DDR College, Chabua

Directions Website

DDR College, Chabua DDR College, Chabua is the only higher educational institution in the greater Chabua region.

It was established on 16th August, 1971 with only Arts stream and at present it is full- fledged institution with Arts, Commerce and Science stream.

A Proud Achievement for DDR CollegeIt gives us immense pleasure to share that the students of DDR College, Chabua partic...
29/09/2026

A Proud Achievement for DDR College

It gives us immense pleasure to share that the students of DDR College, Chabua participated in the Universal Brotherhood Day – Inter-College Competition, organised by Vivekananda Kendra, Kanyakumari, Assam Prant – Tinsukia Branch, held on 27 September 2026.

Achievements:

* 2nd Position – PowerPoint Presentation (Group)
* 2nd Position – Best PPT Explanation – Mayur Pankhi Borah

Participants in the PPT Presentation:
1. Mayur Pankhi Borah
2. Jayashree Gogoi
3. Hemashree Saikia
4. Mrinmoy Gogoi
5. Ritupaban Das

Heartiest congratulations to all the participating students for their sincere efforts, teamwork and excellent performance.

22/09/2026
ডি. ডি. আৰ. মহাবিদ্যালয়ত 'দিয়া ঘুৰাই দিয়া'যোৱা ১৯ ছেপ্টেম্বৰত সৰ্বস্তৰৰ জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক সুঁ‌ৱৰি 'দিয়া ঘু...
22/09/2026

ডি. ডি. আৰ. মহাবিদ্যালয়ত 'দিয়া ঘুৰাই দিয়া'

যোৱা ১৯ ছেপ্টেম্বৰত সৰ্বস্তৰৰ জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক সুঁ‌ৱৰি 'দিয়া ঘুৰাই দিয়া' শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে উদ্বোধন কৰাৰ পাছতে মহাবিদ্যালয়ৰ অধ্যাপিকা মৃদুস্মিতা ঘৰফলীয়াই জুবিন গাৰ্গৰ জীৱনাদৰ্শ সন্দৰ্ভত এটা মননশীল বক্তৃতা প্ৰদান কৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° ননীৰূপা চেতিয়াই বক্তৃতা প্ৰদান কৰাৰ লগতে জুবিন গাৰ্গৰ এটা গীত পৰিৱেশন কৰে।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা 'জুবিন গাৰ্গৰ গীত আৰু কৰ্মৰাজিত সামাজিক চেতনাবোধ' শীৰ্ষক ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ বিশ্বজিৎ শইকীয়াই তেওঁৰ ৰচনাখন পাঠ কৰে।
অনুষ্ঠানটিত মহাবিদ্যালয়ৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। জুবিন গাৰ্গৰ চিৰসেউজ 'মায়াবিনী' গীতটি পৰিৱেশনেৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডি. ডি. আৰ. মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁ‌ৱৰণী প্ৰেক্...
09/09/2026

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডি. ডি. আৰ. মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁ‌ৱৰণী প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হোৱা অনুষ্ঠানটি সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাৰ্ঘ্যৰে আৰম্ভ হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াই সুধাকণ্ঠক সোঁ‌ৱৰি তথা শ্ৰদ্ধা জ্ঞাপন কৰি বক্তব্য প্ৰদান কৰে। উপাধ্যক্ষা ড° ননীৰূপা চেতিয়াই গীতে- মাতে মনিষীগৰাকীক সোঁ‌ৱৰণ কৰে। মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° দিগন্ত দত্তই ড° ভূপেন হাজৰিকাৰ জীৱন- দৰ্শনৰ ওপৰত বক্তৃতা প্ৰদান কৰে। মহাবিদ্যালয়ৰ ছাত্ৰী জীয়া কুমাৰী পাণ্ডেই সুধাকণ্ঠক সুঁ‌ৱৰি নিজৰ অনুভৱ ব্যক্ত কৰে।

ডি. ডি. আৰ. মহাবিদ্যালয়ৰ অধ্যাপিকা সন্দীপা গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা যথেষ্ট সংখ্যক ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। শেষত 'মানুহে মানুহৰ বাবে' গীতটি পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি পৰে।

Celebration of International Orchid DayOrganized by Department of Botany, D.D.R College, ChabuaDate: 3rd September, 2026
03/09/2026

Celebration of International Orchid Day
Organized by Department of Botany, D.D.R College, Chabua
Date: 3rd September, 2026

03/09/2026
যোৱা ২২ আগষ্ট, ২০২৬ তাৰিখে ডি ডি আৰ মহাবিদ্যালয়ৰ ২০২৬ বৰ্ষৰ নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ...
25/08/2026

