I am a cottonian

I am a cottonian We love our college and this feeling gets stronger as time passes.....sometimes getting emotional an

১১৭ তম প্ৰতিষ্ঠা দিৱসত প্ৰতিগৰাকী কটনিয়ানলৈ আন্তৰিক অভিনন্দন। জয় কটন কলেজ
27/05/2017

১১৭ তম প্ৰতিষ্ঠা দিৱসত প্ৰতিগৰাকী কটনিয়ানলৈ আন্তৰিক অভিনন্দন।
জয় কটন কলেজ

05/11/2016

প্ৰতিজন কটনিয়ানৰ বাবে আজি বৰ গৌৰৱৰ দিন। মই আজি আৰু গৰ্বেৰে কওঁ, "হয়, মই কটনিয়ান " । জয় মহান কটন কলেজ।

27/05/2016

"কটনিয়ান" ২০০৮-২০০৯ সংস্কৰণ 83rd issue
পূৰ্ণিমা বৰুৱাৰ এটি হ্ৰিদয়স্পৰ্শ কৰা কবিতা

আশৈশৱ সেউজীয়া সপোনৰ সীমনাত ৰৈ আছিলি তই ।
পাই হেৰুওৱাৰ যন্ত্ৰণা হ'ব দিব নোৱাৰিলোঁ
কুচি-মুচি সোমাই গ'লোঁ- তোৰ বুকুলৈ
বিশ্বাস আৰু সংশয়ৰ দোমোজাত ।
জন্ম নাছিল মোৰ সাগৰত ।
তথাপি 'নাদৰ ভেকুঁলী' হ'বতো নোৱাৰো ।
প্ৰসাৰিত দুহাতেৰে কৰ্ষণৰ চেষ্টা কৰো
তোৰ মহাসাগৰীয় বিশালতা ।
আৰু ডাৰউইনকতো জানই !
খোজে প্ৰতি দিবলগা হয় - যোগ্যতাৰ প্ৰমাণপত্ৰ ।
দুৰ্লভ মৃগনাভিৰ সুবাস বিচাৰি
তোৰ চোতালত জাক-জাক আলোকসন্ধানী ।
উজনি-নামনি, পাহাৰ-ভৈয়াম সাতোভনী-
ভিন্নসুৰী বৈচিত্ৰ নেওচি গঢ় দিয়ে
একতাৰ এনাজৰী ।
শ্ৰেণীকোঠাত সকলো গুৰুগম্ভীৰ বাধ্য ছাত্ৰ,
লাইব্ৰেৰীত ভিৰ হয় গ্ৰন্থকীটৰ-নিৰ্বাক দুপৰীয়াবোৰত ।
লেবৰেটৰীত মেণ্ডেলিভ , আইনষ্টাইন, লেমাৰ্ক, থমচন ।
ছুডমাৰ্চন, কেবিআৰ ত ধ্বনিত হয়-
'কটনিয়ান'ত খোদিত হয়-
সিহঁতৰ সৃষ্টি ।
ৰাফকপিৰ উকাপৃষ্ঠাবোৰত হিচাপ-নিকাচ হয়- প্ৰাপ্তি-অপ্ৰাপ্তিৰ,
উদ্গীৰিত হয় জ্বালামুখী- ডেউকা ভগা সপোনৰ ।
দীঘলীপুখৰী, নেহৰুপাৰ্কৰ নিৰ্জনতাত
গোলাপীজামুৰ গোপন লগনত প্ৰকাশিত হয়-
হৃদয়ৰ দুৰ্বলতা ।
আৰু তাৰপাছত আহে পানবজাৰৰ অশান্ত গধূলিবোৰ ।
সকলোৰে সাক্ষী হৈও তই নীৰৱ দৰ্শক ;
বহন কৰি লৈ ফুৰ শতিকাজোৰা বুৰঞ্জী ।
অহা আহে, যোৱা যায় ;
অচিনাকী মুখবোৰ দুদিনৰ বাবে চিনাকী হয়,
পুনৰ হেৰাই যায় পৃথিৱীৰ জন অৰণ্যত ।
কিন্তু তোক পাহৰি নাযায় ।
হিয়াভৰি লৈ যায় স্মৃতিৰ জোলোঙা
কিন্তু তোৰ বুকু কেতিয়াও উদং নহয় ।
শীতৰ পিচত শীত আহে
তোৰ ভঁৰালত কিন্তু কঙাল নাহে ।
বছৰ বাগৰি শতিকা শেষ হয়,
তোৰ যৌৱন অম্লান হৈ ৰয় ।
লুইতপৰীয়া চিৰযৌৱনা 'কটন কলেজ' তই ।

১৯০১ চনৰ এই দিনটোতেই  আমাৰ মৰমৰ কটন কলেজৰ জন্ম ! অভিনন্দন  কটন কলেজ  | অভিনন্দন  কটনিয়ান !
26/05/2016

১৯০১ চনৰ এই দিনটোতেই আমাৰ মৰমৰ কটন কলেজৰ জন্ম ! অভিনন্দন কটন কলেজ | অভিনন্দন কটনিয়ান !

30/04/2016

Feel free to share your beautiful memories about cotton college . It will be published here.

Down the memory lane .... Dr Surya Kumar Bhuyan Library,Cotton College . Nostalgic !
30/04/2016

Down the memory lane .... Dr Surya Kumar Bhuyan Library,Cotton College . Nostalgic !

a view of Physics Department...Miss you Cotton college
19/02/2014

a view of Physics Department...Miss you Cotton college

nostalgic memories
15/10/2013

nostalgic memories

Coffee house kiman je adda dilo coffee khai

Credit:Dhritiman Deka

Down the memory lane......The days spent in Cotton were undoubtedly the best days .....A snap of the physics practical r...
14/10/2013

Down the memory lane......
The days spent in Cotton were undoubtedly the best days .....
A snap of the physics practical room clicked by Tanmoy

Junior gallery of chemistry dept
17/09/2013

Junior gallery of chemistry dept

A classroom in the NEW ARTS BUILDING......Nostalgic memories....
14/07/2013

A classroom in the NEW ARTS BUILDING......Nostalgic memories....

The evergreen botany department of Cotton College....
27/06/2013

The evergreen botany department of Cotton College....

Address

Pan Bazar
Gauhati

Website

Alerts

Be the first to know and let us send you an email when I am a cottonian posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share