প্ৰাক্তন ছাত্র ভাৰতী, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী

  • Home
  • India
  • Barpeta
  • প্ৰাক্তন ছাত্র ভাৰতী, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী

প্ৰাক্তন ছাত্র ভাৰতী, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন, সৰ?

কালি দুৰ্দান্ত বলিঙেৰে মন মুহিলে আমাৰ প্ৰাক্তন ছাত্ৰই । দীঘল ৰাণ আপ, কঠিন বাউন্স তথা আউটষ্টেণ্ডিং চুইং । কিপ ইট আপ ষ্টেল...
05/08/2026

কালি দুৰ্দান্ত বলিঙেৰে মন মুহিলে আমাৰ প্ৰাক্তন ছাত্ৰই । দীঘল ৰাণ আপ, কঠিন বাউন্স তথা আউটষ্টেণ্ডিং চুইং । কিপ ইট আপ ষ্টেলিয়নছ ।






নিষ্ঠুৰ নদীৰ কালৰূপ আৰু ভয়াৱহ আৰ্তনাদৰ মাজত আজি আমি নিজকে বৰ অসহায় অনুভৱ কৰিছোঁ। শিৱসাগৰীয়া ৰাইজৰ বুকুত এতিয়াও মাৰ যো...
29/07/2026

নিষ্ঠুৰ নদীৰ কালৰূপ আৰু ভয়াৱহ আৰ্তনাদৰ মাজত আজি আমি নিজকে বৰ অসহায় অনুভৱ কৰিছোঁ। শিৱসাগৰীয়া ৰাইজৰ বুকুত এতিয়াও মাৰ যোৱা নাই মৰ্মান্তিক যন্ত্ৰণা। আজি দিনটো তেওঁলোকৰ কাষতে অতিবাহিত কৰিলোঁ আৰু সাধ্যানুসৰি সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। এয়া হয়তো পৰ্যাপ্ত নহয়, কিন্তু এক আন্তৰিক প্ৰয়াস আছিল। আমি সকলোৱে মিলি তেওঁলোকৰ হাতত অলপ সকাহ তুলি দিলোঁ। চাৰিওফালে কেৱল এক ভয়াল পৰিৱেশ, জীৱনত কাহানিও নেদেখা এক কৰুণ দৃশ্য!

আকৌ সুস্থিৰ হওক সকলো ।

এই চেগতে আমাৰ প্ৰাক্তন ছাত্ৰদ্বয় পংকজ ডেকা আৰু অবিনাশ লহকৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ । আমি চিৰ ঋণী হৈ ৰম শিৱসাগৰৰ পৰাগ,হৃদয়,দীক্ষিত,সৌৰভ,দিপাংকৰ, মাইনা,সেউজ,বিশ্ব আৰু সাগৰৰ প্ৰতি ।

বিতৰণ কৰা সামগ্ৰীসমূহৰ তালিকা:
১) খোৱা পানী
২) চেনিটেৰী পেড
৩) ব্লিচিং পাউদাৰ
৪) ফিনাইল
৫) বিস্কুট
৬) গাখীৰ
৭) চকলেট
৮) স্কুল বেগ - ডাঙৰ আৰু সৰু আকাৰৰ
৯) মুড়ি
১০) মহ খেদা ধূপ
১১) অ’আৰএছ
১২) ডেটল চাবোন
১৩) গামোচা / টাৱেল
১৪) কলম
১৫) চাদৰ মেখেলা

ধন্যবাদ, জয় আই অসম ।

29/07/2026

জুবিন দাৰ গান আৰু কাম; সদায়েই আমাৰ প্ৰেৰণাৰ উৎস!

29/07/2026

বান সাহায্য বিতৰণ- শিৱসাগৰ!

অলপ সহায়ৰ প্ৰয়োজন!কাইলৈ যিহেতু শিৱসাগৰ জিলাত বিতৰণৰ কথা ভবা হৈছে, কোনোবাই যদি কিবা দিব বিচাৰে আজিৰ ভিতৰতেই দিবলৈ অনুৰো...
28/07/2026

অলপ সহায়ৰ প্ৰয়োজন!

কাইলৈ যিহেতু শিৱসাগৰ জিলাত বিতৰণৰ কথা ভবা হৈছে, কোনোবাই যদি কিবা দিব বিচাৰে আজিৰ ভিতৰতেই দিবলৈ অনুৰোধ জনালোঁ।

An appeal to everyone:
Please contribute whatever you can. Every donation, no matter how small, can make a difference 🙏





27/07/2026

যোৱাকালি, 26 জুলাই তাৰিখে বনগাঁও'ত হৈ যোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰ কাৰ্য্যসূচীৰ কিয়দাংশ!

প্ৰাক্তন ছাত্ৰ-ভাৰতী, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন,সৰ্থেবাৰী আৰু 'সংকল্প'ৰ যৌথ উদ্যোগত বজালীৰ বনগাঁওত আয়োজন কৰা বি...
26/07/2026

প্ৰাক্তন ছাত্ৰ-ভাৰতী, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন,সৰ্থেবাৰী আৰু 'সংকল্প'ৰ যৌথ উদ্যোগত বজালীৰ বনগাঁওত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো সফলতাৰে সম্পন্ন হৈ গ'ল।

আজিৰ এই শিবিৰত অঞ্চলটোৰ ৫০ জনৰো অধিক ৰাইজে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ সংগ্ৰহ কৰে।

ৰাইজৰ অভূতপূৰ্ব সঁহাৰি, উপস্থিতি আৰু সহযোগিতাই আমাৰ এই জনকল্যাণমূলক প্ৰচেষ্টাক সাৰ্থক কৰি তুলিলে। শিবিৰটো সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰা চিকিৎসক সমন্বিততে গোটেই মেডিকেল টীমটোক তথা ' বনগাঁও' গাওঁৰ "গাওঁবুঢ়া'ক আৰু উপস্থিত সকলো ৰাইজলৈ আমাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

অনাগত দিনবোৰতো এনেধৰণৰ সমাজসেৱামূলক কাম-কাজত আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতা সদায় কামনা কৰিলোঁ।




Congratulations 🎉
10/04/2026

Congratulations 🎉

আটাইলৈ শুভকামনা।
10/02/2026

আটাইলৈ শুভকামনা।

Address

Sarthebari
Barpeta
781307

Website

Alerts

Be the first to know and let us send you an email when প্ৰাক্তন ছাত্র ভাৰতী, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share