03/08/2026
আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱস।
২০১৭ চনৰ ৩ আগষ্টত বৰপেটা জিলাৰ নসত্ৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ। আধ্যাত্মিক, ব্যৱহাৰিক তথা বৃত্তিমুখী শিক্ষাৰ অন্যতম ধ্বজা বাহক এই বিশ্ববিদ্যালয়খন একক, অনন্য, পৃথক। কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাত বৰ্তমানৰ সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশিস লৈ আৰু কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ নেতৃত্বত গঢ় লৈ উঠা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত সৃষ্টি কৰিছে এক নতুন আলোড়ন। বিশ্ববিদ্যালয় খনত শিক্ষা গ্ৰহণ কৰি আছে ৰাজ্যৰ আৰু বহিঃৰাজ্যৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। বিশ্ববিদ্যালয় খনত আছে স্নাতক, স্নাতকোত্তৰ, পি.এইচ.ডি., নাৰ্চিং, ভৌতিক চিকিৎসা বিজ্ঞান, ফাৰ্মাচী, লেব'ৰটৰীকে ধৰি কেইবাটাও বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা।
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই বিশেষ দিনটোত বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ🙏🏻
জয় কৃষ্ণগুৰু🙏🏻
KRISHNAGURU ADHYATMIK VISVAVIDYALAYA