09/09/2026
জাতিৰ এগৰাকী অগ্ৰণী সংগ্ৰামী নেত্ৰী, মমতাময়ী বাইদেউক বিদায় জনোৱাৰ এই ক্ষণ সঁচাকৈয়ে অতি বেদনাকাতৰ...
তাকাম মিচিং মিমৌ কৌবাং (TMMK)ৰ মাননীয়া উপ-সভানেত্ৰী তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ (MAC) ২৫ নং ডিক্ৰং সমষ্টিৰ প্ৰথমগৰাকী নিৰ্বাচিত সদস্যা স্বৰ্গীয় মমতা দলে বাইদেউৰ আকস্মিক প্ৰয়াণত আমি মাধৱদেৱ বিশ্ববিদ্যালয় মিছিং ছাত্ৰ অধ্যয়ন চক্ৰৰ পৰিয়ালবৰ্গ গভীৰভাৱে শোকাহত হৈ পৰিছোঁ।
আজি বিহপুৰীয়াৰ বদতি কলানস্থিত বাইদেউৰ বাসগৃহত উপস্থিত হৈ আমি অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। শ্ৰদ্ধা নিবেদনৰ সময়ত উপস্থিত থাকে বিহপুৰীয়া সাংগঠনিক জিলা TMPK ৰ সহকাৰী সম্পাদক, মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অধ্যয়ন চক্ৰৰ প্ৰাক্তন সভাপতি ঋতুৰাজ পাতিৰ, অধ্যয়ন চক্ৰৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰণৱ কুলি বৰ্তমানৰ সভাপতি তাকাৰ দাওঁ, ক্ৰীড়া সম্পাদক মৃদুল মৰাং আৰু অধ্যয়ন চক্ৰৰ সতীৰ্থবৃন্দ।
বাইদেউ, আপোনাৰ বলিষ্ঠ মাত আৰু জাতিৰ হকে আপোচহীন যাত্ৰা অনাগত প্ৰজন্মৰ বাবে সদায় পথ-প্ৰদৰ্শক হৈ ৰ’ব। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আপোনাৰ পৱিত্ৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক। 💐🙏
MISING RE'NGAM I'RROI ✊
Madhabdev University Mising Students' Study Circle.
Takam Mising Porin Kébang - TMPK All Mising Students' Union
ঋতুৰাজ পাতিৰ
Rituraj Patir
Přøñąb Kûlï
Takar Daw
Gautom Doley
Kushal Doley