17/07/2022
কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২১বৰ্ষৰ নিৰ্বাচনত শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ প্ৰাক্তন আৰু বৰ্তমানৰ আৱাসীসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু কটনিয়ানৰ বিশ্বাস আৰু সমৰ্থনত সভাপতিৰ পদত জয় লাভ কৰা নিয়ৰ ডেকাই অনাকাংখিতভাৱে বিজেপিত যোগদানৰ ঘটনাই আমাক অত্যন্ত মৰ্মাহত আৰু লজ্জিত কৰি তুলিছে। গণতান্ত্ৰিক দেশত ৰাজনৈতিক দল এটাত যোগদান কৰাৰ অধিকাৰ সকলোৰে থাকে। তাত আমাৰ দ্বিমত নাই। কিন্তু নিৰ্বাচনৰ সময়ত সভাপতি হৈ জয়লাভ কৰিলে নিজৰ কাৰ্যকাল শেষ নোহোৱা পৰ্যন্ত কোনো সংগঠন বা ৰাজনৈতিক দলৰ সদস্য নোহোৱাকৈ স্বতন্ত্ৰভাৱে আপোচহীনতাৰে কটন আৰু জাতিৰ পক্ষত মাত মাতিম বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা নিয়ৰ ডেকাই আজি বিজেপিত যোগদানেৰে সকলোকে বিশ্বাসঘাটকতা কৰিছে বুলি আমি অনুভৱ কৰিছো। সেয়েহে আমি ছাত্ৰবাসৰ প্ৰাক্তন আবাসী সকলে এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰাজনৈতিক মূল্যবোধৰ অবক্ষয়ৰ এই জটিল সন্ধিক্ষণত আমি প্ৰমূল্যবোধ আৰু আদৰ্শগত ৰাজনীতিৰ যি ধাৰাৰে নিৰ্বাচনত অবতীৰ্ণ হৈ কটনিয়ানৰ সমৰ্থনো লাভ কৰি সুখী হৈছিলোঁ আজি তাৰ একেবাৰে বিপৰীত মেৰুত নিয়ৰ ডেকাৰ অবস্থানে আমাক যথেষ্ঠ হতাশ কৰিছে। প্ৰসংগক্ৰমে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে কটনৰ নিৰ্বাচনক ব্যয়বহুলতা আৰু উৎসৱমুখী কৰি তোলাৰ অশুভ প্ৰৱণতাৰ বিৰুদ্ধে কটনিয়ানক সজাগ কৰি নিৰ্বাচনক প্ৰকৃতপক্ষে যোগাত্মক চিন্তা/বিতৰ্কৰ মঞ্চ হিচাপে গঢ়ি তোলাৰ সপোনেৰে ২০১৮ চনৰ পৰা শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসে কোনো ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ সহায় নোলোৱাকৈ স্বাধীন আৰু আপোচহীনভাৱে নিৰ্বাচনত অবতীৰ্ণ হৈ আহিছে। নিৰ্বাচনৰ যি নূন্যতম ব্যয় আছিল সেয়া প্ৰাক্তন ও বৰ্তমানৰ আৱাসীৰ দান বৰঙণিৰে চলাই নিয়া হৈছিল। কিন্তু ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে নিয়ৰ ডেকাৰ বিজেপি গমনে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসটোক উপসাহ কৰিলে।
এনে এক জটিল সময়ত আমাৰ কটনিয়ানলৈ বিনম্ৰ অনুৰোধ - প্ৰমূল্যবোধৰ ৰাজনীতি আৰু সুস্থ গণতান্ত্ৰিক পৰম্পৰাক অটুট ৰখাৰ স্বাৰ্থত আপনালোক সজাগ আৰু সচেষ্ট হওক।
প্ৰাক্তন আবাসী
শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস