05/05/2026
#কলেজৰ_স্নাতক_পাঠ্যক্ৰমত_নতুন_নামভৰ্তিৰ বিষয়ে কিছু কথা:: ভুল ধাৰণা লৈ বা ভুলকৈ বুজি হাৰাশাস্তি নহ'বলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান ললিতচন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতাৰ।
১. কলেজৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি কেৱল সমৰ্থ পৰ্টেল (SAMARTH PORTAL)ৰ জৰিয়তেহে হ'ব।
২. সমৰ্থ পৰ্টেলত প্ৰথমতে পঞ্জীয়ন কৰিব লাগে। পঞ্জীয়নৰ পাছত নম্বৰ তালিকা আদি আপলোড কৰি কলেজ আৰু কলেজৰ বিষয় নিৰ্বাচন কৰিব লাগিব।
৩. সমৰ্থ পৰ্টেল ইতিমধ্যে খুলি দিছে পঞ্জীয়নৰ বাবে। কলেজ নিৰ্বাচনৰ পৰ্যায়তো সোনকালেই আৰম্ভ হ'ব।
৪. সমৰ্থ পৰ্টেলত পঞ্জীয়নৰ বাবে বা নামভৰ্তিৰ বাবে আধাৰ কাৰ্ড নালাগে।
৫. নামভৰ্তিৰ পাছত কিন্তু আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, কাৰণ নামভৰ্তিৰ পাছতে Academic Bank of Credit(ABC)ত পঞ্জীয়ন বাধ্যতামূলক আৰু সেই সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব।(গতিকে, নাই যদি সাজু কৰি থব লাগিব।)
৬. বিনামূলীয়া নামভৰ্তিৰ বাবে পৰিয়ালৰ বছৰেকীয়া আয় ৪ লাখৰ তলত বুলি আয়ৰ প্ৰমাণ পত্ৰ (Income Certificate) লাগিব। কিন্তু, আয়ৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক নহয়, যদিহে পৰিয়ালৰ ৰেচন কাৰ্ড থাকে। (অৱশ্যে মাক বা দেউতাক চৰকাৰী চাকৰিয়াল হ'লে নামভৰ্তি বিনামূলীয়া নহ'ব।)
৭. আয়ৰ প্ৰমাণ পত্ৰ কেৱল সংশ্লিষ্ট চাৰ্কোল অফিচাৰৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগিব। গাঁওবুঢ়া এজনে গাঁৱৰ বাসিন্দা আৰু আয় কম বুলি ক'ব, প্ৰয়োজনীয় আয়ৰ প্ৰমাণ পত্ৰখন কিন্তু দিব লাগিব চাৰ্কোল অফিচাৰজনেহে। আজিকালি অনলাইন আবেদন কৰিব পৰা যায়।
৮. ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া নামভৰ্তি হ'ব, কেৱল ৰেচন কাৰ্ডত ছাত্ৰ/ছাত্ৰীগৰাকীৰ নামটো থকাটো বাঞ্চনীয়। নাথাকিলেও অৱশ্যে অন্য ধৰণে প্ৰমাণ কৰি দেখুৱাব পাৰিব। উদাহৰণস্বৰূপে এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেটত মাক, দেউতাকৰ নাম যিহেতু থাকিব সেইটোৰ জৰিয়তে সম্পৰ্কটো প্ৰমাণ কৰিব পাৰিব।
