23/06/2026
আচছালামু আলাইকুম
ইয়াৰ দ্বাৰা লংকাজান দৰ্জীচিট হাফিজিয়া মাদ্ৰাছাৰ চুবুৰীয়া গাওঁ ( #লংকাজান_দৰ্জীচিট_ফৰমাৰপাৰ_অকান্তো_ঠাইচুৱালী_কপিলীপাৰ_যমুনাচিট_লস্কৰ_পথাৰ আদি অঞ্চলৰ ইছলাম ধৰ্মীয় লোকসকলক জনোৱা হয় যে দীৰ্ঘদিনীয়া শৰাং বতৰ, হাতীৰ উপদ্ৰৱ আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে অহা 25/06/2026 ইংৰাজী 9 মহৰম 1448 হিজৰী বৃহস্পতিবাৰে লংকাজান দৰ্জীচিট হাফিজিয়া মাদ্ৰাছা প্ৰাংগনত নিম্ন উল্লেখিত কাৰ্যসূচী মতে এখনি দোৱা মহফিলৰ আয়োজন কৰা হৈছে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা ক্কাৰী আব্দুল মতিন চাহাব। শিক্ষক মৌডংগা মাদ্ৰাছা।
উক্ত দোৱা মহফিলত আপোনালোকৰ উপস্থিতি ও দোৱা দান একান্ত বাবে কামনা কৰিলোঁ।
কাৰ্যসূচী:- 1.দিনৰ 10 বজাৰ পৰা ইমাম/জোনাব ও মাদ্ৰাছাৰ ছাত্ৰৰ কোৰান খতম। সাধাৰণ ৰাইজৰ মাজত খতমে ইউনুচ পাঠ।
2. দিনৰ 1 (এক) বজাত জুহৰৰ নামাজ আদায়।
3. 1.15 মিনিটৰ পৰা লগু আহাৰ (শিন্নি)
4. 2 (দুই)বজাৰ পৰা হজৰত মৌলানা ক্কাৰী আব্দুল মতিন চাহাবৰ সংক্ষিপ্ত বয়ান শেষত দোৱা।
ইতি
আহ্বায়ক মণ্ডলী
1. ক্কাৰী আব্দুল জব্বাৰ চাহাব।
প্ৰধান শিক্ষক।
2. হাফিজ আছলিম খান চাহাব। সহকাৰী শিক্ষক।
3. হাফিজ ফাৰুক আহমেদ চাহাব। সহকাৰী শিক্ষক।
4. হাফিজ ইনজামুল হক চাহাব। সহকাৰী শিক্ষক
5. হুছেইন আহমেদ চৌধুৰী। সভাপতি।
6. ফয়জুৰ ৰহমান। মুহতমিম।
লংকাজান দৰ্জীচিট হাফিজিয়া মাদ্ৰাছা।
ৰাইজে জানিবলৈ পোষ্টটো Share কৰি আগবঢ়াই দিবলৈ অনুৰোধ জনালোঁ।