19/05/2026
গ্ৰন্থ উন্মোচনী অনুষ্ঠান
১৯ মে’ ২০২৬ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ অসমীয়া উপন্যাস “মৰমৰ দেউতা”ৰ বড়ো ভাষালৈ অনূদিত গ্ৰন্থ “अनसुला आफा” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন অনুবাদ কৰিছে বিভাগৰ গৱেষক ছাত্ৰী উদাংশ্ৰী বড়োৱে।
গ্ৰন্থখন উন্মোচকসকল আছিল ক্ৰমে —
অধ্যাপক অনুৰাধা শৰ্মা (বিভাগীয় প্রধান, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ)
অধ্যাপক অনিল কুমাৰ বড়ো (বিভাগীয় প্রধান, লোকসংস্কৃতি অধ্যয়ন বিভাগ)
অধ্যাপক স্বৰ্ণ প্ৰভা চেইনাৰী (বিভাগীয় প্রধান, বড়ো বিভাগ)
অধ্যাপক দিলীপ বৰা (জ্যেষ্ঠ অধ্যাপক, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ)
বিভাগৰ তৰফৰ পৰা উদাংশ্ৰী বড়োলৈ অভিনন্দন জনাইছোঁ।
#গুৱাহাটী_বিশ্ববিদ্যালয়