North Lakhimpur College - Autonomous Student's Union 2021-22

North Lakhimpur College - Autonomous Student's Union 2021-22 Official Page

২৯/৮/২০২২ তাৰিখে নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক...
08/09/2022

২৯/৮/২০২২ তাৰিখে নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে এখনি দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান পাবলৈ সক্ষম হয় ক্ৰমে ……
১)হিন্দী বিভাগ।
২)ৰাজনীতি বিজ্ঞান বিভাগ।
৩)শিক্ষাতত্ত্ব বিভাগ।
প্ৰতিযোগিতাখনিত দিহানামৰ শ্ৰেষ্ঠ নামতী হিচাপে বিবেচিত হয় ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী পাল্কী হাতীবৰুৱা।
প্ৰতিযোগিতাখনিত সহায় সহযোগিতা আগবঢ়োৱা সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

৩/৯/২০২২ তাৰিখে নৰ্থ লখিমপুৰ কলেজ(স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিষ্ঠা দিৱসৰ লগতে নৱাগত আদৰণি সভাখন অনুষ্ঠি...
07/09/2022

৩/৯/২০২২ তাৰিখে নৰ্থ লখিমপুৰ কলেজ(স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰতিষ্ঠা দিৱসৰ লগতে নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানটিত মহাবিদ্যালয়ৰ আৰু ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় আৰু উত্তোলন কৰে আমাৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ বৰা ছাৰ আৰু ছাত্ৰ একতা সভাৰ সভাপতি বসন্ত কটকী ডাঙৰীয়াই।ইয়াৰ পাছতে শ্বহীদ তৰ্পনত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ (শৈক্ষিক)বাণীকান্ত কোঁৱৰ ছাৰ আৰু শিক্ষক গোটৰ সভাপতি দেৱজিত ভূঞা ছাৰে।
মূল সভাখনত সভাপতিত্ব কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ বৰা ছাৰে লগতে সভাখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশী ছাৰে।সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমি আমন্ত্ৰণ কৰি অনা যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জাতীয় অভিধানৰ প্ৰণেতা আৰু বিশিষ্ট গৱেষক দ° দেৱব্ৰত শৰ্মা ছাৰ।তেখেতৰ বহুমূলীয়া বক্তব্যই সকলোকে প্ৰভাৱিত কৰি তোলে।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ বিধায়ক মানব দেকা ডাঙৰীয়া।
সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য-গীত, কবিতাৰ এটি সুন্দৰ সাংস্কৃতিক সন্ধিয়াৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে।
অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলাত সহায় কৰা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰী,ৰাষ্ট্ৰীয় শীক্ষাৰ্থী বাহিনীৰ সদস্য সকল, তত্ত্বাৱধায়ক সকলৰ লগতে মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ একতা সভাৰ প্ৰত্যেকজন সদস্যকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

27/08/2022
আজি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) ৰ ছাত্ৰ একতা সভাৰ স্মাৰক পত্ৰৰ প্ৰতি সহাৰি জনায় মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাত...
25/08/2022

আজি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত) ৰ ছাত্ৰ একতা সভাৰ স্মাৰক পত্ৰৰ প্ৰতি সহাৰি জনায় মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাত তলত দিয়া সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়…
✧ ঘটনাৰ উচিত তদন্ত নোহোৱা পৰ্যন্ত মহাবিদ্যালয়ৰ অধ্যক্ষই কোনো কাম কাজত জড়িত হ'ব নোৱাৰিব।
✧ ঘটনাৰ উচিত তদন্তৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰা হ'ব।
✧ সমগ্ৰ ঘটনাৱলীৰ উচিত তদন্ত কৰিবলৈ মহাবিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষা সংসদৰ অধ্যক্ষলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিব।

আজি নৰ্থ লখিমপুৰ কলেজ(স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাই সঘনে নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু কাষৰীয়া অঞ্চলত হৈ থকা বিদ্যুৎ...
10/08/2022

আজি নৰ্থ লখিমপুৰ কলেজ(স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাই সঘনে নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু কাষৰীয়া অঞ্চলত হৈ থকা বিদ্যুৎ কৰ্তনৰ সন্দৰ্ভত এখন আবেদন পত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো। কিন্তু জিলা উপায়ুক্তৰ অনুপস্থিতিত ছাত্ৰ একতা সভাই উপায়ুক্তৰ পৰামৰ্শ মৰ্মে অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং বাইদেউক সাক্ষাৎ কৰি আবেদন পত্ৰখন প্ৰদান কৰো। উক্ত আবেদন খনত বিদ্যুৎ কৰ্তনৰ বাবে হোৱা ছাত্ৰ-ছাত্ৰীৰ অসুবিধা, মহাবিদ্যালয়ৰ পাঠ-দানৰ অসুবিধা, কলেজ হোষ্টেল ,P.G. , ভাড়া ৰুম আদিত থকা আৱাসী সকলৰ পানী আৰু খাদ্য আদিৰ দৰে প্ৰধান অসুবিধা সমূহ উল্লেখ কৰা হৈছে। অতিৰিক্ত উপায়ুক্তই আলোচনাৰ শেষত আবেদনখন অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL) ,লখিমপুৰৰ মহকুমা বিষয়া(SDO) লৈ প্ৰেৰণ কৰে।

