20/09/2026
১৯ ছেপ্টেম্বৰ—অসমীয়া সংগীতপ্ৰেমীৰ বাবে এক বেদনাদায়ক দিন। আজিৰ দিনটোতে ২০২৫ চনত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল অসমীয়া সংগীতজগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ। তেওঁৰ আকস্মিক মৃত্যুৱে অসমবাসীৰ হৃদয়ত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছিল।
জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক নাছিল; তেওঁ আছিল গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। তিনিটা দশকৰো অধিক সময় ধৰি তেওঁ অসমীয়া সংগীত আৰু সংস্কৃতিক সমৃদ্ধ কৰি আহিছিল। অসমীয়াৰ লগতে বাংলা, হিন্দী আৰু বিভিন্ন ভাষা-উপভাষাত তেওঁৰ কণ্ঠই সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছিল। জুবিন গাৰ্গ যদিওবা কায়িক ভাৱে আজি আমাৰ মাজত নাই কিন্তু তেওঁৰ আদৰ্শ আমাৰ মাজত সদায় থাকিব ।
সেইজন মহান শিল্পীক স্মৰণ কৰিয়েই শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰা হয় । অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গৰ ফটোত পুষ্পঞ্জলি নিবেদন কৰি শুভ