যোৱা ২২ আগষ্ট, ২০২৬ তাৰিখে ডি ডি আৰ মহাবিদ্যালয়ৰ ২০২৬ বৰ্ষৰ নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়াদেৱে পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ স্মৃতি তৰ্পণ কৰে উপাধ্যক্ষা ড° ননীৰূপা চেতিয়াই। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনিত নৱাগতসকলক আদৰি তথা ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াই আদৰণি বক্তব্য আগবঢ়োৱাৰ পাছতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ পৰীক্ষা নিয়ন্ত্ৰক ড° চাদিক হুছেইনে বক্তৃতা প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা ব্যৱস্থা আৰু কৃত্ৰিম বুদ্ধিমতাৰ ওপৰত বক্তব্য প্ৰদানেৰে সকলোকে মোহিত কৰে।

এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ ২০২৬ বৰ্ষৰ শ্ৰেষ্ঠ কলা স্নাতক, শ্ৰেষ্ঠ বিজ্ঞান স্নাতক, শ্ৰেষ্ঠ বাণিজ্য স্নাতক, শ্ৰেষ্ঠ স্নাতক, উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ প্ৰত্যেকটো শাখাৰ দুগৰাকীকৈ শ্ৰেষ্ঠ শিক্ষাৰ্থী, উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু মহাবিদ্যালয় পুথিভঁৰালৰ শ্ৰেষ্ঠ ব্যৱহাৰকৰ্তাগৰাকীক বঁ‌টা প্ৰদান কৰা হয়। সভাৰ সামৰণিৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা এটি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি পৰে।

যোৱা জুলাই মাহত শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত প্ৰলয়ংকাৰী বানে যি সংহাৰ মূৰ্ত্তি ধাৰণ কৰি সমগ্ৰ জনজীৱন তচনচ কৰি পেলালে, ...
22/08/2026

যোৱা জুলাই মাহত শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাত প্ৰলয়ংকাৰী বানে যি সংহাৰ মূৰ্ত্তি ধাৰণ কৰি সমগ্ৰ জনজীৱন তচনচ কৰি পেলালে, তাৰ বাবে মানৱীয় গুণসমৃদ্ধ সকলো লোকেই অতি চিন্তান্বিত আৰু শোকাহত হৈ পৰিছে। বানাক্ৰান্ত লোকসকলক পাৰ্যমানে সহায় কৰিবৰ বাবে যিধৰণে সকলোৱেই উবুৰি খাই পৰিল, সেয়াই সমাজত যে আজিও আন্তৰিকতাৰে মানৱীয়তা জীয়াই আছে, তাক আকৌ এবাৰ প্ৰমাণ কৰিলে।

ডি. ডি. আৰ. মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ বড়া, উপাধ্যক্ষা ড° ননীৰূপা চেতিয়াকে প্ৰমুখ্যে কৰি শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰ একতা সভা- সমগ্ৰ পৰিয়ালটো একত্ৰিত হৈ যোৱা ২০ আগষ্ট তাৰিখে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজৰ কাষ চপা হয়। এই যাত্ৰাত জিলাখনৰ চাৰিখন মহাবিদ্যালয়- জাঁ‌জী হেমনাথ শৰ্মা মহাবিদ্যালয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু নাজিৰা মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ স্নাতক শাখাৰ ছাত্ৰ- ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ কিতাপৰ টোপোলা আগবঢ়োৱা হয়। প্ৰলয়ংকাৰী বানত বিধ্বস্তপ্ৰায় মহাবিদ্যালয়কেইখনৰ ছাত্ৰ- ছাত্ৰীসকলক এই সহায়ে কিছু পৰিমাণে হ'লেও সকাহ দিব বুলি আশা কৰিব পাৰি।

ইয়াৰ পাছতে নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত, অতি ভিতৰুৱা চিৰিং গাঁ‌ৱৰ ৰাইজক সাক্ষাৎ কৰা হয়। এই সাক্ষাতত গাঁ‌ওখনৰ মুঠ ৪৫টা পৰিয়াললৈ আৰ্থিক সাহাৰ্য আৰু ঘৰুৱা কাৰ্যত ব্যৱহৃত বিভিন্ন বাচন- বৰ্তন প্ৰদান কৰা হয়। এই সাহাৰ্যই তেখেতলোকক বহুখিনি সকাহ দিয়া বুলি জনোৱা মতামতে সকলোকে উৎসাহিত কৰিছে।

07/07/2026

🎓 FYUGP 6th Semester Result 🎓

A proud moment for DDR College, Chabua!

📊 Pass Percentage:
🔹 Arts – 90%
🔹 Science – 85.71%
🔹 Commerce – 87.50%

Heartiest congratulations to all the students for their excellent performance and sincere appreciation and congratulations to all the teachers whose dedication made this success possible.

Their hard work and commitment have brought glory to the institution.

Address

College Road
Dibrugarh
786184

Alerts

Be the first to know and let us send you an email when DDR College, Chabua posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share