৯. কাৰোবাৰ মাক-দেউতাক নাথাকিব পাৰে। তেতিয়া যাৰ অভিভাৱকত্বত থাকে তেখেতসকল (ককাক, আইতা বা অইন)ৰ নামত থকা আয়ৰ প্ৰমাণ পত্ৰ বা ৰেচন কাৰ্ড থাকিলেও হ'ব। কেৱল সম্পৰ্কটো প্ৰমান কৰি দেখুৱাব পাৰিলেই হৈ যাব।
১০. সংৰক্ষিত আসনত নামভৰ্তি কৰিব বিচাৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা নিজৰ নামত নিৰ্ধাৰিত প্ৰমাণ পত্ৰ লাগিব। বিশেষ পৰিস্থিতিত অনলাইনত আবেদন কৰা প্ৰমাণ পত্ৰ দেখুৱালেও হ'ব, পাছত মূল প্ৰমাণ পত্ৰ জমা দিব পাৰিব।
১১. উ:মা:(দ্বাদশ শ্ৰেণী)ৰ পৰীক্ষা উত্তীৰ্ণ হোৱা বছৰটোতে যদি নামভৰ্তি কৰা নাই, পিছত আবেদন কৰিছে তেনেহলে Gap Certificate লাগিব। কি কাৰণত নামভৰ্তি কৰা নহ'ল সেই কথা লিখি Notarized Affidavit দাখিল কৰিব লাগিব। সহজ নিয়মত মাজৰ ব্যৱধান(Gap) তিনিবছৰৰ বেছি হ'ব নালাগে। বেছি হ'লে বিশেষ পৰিস্থিতিত কোনোৱে দিবও পাৰে!
১২. ৰেচন কাৰ্ড নাথাকিলে আয়ৰ প্ৰমাণ পত্ৰখন নামভৰ্তিৰ সময়ত দাখিল কৰিব নোৱাৰিলেও Notarized Affidavit দি কলেজ কৰ্তৃপক্ষক অনুৰোধ কৰিব পাৰিব।
১৩. নামভৰ্তিৰ বাবে উ:মা: (Class 12) পৰীক্ষাত পোৱা নম্বৰহে ভিত্তি হ'ব। আজিকালি অনুষ্ঠিত হোৱা Common University Entrance Test (CUET) নম্বৰৰ ওপৰত ভিত্তি কৰি পিছৰ পৰ্যায়ত কিছু আসনৰ বাবে নামভৰ্তি হ'ব।
১৪. আবেদনৰ সময়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে সৰ্বমুঠ দহটা পাঠ্যক্ৰম বা বিষয়ত আবেদন কৰিব পাৰিব। দহ মানে দহখন প্ৰতিষ্ঠান(কলেজ/বিশ্ববিদ্যালয়) হ'ব পাৰে বা এখন প্ৰতিষ্ঠানতে দহটা বিভাগ বা দহটা বিষয়ত আবেদন কৰিব পাৰিব। দহতকৈ বেছি নোৱাৰিব। এখন কলেজতে যদি দহটা বিষয় নিৰ্বাচন কৰিছে বেলেগ কতো নোৱাৰিব। এটা বিষয়তে আবেদন কৰিলে দহখন প্ৰতিষ্ঠানত আবেদন কৰিব পাৰিব। যদি এখন প্ৰতিষ্ঠান/কলেজতে তিনিটা বিষয়ত আবেদন কৰে তেনেহলে বেলেগ প্ৰতিষ্ঠানত সুযোগ কমি যাব। মুঠতে একেসময়তে, একে নথি-পত্ৰৰে সৰ্বমুঠ দহটা প্ৰতিষ্ঠান/বিভাগ/বিষয়ত আবেদন (পচন্দ) কৰিব পাৰিব।
