Nirmal Haloi College

Directions Website Contact the university

Nirmal Haloi College Official page of Nirmal Haloi College

Our Website: https://nhcollege.ac.in/

আজি ২৯/৯/২০২৬ ইং তাৰিখ মঙ্গলবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটিৰ (Internal Complaints Committee) উদ্য...
29/09/2026

আজি ২৯/৯/২০২৬ ইং তাৰিখ মঙ্গলবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটিৰ (Internal Complaints Committee) উদ্যোগত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।

মহাবিদ্যালয় ৰ অধ্যক্ষ কৌশিক কুমাৰ ডেকাই আদৰণি ভাষণ আগবঢ়োৱা উক্ত সজাগতা সভাত মূল ভাষণ আগবঢ়ায় অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই।

ছাত্ৰ ছাত্ৰী সকলক জীৱন আৰু জগত সম্পৰ্কীয় অতি বাস্তৱসন্মত অথচ ৰসাল মনোজ্ঞ ভাষণ আগবঢ়াই আঙুৰলতা ডেকাই ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যাৱলী বৰ্ণনা কৰে।

আভ্যন্তৰীণ অভিযোগ কমিটিৰ প্ৰিজাইডিং অফিচাৰ নৱনীতা কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ উপাধ্যক্ষ জিতেন কুমাৰ ভাগৱতীএ।

29/09/2026
A quiz competition was organized at Nirmal Haloi College on 28 September 2026 in connection with Seva Sankalp Abhiyan 20...
28/09/2026

A quiz competition was organized at Nirmal Haloi College on 28 September 2026 in connection with Seva Sankalp Abhiyan 2026, an initiative of the Government of Assam

Prize Winners
First Prize
Kahua Kristi Deka — Department of English
Angkunil Sarania — Department of English

Second Prize
Syed Rekibul Alam — Department of Political Science
Rupam Das — Department of English

Third Prize
Hirak Jyoti Rajbongshi — Department of Education
Nisharani Rajbongshi — Department of Education

The competition concluded with the announcement of the winners and appreciation of all the participants for their active involvement. Principal Dr. Kaushik Kumar Deka and Hiren Kalita, Journalist of News Live participated in the prize distribution ceremony and congratulated the winners and participants for their enthusiastic participation.

Call for papers…
28/09/2026

Call for papers…

 A Speech Competition on “Economic Development and Environmental Sustainability:Finding the right way" was organised at ...
25/09/2026



A Speech Competition on “Economic Development and Environmental Sustainability:Finding the right way" was organised at Nirmal Haloi College, Patacharkuchi, Bajali, on 24 September 2026 in connection with the Sewa Sankalp Abhiyan declared by the Government of Assam.

The prize winners:

1. Jina Talukdar – Department of English
2. Prantika Barman– Department of English
3. Nirmali Barman – Department of Political Science.

The participants expressed their views on sustainable development, environmental conservation, responsible use of natural resources, and the role of youth in protecting the environment. The competition provided students with an opportunity to develop their public speaking skills while engaging with an important contemporary issue.

The programme concluded successfully with appreciation for all the participants and prize winners.

চুটি ছবি মহোৎসৱ২২ ছেপ্টেম্বৰ 2026অসমৰ এক অগ্ৰণী অনুষ্ঠান 'চলচ্চিত্ৰম' আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ চিনে ক্লাৱ ৰ যৌথ উদ্য...
23/09/2026

চুটি ছবি মহোৎসৱ
২২ ছেপ্টেম্বৰ 2026
অসমৰ এক অগ্ৰণী অনুষ্ঠান 'চলচ্চিত্ৰম' আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ চিনে ক্লাৱ ৰ যৌথ উদ্যোগত ২২ ছেপ্টেম্বৰ 2026 ৰ দিনা নিৰ্মল হালৈ মহাবিদ্যালয়ত এখন চুটি ছবি মহোৎসৱ অনুষ্ঠিত হয়। মহোৎসৱৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই আদৰণি ভাষণেৰে।

মহোৎসৱৰ পৰিচালনা কৰে মহাবিদ্যালয়ৰ চিনে ক্লাবৰ সমন্বয়ক তথা সহকাৰী অধ্যাপক ৰাজেন দাসে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা চলচ্চিত্ৰমৰ এগৰাকী নিষ্ঠাবান ব্যক্তি বিভু দত্ত। অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অৱসৰি বিষয়া দীপক কুমাৰ দত্ত, চলচিত্ৰম ৰ সহকাৰী সম্পাদক ধ্ৰুবজ্যোতি ডেকা আৰু সাংবাদিক আমিনুল হকেও অংশগ্ৰহণ কৰে।

মহোৎসৱত কেইবাখনো পুৰস্কাৰপ্ৰাপ্ত চুটি ছবি প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত ‘কলি’, ‘দ’ ষ্ট্ৰীং মাষ্টাৰ’ জ বা, Expectation

আৰু ‘জাষ্ট ব্ৰেথ’ আদি উল্লেখযোগ্য। চুটি ছবিসমূহে উপস্থিত দৰ্শক-ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ আগ্ৰহ আৰু উৎসাহৰ সৃষ্টি কৰে।

অনুষ্ঠানত বক্তাসকলে ছাত্ৰ-ছাত্ৰীৰ সৃজনশীল প্ৰতিভা বিকাশ, চলচ্চিত্ৰৰ জৰিয়তে সমাজ আৰু সংস্কৃতিক বুজি পোৱা তথা চলচ্চিত্ৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এনে মহোৎসৱৰ গুৰুত্বৰ বিষয়ে মত প্ৰকাশ কৰে। মহাবিদ্যালয়ত অনুষ্ঠিত এই ব্যতিক্ৰমী চলচ্চিত্ৰ মহোৎসৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে সৃষ্টিশীল চিন্তাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

Girls Hostel (for ST Plain)ৰ আধাৰশিলা স্থাপন অনুষ্ঠান১৬/০৯/২০২৬ তাৰিখে, বুধবাৰে নিৰ্মল  হালৈ মহাবিদ্যালয়ত নিৰ্মাণ হ’বলগ...
18/09/2026

Girls Hostel (for ST Plain)ৰ আধাৰশিলা স্থাপন অনুষ্ঠান

১৬/০৯/২০২৬ তাৰিখে, বুধবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ত নিৰ্মাণ হ’বলগীয়া Girls Hostel (for ST Plain)-ৰ আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।

এই শুভ অনুষ্ঠানত বজালী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় দেৱে উপস্থিত থাকি Girls Hostel-ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বজালী জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়াও উপস্থিত থাকি অনুষ্ঠানটি গৌৰৱান্বিত কৰে। ইয়াৰ উপৰিও অনুষ্ঠানত অঞ্চলৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি, বিশিষ্ট ব্যক্তিবৰ্গ, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

এই শুভ পদক্ষেপে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ অধিক সুগম আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে।

17/09/2026

Address

Patacharkuchi
Barpeta
781326

Alerts

Be the first to know and let us send you an email when Nirmal Haloi College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Nirmal Haloi College:

Shortcuts

Share