29/07/2022
নৰ্থ লখিমপুৰ কলেজ (স্বা.)ৰ ২০২০-২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ কাৰ্যকালৰ শেষৰখন কাৰ্যনিৰ্বাহকত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এটা Health care centre স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। উক্ত সিদ্ধান্ত মৰ্মে আৰম্ভ হোৱা Health care centre ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত আজি গৃহটিৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি ড০ মুকুন্দ ৰাজবংশী মহোদয়ে। এই ক্ষেত্ৰত আমাক সৰ্বটো প্ৰকাৰে সহায় কৰাৰ বাবে অধ্যক্ষ মহোদয়ৰ লগতে সকলো শিক্ষাগুৰুলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।