১৫. কোনখন কলেজ বা কোনটো বিষয়ত আবেদন কৰিব, কোনটো বিষয় মেজৰ কৰিব, কোনটো বিষয় মাইনৰ কৰিব সেই কথাবোৰ জানি-বুজি নিজেই ঠিক কৰিব। কম্পিউটাৰৰ দোকান বা ডিটিপি চেন্টাৰৰ গৰাকী/অপাৰেটৰক সিদ্ধান্ত ল'বলৈ নিদিব। দিলে ভুল হৈ যাব। যিখন কলেজত বা যিটো বিষয়ত নামভৰ্তি বিচাৰে সেইখন কলেজ বা সেইটো বিভাগ প্ৰথম পচন্দ কৰি চিহ্নিত কৰিব। নম্বৰ কম থাকিলেও পচন্দ ঠিকমতে কৰিলে নামভৰ্তি হৈ যাব। বহুত কলেজত পচন্দ অনুসৰি নামভৰ্তি হ'ব। উদাহৰণস্বৰূপে- এজন আবেদনকাৰীয়ে এখন কলেজত কম নম্বৰ পাইয়ো আসন পাব পাৰে যদি পচন্দৰ ক্ৰম ওপৰফালে দিছে। আন এজনে বেছি নম্বৰ পাইয়ো নাপাব পাৰে যদি নিজৰ পচন্দৰ ক্ৰম পিছৰফালে দিছে। কিছুমান কলেজে অৱশ্যে পচন্দৰ ক্ৰম বিবেচনা নকৰি নম্বৰৰ ওপৰত ভিত্তি কৰি তালিকা বনাব।
১৬. আজিকালি তিনিটামান পৰ্যায়ত নামভৰ্তি চলে। সকলো কলেজৰ প্ৰথম তালিকা একেদিনাই প্ৰকাশ পাব। প্ৰথম তালিকাৰ নামভৰ্তিৰ বাবে দুদিনমান সময় থাকিব। প্ৰথম ৰাউণ্ডত প্ৰথম তালিকাত কলেজবিলাকত নামভৰ্তি কম হ'ব, কাৰণ বেছি নম্বৰ থকা আবেদনকাৰীৰ নাম দুখন, তিনিখন, আনেকি দহখনতো আহি যাব পাৰে। আটাইবোৰ কলেজে নামভৰ্তিৰ বাবে আমন্ত্ৰণ কৰিব(মেচেজ যাব।) তেনেক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে এখন কলেজ বা এটা বিষয়হে নিৰ্বাচন কৰিব। ফলত বাকীবোৰত সেই আসনখন (ছীটটো) খালী হ'ব।
১৭. প্ৰথম তালিকাৰ পৰা প্ৰথম ৰাউণ্ডত কিছু আসন পূৰণ হোৱাৰ পাছত নিৰ্দিষ্ট দিনত সকলো কলেজৰ দ্বিতীয় তালিকা প্ৰকাশ পাব। নামভৰ্তিৰ বাবে দুদিনমান সময় থাকিব। এইবাৰো প্ৰথম ৰাউণ্ডৰ দৰে কিছু আসন পূৰণ হ'ব।
১৮. তৃতীয় ৰাউণ্ড থাকিব পাৰে, থাকিলে বাকী দুটা ৰাউণ্ডৰ দৰে একে হ'ব। তৃতীয় ৰাউণ্ডত নামভৰ্তিৰ পাছত ৰৈ যোৱা সকলো আসন/ছীটৰ বাবে ঠিতাতে নামভৰ্তি (Spot Admission) হ'ব। তৃতীয় ৰাউণ্ড নাথাকিলে দ্বিতীয় ৰাউণ্ডৰ পাছতে ঠিতাতে নামভৰ্তি (Spot Admission) হ'ব।