বাইদেউৱে বিদ্যুৎ কৰ্তনৰ এই সমস্যাটো সমাধানৰ আশ্বাস ছাত্ৰ একতা সভাক প্ৰদান কৰিছে ।

-22

সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল। -22
09/08/2022

সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।

-22

কালি আমি নৰ্থ লখিমপুৰ কলেজ (স্বা) ছাত্ৰ একতা সভাই উত্তৰ লখিমপুৰ নগৰ পৌৰসভাৰ অধ্যক্ষ নিবেনিতা দত্ত বাইদেউক সাক্ষাৎ কৰোঁ। ...
05/08/2022

কালি আমি নৰ্থ লখিমপুৰ কলেজ (স্বা) ছাত্ৰ একতা সভাই উত্তৰ লখিমপুৰ নগৰ পৌৰসভাৰ অধ্যক্ষ নিবেনিতা দত্ত বাইদেউক সাক্ষাৎ কৰোঁ। তেখেতক নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদত পৰ্যাপ্ত পৰিমাণৰ ষ্ট্ৰীট লাইট আৰু প্ৰতি সপ্তাহে নিয়মীয়াকৈ কলেজৰ চৌহদৰ জাৱৰ নিষ্কাষণৰ ব্যৱস্থা কৰিবৰ বাবে আবেদন জনাওঁ। লগতে মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰোঁ। বাইদেউৱে উপৰোক্ত বিষয় দুটাৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

-22

আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ছাত্ৰ ফণীন্দ্ৰ শইকীয়াৰ যোৱাকালি এক বাইক দু...
04/08/2022

আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ছাত্ৰ ফণীন্দ্ৰ শইকীয়াৰ যোৱাকালি এক বাইক দুৰ্ঘটনাত পতিত হৈ আজি দেহাৱসান ঘটে। সেয়ে আজি মহাবিদ্যালয়ত আমি নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বা) ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰোঁ। উক্ত অনুষ্ঠানত তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

আমি তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।

নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ছাত্ৰ একতা সভা, ২০২১-২২ ৰ অনুৰোধ সম্বলিত দাবীৰ প্ৰতি সঁহাৰি জনায় মহাবিদ্যালয় কে...
02/08/2022

নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ছাত্ৰ একতা সভা, ২০২১-২২ ৰ অনুৰোধ সম্বলিত দাবীৰ প্ৰতি সঁহাৰি জনায় মহাবিদ্যালয় কেণ্টিন পৰিচালনা সমিতিৰ সভাত নিম্নোক্ত সিদ্ধান্ত সমূহ লোৱা হয় -

১/ কেণ্টিনত উপলব্ধ খাদ্যসমূহৰ মানদণ্ড উন্নতমানৰ কৰা।
২/ কেণ্টিনত ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্যৰ উপলব্ধতা বৃদ্ধি কৰা।

-22

আজি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্বশাসিত) ৰ ২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ চূড়ান্ত ষান্মাসিকৰ ফলাফল ঘোষণা কৰা হয়। কলা শাখাৰ শ...
25/07/2022

আজি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্বশাসিত) ৰ ২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ চূড়ান্ত ষান্মাসিকৰ ফলাফল ঘোষণা কৰা হয়। কলা শাখাৰ শ্ৰেষ্ঠ স্নাতক কুসুম চুতীয়া (দৰ্শন বিভাগ) আৰু বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতক ঋষিকা বৰুৱা (ৰসায়ন বিজ্ঞান বিভাগ)ক ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে, ঋষিকা বৰুৱা মামণি ৰয়ছম গোস্বামী ছাত্ৰী নিবাসৰ আবাসী আছিল । দুয়ো শ্ৰেষ্ঠ স্নাতকৰ লগতে মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সকলো অগ্ৰজ লৈ ভৱিষ্যতৰ দিনৰ বাবে শুভ কামনা জ্ঞাপন কৰিলোঁ ।

আপোনালোকৰ আহিবলগীয়া সময় সফলতা আৰু সমৃদ্ধিৰে ভৰি পৰক ।

-22

আজি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ ২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ চূড়ান্ত ষান্মাসিকৰ ফলাফল ঘোষণা কৰা হয়। নৰ্থ লখিমপুৰ ...
25/07/2022

আজি নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ ২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ চূড়ান্ত ষান্মাসিকৰ ফলাফল ঘোষণা কৰা হয়। নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সকলো ছাত্ৰ-ছাত্ৰীলৈ আমি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আপোনালোক প্ৰত্যেকেই অসমৰ সম্পদ হ‌ওক, জাতিটোক আগুৱাই লৈ যাওক!

-22

Address

Khelmati
North Lakhimpur
787031

Telephone

+919365556301

Website

Alerts

Be the first to know and let us send you an email when North Lakhimpur College - Autonomous Student's Union 2021-22 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share