NaSatra

NaSatra a place of peace... Hi all,

02/09/2026

সাবধান হক নসত্ৰ বাসি

আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱস।২০১৭ চনৰ ৩ আগষ্টত বৰপেটা জিলাৰ নসত্ৰত আনুষ্ঠানিকভাৱে উ...
03/08/2026

আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ দশম সংখ্যক প্ৰতিষ্ঠা দিৱস।
২০১৭ চনৰ ৩ আগষ্টত বৰপেটা জিলাৰ নসত্ৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ। আধ্যাত্মিক, ব্যৱহাৰিক তথা বৃত্তিমুখী শিক্ষাৰ অন্যতম ধ্বজা বাহক এই বিশ্ববিদ্যালয়খন একক, অনন্য, পৃথক। কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাত বৰ্তমানৰ সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশিস লৈ আৰু কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ নেতৃত্বত গঢ় লৈ উঠা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰত সৃষ্টি কৰিছে এক নতুন আলোড়ন। বিশ্ববিদ্যালয় খনত শিক্ষা গ্ৰহণ কৰি আছে ৰাজ্যৰ আৰু বহিঃৰাজ্যৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী। বিশ্ববিদ্যালয় খনত আছে স্নাতক, স্নাতকোত্তৰ, পি.এইচ.ডি., নাৰ্চিং, ভৌতিক চিকিৎসা বিজ্ঞান, ফাৰ্মাচী, লেব'ৰটৰীকে ধৰি কেইবাটাও বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা।
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই বিশেষ দিনটোত বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ🙏🏻
জয় কৃষ্ণগুৰু🙏🏻


KRISHNAGURU ADHYATMIK VISVAVIDYALAYA

আজিৰে পৰা নসত্ৰ আদৰ্শ চিকিৎসালয়ত ৰঞ্জন ৰশ্মি (X-Ray)  সেৱা লাভ কৰিব।
30/07/2026

আজিৰে পৰা নসত্ৰ আদৰ্শ চিকিৎসালয়ত ৰঞ্জন ৰশ্মি (X-Ray) সেৱা লাভ কৰিব।

উজনি অসমত বানপিড়িত ৰাইজৰ কাষত নসত্ৰ স্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ আই কুন্তলা পাটোৱ...
27/07/2026

উজনি অসমত বানপিড়িত ৰাইজৰ কাষত নসত্ৰ স্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামী আইয়ে প্ৰথমে চৰাইদেউ জিলাৰ দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইদৰে শিবিৰত থকা বানাক্ৰান্ত ৰাইজক কিছু সাহায্য প্ৰদান কৰে৷বিষয়কৈ মহিলা সকলক কাপোৰ,ছাত্ৰছাত্ৰী সকলক বহী,কলমৰ লগতে খোৱা খাদ্য সামগ্ৰী প্ৰদান কৰে৷
🤳🏻 raj deka

দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনত আজি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু ডাঙৰীয়াণীক সাক্ষাৎ কৰে ...
08/07/2026

দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনত আজি এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু ডাঙৰীয়াণীক সাক্ষাৎ কৰে কৃষ্ণগুৰু শিক্ষাপৰিষদৰ অধ্যক্ষা তথা কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে।

03/06/2026

বিগত ৬/৭ বছৰ ধৰি গাঁৱৰ ৰাস্তাটোৰ এই অৱস্থা,
এজন নসত্ৰ গাঁৱৰ বাসিন্দা হিচাপে নিজৰ মনৰ ভিতৰত থকা কিছু মন্তব্য আগবঢ়াইছোঁ।
ইয়াত কিবা কোৱাত যদি ভুল-ভ্ৰান্তি হৈছে ক্ষমা কৰিব দিব।

Himanta Biswa Sarma
CMO Assam
Ranjeet Kumar Dass

15/04/2026

অসমৰ বাপতিসাহোন ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ অলেখ শুভকামনা যাছিলো । আগন্তুক নৱবৰ্ষ আপোনাৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ। জয় কৃষ্ণগুৰু 🙏

Address

NA-SATRA, KRISHNAGURU SEWASHRAM
Barpeta
781307

Telephone

+916001877409

Website

Alerts

Be the first to know and let us send you an email when NaSatra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share