১৯. সকলো কলেজৰ বাবে ঠিতাতে নামভৰ্তি (Spot Admission)ৰ নিৰ্দিষ্ট দিন ঠিক কৰা থাকিব। এই পৰ্যায় বা ৰাউণ্ডত কিছুমান কলেজে মেধাৰ তালিকা প্ৰকাশ কৰি নামভৰ্তি কৰিব। বেছিভাগ কলেজত যিয়ে প্ৰথমতে আহে নম্বৰ কম থাকিলেও আসন পাব। কোন কলেজত কি ধৰণৰ নীতি-নিয়ম কৰে আগতীয়াকৈ জানি ল'ব লাগিব।
২০. ঠিতাতে নামভৰ্তিৰ ৰাউণ্ডত সংৰক্ষণৰ নিয়ম মানিব পৰা নাযাবও পাৰে যদিহে প্ৰথমতে অহাজনক প্ৰথমতে সুযোগ দিয়া হয়। আবেদন বেছি থকা আৰু বিশেষ কিছুমান কলেজ কিছুমানে অলপ সময় লৈ সংৰক্ষণৰ সুবিধাসহ মেধা তালিকা প্ৰকাশ কৰিহে নামভৰ্তি কৰিব।
২১. এখন কলেজত বা কোনো এটা বিষয়ত নামভৰ্তি কৰি, কোনো কাৰণত নামভৰ্তি বাতিলো কৰিব পাৰিব। প্ৰক্ৰিয়াটো তেনেই সহজ। প্ৰথম, দ্বিতীয় বা তৃতীয় ৰাউণ্ডত নামভৰ্তি কৰি বাতিল কৰিব পাৰিব আৰু পচন্দৰ কলেজ/বিষয়ত আসন খালী থাকিলে Spot Admissionৰ সময়ত নামভৰ্তিৰ সুযোগ ল'ব পাৰিব।
২২. প্ৰথম ৰাউণ্ডৰ মেধা তালিকাত নাম অহাৰ পাছত নামভৰ্তি নকৰিলে দ্বিতীয় ৰাউণ্ডৰ মেধা তালিকাত নাম নাহে। একেবাৰে শেষৰ ৰাউণ্ড অৰ্থাৎ ঠিতাতে নামভৰ্তিৰ পৰ্বলৈ অপেক্ষা কৰিব লাগিব।
২৩. ঠিতাতে নামভৰ্তিৰ পৰ্বতো নামভৰ্তি কৰি বাতিলৰ সুবিধা থাকিব। অৱশ্যে এইবেলি শেষৰ দিনা নামভৰ্তি বাতিলৰ সুবিধা নাথাকিব পাৰে।
২৪. নামভৰ্তিৰ দুই ধৰণৰ হ'ব- Paid আৰু Free Admission. যদিহে Free admission (নামভৰ্তি বিনামূলীয়া) হয় এটকাও দিব নালাগে, কেৱল ৰছিদখন ল'ব লাগিব। বিনামূলীয়া নামভৰ্তিৰ সুবিধা নাথাকিলে নিৰ্ধাৰিত নিৰিখত মাচুল দি নামভৰ্তি কৰিব লাগিব। সেই মাচুল(ধন) দুইধৰণে দিব পাৰিব-কলেজৰ কাউন্টাৰত জমা দিব পাৰিব, নহ'লে Payment gatewayৰ জৰিয়তে দিব পাৰিব। বেছিভাগ কলেজে নিজৰ কাউন্টাৰত জমা দিয়াৰ ব্যৱস্থাই কৰিব। নামভৰ্তি বাতিল কৰিলে নিয়মমতে কলেজখনে মাচুলৰ ধনখিনি ঘূৰাই দিব, হয়তো মাচুল ঘূৰাই দিবলৈ অলপ সময় ল'ব পাৰে!
