teachers, faculty members, and students of KrishnaGuru Mahavidyalaya celebrated ...
15/08/2026

80th Independence Day Celebration 🇮🇳
The teachers, faculty members, and students of KrishnaGuru Mahavidyalaya celebrated the 80th Independence Day with great enthusiasm, unity, and patriotic spirit.
Jai Hind! 🇮🇳

03/08/2026
আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ দ্বাৰা মহাবিদ্যা...
05/06/2026

আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কৃষ্ণগুৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ দ্বাৰা মহাবিদ্যালয় প্ৰাঙ্গন, মহাবিদ্যালয়ৰ ছাত্ৰাৱাস-ছাত্ৰী নিবাসত গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মাণিক চন্দ্ৰ বৰ্মনে।
পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত 'পৰিৱেশ সংৰক্ষণ' ত যুৱ সম্প্ৰদায়ৰ ভূমিকা শিতানত এক ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলৰ সন্তোষজনক সহাঁৰি লাভ কৰা হয়।

“Inspired by Nature. For Climate. For Our Future.”

Krishnaguru Mahavidyalaya

Address

Nasatra
Barpeta

Website

Alerts

Be the first to know and let us send you an email when Krishnaguru Mahavidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share