Post Graduate Students' Union, Gauhati University

Post Graduate Students' Union, Gauhati University Official page of Post Graduate Students' Union, Gauhati University

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।আজি বিয়লি ৩ বজাত  স্থান- ফণীধৰ দত্ত সভাগৃহ ,গুৱাহাটী বিশ্ববিদ্যালয়।
21/06/2024

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।

আজি বিয়লি ৩ বজাত
স্থান- ফণীধৰ দত্ত সভাগৃহ ,গুৱাহাটী বিশ্ববিদ্যালয়।

অসমৰ জাতীয় সংগীতক অপমান কৰা, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আক্ৰমণ কৰা, স্নাতকোত্তৰ ছাত্ৰ সন্থাক অপমান কৰা, কৰ্তৃপক্ষৰ বিৰুদ...
23/03/2024

অসমৰ জাতীয় সংগীতক অপমান কৰা, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আক্ৰমণ কৰা, স্নাতকোত্তৰ ছাত্ৰ সন্থাক অপমান কৰা, কৰ্তৃপক্ষৰ বিৰুদ্ধে থানাত গোচৰ দিয়া কোনো 'কা' সমৰ্থনকাৰী জাতিদ্ৰোহী সংগঠনক বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ সমাজে গ্ৰহণ নকৰে।

04/03/2024

Students who got prizes in Gauhati University Varsity Week 2021-22 under the BOYS COMMON ROOM SECRETARY events are requested to collect their certificates from the DSW office.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ ২০২১-২২ ৰ ছাত্ৰ জিৰণী কোঠা সম্পাদকৰ অন্তৰ্গত প্ৰতিযোগিতাসমূহত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ প্ৰমাণপত্ৰসমূহ ছাত্ৰ কল্যাণ সঞ্চালক মহোদয়ৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালোঁ।

31/10/2023
01/03/2023
Congratulations Team Gauhati University 💐
28/02/2023

Congratulations Team Gauhati University 💐

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে সুখবৰ। বিগত কিছু বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অ...
25/02/2023

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে সুখবৰ। বিগত কিছু বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ পৰীক্ষা, পাঠ্যক্ৰমৰ বিষয়, আদি সম্পৰ্কীয় শুধৰণি বিষয়ক দৰ্খাস্ত সমূহ জমা দিবৰ বাবে বহু দূৰৰ পৰা ছাত্ৰ ছাত্ৰী সকল গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিবলগীয়া হৈছে। যাৰ ফলত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা সম্বন্ধীয় সমস্যা সমূহ অধিক ক্ষীপ্ৰতাৰে সমাধান কৰাৰ বাবে দৰ্খাস্ত সমূহ জমা লোৱাৰ নিয়মৰ কিছু সংশোধন কৰা হৈছে।
এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষা বিষয়ক দৰ্খাস্ত সমূহ জমা দিবলৈ বিশ্ববিদ্যালয়লৈ অহাৰ পৰিৱৰ্তে তেওঁলোকে নিজ নিজ মহাবিদ্যালয়ত তেওঁলোকৰ দৰ্খাস্ত সমূহ জমা দিব পাৰিব। মহাবিদ্যালয়ত জমা দিয়া দৰ্খাস্ত সমূহ একগোট কৰি পত্ৰবাহক বা দ্ৰুতডাক যোগে বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ উপনিয়ন্ত্ৰকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব। আৰু দৰ্খাস্ত সমূহৰ যথাবিহিত ব্যৱস্থা গ্ৰহণৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ সংশোধিত নথি পত্ৰ উপনিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ পৰা দ্ৰুতডাকযোগে মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব।
আমি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লৈছোঁ। আমিও এই বিষয়টো সম্পৰ্কে বিশ্ববিদ্যালয় প্ৰশাসনৰ লগত আলোচনা কৰিছিলোঁ। দৰ্খাস্ত জমা দিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সংশোধন বিশেষকৈ আৰ্থিকভাৱে পিছপৰা তথা বিপদগ্ৰস্ত ছাত্ৰ ছাত্ৰী সকলৰ বাবে যথেষ্ট সহায়ক হ'ব।

আহিব/আহিবা 🙏
14/11/2022

আহিব/আহিবা 🙏

Address

PGSU OFFICE, Gopinath Bordoloi Nagar
Jalukbari
781014

Website

Alerts

Be the first to know and let us send you an email when Post Graduate Students' Union, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The University

Send a message to Post Graduate Students' Union, Gauhati University:

Share