২৫. Payment gatewayৰ জৰিয়তে নিৰ্দিষ্ট মাচুলখিনি জমা দিলে কোনো এটা বেংকত জমা হ'ব আৰু বেংকে সময়ত কলেজখনৰ একাউণ্টত জমা দিব। নামভৰ্তি বাতিল কৰিলে ধনখিনি নিজৰ একাউণ্টলৈ ঘূৰি আহিব। আজিকালি অনলাইন বজাৰ কৰোতে, Zomato, Swiggyৰ জৰিয়তে খোৱা বস্ত আদি কিনিলে যি ধৰণে পেমেণ্ট কৰা হয় ঠিক তেনেকুৱা কথা। পেমেণ্ট গেটৱেৰ জৰিয়তে মাচুল জমা দিলে এটা লিংক(link) আহিব, তাতে জমা দিলেই হ'ল। নামভৰ্তি বাতিল কৰিলে মাচুলৰ ধন লগেলগে ঘূৰি আহিব।
২৬. নামভৰ্তি বাতিলৰ সুবিধা থাকিলেও ভাবি-চিন্তিহে সিদ্ধান্ত ল'ব লাগে। Self Financed Courseত নামভৰ্তি কৰি হঠাতে বাতিল কৰিলে দুয়োটা পক্ষৰে অসুবিধা হ'ব পাৰে। তেনেক্ষেত্ৰত সংশ্লিষ্ট কলেজখন আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মবোৰ জানি লোৱা ভাল।
২৭. ছাত্ৰাবাস, ছাত্ৰীনিৱাসত থাকিব খোজাসকলে আবেদনৰ সময়তে নিৰ্দিষ্ট স্থানত চিহ্নিত কৰিব লাগিব। কলেজত নামভৰ্তিৰ সময়তে ছাত্ৰাবাস, ছাত্ৰীনিৱাসৰ নামভৰ্তিও কৰিব লাগিব।
২৮. আজিকালি চৰকাৰী আচঁনি কিছুমানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ধন দিয়ে। সেই ধন পাবলৈ হ'লে নিজৰ নামত বেংক একাউণ্ট থাকিব লাগে। আবেদনৰ সময়ত নিজৰ একাউণ্ট নম্বৰ একেবাৰে শুদ্ধকৈ দিব, নহ'লে সমস্যা হ'ব। ভুলতেও আনৰ একাউণ্ট নম্বৰ নিদিব।
২৯. সমৰ্থ পৰ্টেলত পঞ্জীয়ন আৰু আবেদন কৰাৰ সময়ত কেৱল নিজৰ (স্থায়ী/সলনি হৈ নথকা) মোবাইল নম্বৰ আৰু কেৱল নিজৰ ইমেইল দিব। জন্মৰ তাৰিখ, মাক-দেউতাকৰ নাম ভুল হ'লে শুদ্ধ কৰিবলৈ কষ্ট কৰিব লাগিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ, সংৰক্ষিত জাতি-জনজাতিৰ প্ৰমাণ পত্ৰ-সকলোতে নাম, ঠিকনা, জন্মৰ তাৰিখ একে হ'ব লাগে, নহ'লে পাছত যথেষ্ট সমস্যা হয়। আবেদন পত্ৰত দিয়া জন্মৰ তাৰিখ আৰু আধাৰ কাৰ্ডত থকা জন্মৰ তাৰিখ ভুল থাকিলে পাছত যথেষ্ট সমস্যা হয়। আধাৰ কাৰ্ড নাথাকিলে পাছত পৰীক্ষাৰ ফলাফলেই নাপাব, কাৰণ আধাৰ কাৰ্ড নাথাকিলে ABCত ৰেজিষ্ট্ৰেচন নহ'ব, ABCত ৰেজিষ্ট্ৰেচন নকৰিলে ফলাফল নাপাব।
অতিৰিক্ত সংযোজন:
বিষয়-চতুৰ্থ বৰ্ষত নামভৰ্তি
৩০. অসমৰ কলেজবিলাকত ২০২৩ শৈক্ষিক বৰ্ষৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। সেইকাৰণে অহা শৈক্ষিক বছৰ(২০২৬-২৭)ৰ পৰাহে চতুৰ্থ বৰ্ষটো আৰম্ভ হ'ব।
