30/06/2025
সুন্দৰ উপস্থাপন জনাৰ্দন দা 🙏♥️
বৰ্তমান সময়ত জনজাতীয় লোকসকলৰ ভূমি তথা খিলঞ্জীয়াৰ ভূমি যিদৰে দখল কৰা এক প্ৰক্ৰিয়া অসমত চলি আছে ই জনজাতীয় লোকসকলৰ তথা খিলঞ্জীয়াৰ অস্তিত্বক শেষ কৰি পেলোৱাৰ এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াক খিলঞ্জীয়াই প্ৰতিহত কৰিবই লাগিব ।
এই ক্ষেত্ৰত চৰকাৰখনে বিশেষ ভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল। যিখন চৰকাৰে খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল , খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল, খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাৰ কথা কৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতি এটাও পুৰণ নহ'ল। তাৰ বিপৰীতে চৰকাৰ খনে আজি ASCRDA act 2017 আৰু ADVANTAGE ASSAM 2.0 ৰ দৰে কিছুমান আইন তথা পৰিকল্পনা আনি জনজাতীয় লোকসকলৰ ওপৰত জাপি দিছে । যদি ASCRDA act 2017 কাৰ্যকৰী হয় তেতিয়া হ'লে অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা জাগীৰোডলৈ সম্প্ৰসাৰণ কৰা হ'ব যাৰ ফলস্বৰুপে জাগীৰোড, মৰিগাঁওত বাস কৰা জনজাতীয় লোক বিশেষকৈ তিৱা,কাৰ্বি লোকসকলৰ ভূমিসমূহ চৰকাৰ হাতলৈ যাব, প্ৰাকৃতিক সৌন্দৰ্য ধ্বংস কৰি ডাঙৰ ডাঙৰ উদ্যোগ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হ'ব, যাৰ পৰিপ্ৰেক্ষিতত জনজাতীয় লোকসকল নিজৰ ভূমিতে নিজে ভূমিহীন হৈ পৰিব। উন্নয়ন আৰু বিকাশ সকলোৱে বিচাৰে, খিলঞ্জীয়াইও বিচাৰে কিন্তু সেই উন্নয়ন আমাক নালাগে য'ত এটা জাতি শেষ হৈ উন্নয়ন আৰু বিকাশ আহে।
সমান্তৰালভাৱে ADVANTAGE ASSAM 2.0 ৰ দ্বাৰাও উন্নয়ন আৰু বিকাশৰ নামত জাগীৰোড মৰিগাঁওক যিদৰে সাঙুৰি লৈছে , যিদৰে জাগীৰোডত Indian airforce ৰ ঘাটি নিৰ্মাণ কৰাৰ পদক্ষেপ চৰকাৰ খনে লৈছে, ই সঁচাকৈ খিলঞ্জীয়াৰ ভূমি দখল কৰা তথা থলুৱা সম্পদ সমূহক নিঃশেষ কৰি পেলোৱাৰ এক পৰিকল্পনা। গতিকে ই কেতিয়াও খিলঞ্জীয়াৰ বাবে গ্ৰহণ যোগ্য হ'ব নোৱাৰে। যিদৰে জনজাতীয় লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে Prevention of Atrocities , Act 1989 আইন প্ৰণয়ন কৰিছে, উন্নয়ন আৰু বিকাশৰ বাবে National commission for scheduled Tribes ৰ দৰে সংস্থা আছে থিক তেনেকৈ ভূমি সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰ খনে অধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা উচিত।
গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যে
#প্ৰতিশ্ৰুতিবোৰ পালন কৰক✊
#খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰক✊
#ভূমি অধিকাৰ প্ৰদান কৰক ✊