৩১. গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে জাননী জাৰি কৰিছে-চতুৰ্থ বৰ্ষত দুই ধৰণৰ সুকীয়া পাঠ্যক্ৰম থাকিব- Honours পাঠ্যক্ৰম আৰু Honours with Research পাঠ্যক্ৰম। প্ৰথম বিধত ইতিমধ্যে পঢ়া মেজৰ বিষয়ৰ উচ্চমানৰ অনাৰ্চ পাঠ্যক্ৰম থাকিব। দ্বিতীয় বিধৰ পাঠ্যক্ৰম হ'ব গৱেষণামূলক।
৩২. কলেজত থকা চতুৰ্থ বৰ্ষৰ নামভৰ্তিও সমৰ্থ পৰ্টেলৰ জৰিয়তেই হ'ব। এই নামভৰ্তি হ'ব ষষ্ঠ ষান্মাসিক(6th Semester)ৰ ফলাফল ঘোষণাৰ পাছত, অৰ্থাৎ তিনিবছৰৰ ফলাফলল পাছত। সকলো বিষয়ত পাছ কৰিলেহে নামভৰ্তি হ'ব।
৩৩. গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন কলেজ এখনে চতুৰ্থ বৰ্ষৰ অনাৰ্চ পাঠ্যক্ৰম সহজে খুলিব পাৰিব যদিহে কলা (Humanities) বিষয়ত কমেও চাৰিজন আৰু বিজ্ঞান বিষয়ত কমেও পাঁচজনকৈ শিক্ষক থাকে আৰু তৃতীয় বৰ্ষলৈ মেজৰ বিষয়ৰ permission আৰু affiliation আদি আছে। অনাৰ্চ উইথ ৰিচাৰ্চ পাঠ্যক্ৰম পঢ়াবলৈ শিক্ষক থকাৰ উপৰি সংশ্লিষ্ট বিষয়ত নতুন শিক্ষানীতিত কোৱাৰ দৰেকৈ গৱেষণা গাইড(Research Guide) থাকিব লাগিব যিহেতু সেই পাঠ্যক্ৰমত নামভৰ্তি কৰা শিক্ষাৰ্থীয়ে শেষৰ ষান্মাসিকত তিনিশ নম্বৰ(12 credits) থকা এখন ডিচাৰটেচন/বা থেচিছ লিখিবলগীয়া হ'ব।
৩৪. চতুৰ্থ বৰ্ষৰ অনাৰ্চ পাঠ্যক্ৰমত নামভৰ্তি হ'ব আগৰ ছয়টা ষান্মাসিকৰ নম্বৰৰ ভিত্তিত। গৱেষণা মূলক পাঠ্যক্ৰম (Honours with Research)ত নামভৰ্তি কৰিবলৈ হ'লে আগৰ ছয়টা ষান্মাসিকৰ নম্বৰ মিলি কমেও ৭৫ শতাংশ (7.5 CGPA) পাব লাগিব বুলি কোৱা হৈছে।
(লিখিবলগীয়া আছে কাৰণে চতুৰ্থ বৰ্ষৰ বিষয়ে পাছত বহলাই লিখিম।)
বহুত কথা লিখিলোঁ। হয়তো দুই-এটা কথা ৰৈ যাব পাৰে। কোনোবাই উনুকিয়াই দিলে বা সুধিলে কমেন্ট বক্সত কোৱা হ'ব।।
বি:দ্ৰ: সমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰোতে বা নামভৰ্তিৰ আবেদন জমা দিওতে অসুবিধা হ'লে কোনো এখন কলেজলৈ যাওক। সকলোৱে সহায় কৰি দিব। কোনেও সহায় নকৰিলে গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত
ললিত চন্দ্ৰ ভৰালী কলেজলৈ আহক। আহিলে সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো বিষয়ত সহায় কৰি দিয়া হ'ব।।
নামভৰ্তিৰ বিষয়ত অধিক জানিব খুজিলে যোগাযোগ কৰক Kalita, Principal, LCB College, Guwahati.
[ বিদ্ৰ: আমাৰ লেখাসমূহৰ সৈতে যুক্ত হৈ থাকিবলৈ Revolution Assam পেজটো ফল্/লাইক কৰিবলৈ নাপাহৰিব]