North Lakhimpur University Students' union 2025-26

Directions

North Lakhimpur University Students' union 2025-26 North Lakhimpur University students' union 2025-26

21/02/2026

জুবিন ক্ষেএ

লখিমপুৰৰ জহিংত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদটি আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই শু...
09/01/2026

লখিমপুৰৰ জহিংত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদটি আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই শুভ উদ্বোধন কৰে।

আমাৰ ছাত্ৰ একতা সভাৰ থকা অৱস্থাতে শিক্ষানুষ্ঠানখনে এটি নতুন চৌহদ লাভ কৰাৰ বতৰাই আমাক গৌৰৱ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশত আৰু এখোজ আগুৱাই যাবলৈ এই সুবিধা প্ৰদান কৰি দিয়াৰ বাবে লক্ষীমপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক Manab Deka ডাঙৰীয়া আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় কতৃপক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আজি অনুষ্ঠানত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষ ছাত্ৰ একতা সভাই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাই কৃতজ্ঞতা জ্ঞাপন কৰোঁ।

ধন্যবাদ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আগতকৈ এইবেলি সম্পূৰ্ণ বিপৰীত। মানুহজনেই আমাৰ মাজত নাই। জুবিন গাৰ্গৰ অবৰ্তমানত জুবিন দ...
19/11/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আগতকৈ এইবেলি সম্পূৰ্ণ বিপৰীত।

মানুহজনেই আমাৰ মাজত নাই। জুবিন গাৰ্গৰ অবৰ্তমানত জুবিন দাৰ প্ৰথম জন্মদিন।

যোৱাকালি এই বিশেষ দিনটোত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই পুৱা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য আৰু সন্মানীয় পঞ্জীয়ক মহোদয়ৰ দ্বাৰা নাহৰ পুলি ৰোপন কৰোঁ,বিয়লি বেলালৈ জহিংস্থিত বিশ্ববিদ্যালয়ৰ নতুন চৌহদত ছাত্ৰ একতা সভাৰ এটি দলে নাহৰ পুলি ৰোপণ কৰাৰ পাছতে সন্ধিয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা "মনৰ নিজানত জুবিনময় সন্ধিয়া" শীৰ্ষক এক সংগীতৰ অনুষ্ঠান আয়োজন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাওঁ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা অসমৰ জাতীয় জীৱনৰ এজন অন্যতম মহান পুৰোধা। তেওঁৰ চতুৰ্দশ বাৰ্ষিক মৃত্যু তিথিত আমি নৰ্থ লখিমপুৰ ...
05/11/2025

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা অসমৰ জাতীয় জীৱনৰ এজন অন্যতম মহান পুৰোধা। তেওঁৰ চতুৰ্দশ বাৰ্ষিক মৃত্যু তিথিত আমি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই তেওঁৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।আৰু বিশ্ববিদ্যালয়ৰ সমীপৰ হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক মহোদয় তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ একাংশ উপস্থিত থাকে।

আজি ইং ২৮-১০-২০২৫ তাৰিখে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰ...
28/10/2025

আজি ইং ২৮-১০-২০২৫ তাৰিখে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬ বৰ্ষৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত ছাত্ৰ একতা সভাৰ সকলো সদস্যৰ লগতে সমূহ বিভাগীয় প্ৰতিনিধি, বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ senior under officer, বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী আৱাসসমূহৰ monitor/ monitress উপস্থিত থাকে। সভাত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীৰ বিভিন্ন সমস্যাসমূহৰ লগতে ভৱিষ্যত দিনত বিশ্ববিদ্যালয়খনক লৈ থকা পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক দেৱকান্ত বৰুৱাই, লক্ষীমপুৰ তেলাহী কমলাবৰীয়া ...
25/10/2025

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক দেৱকান্ত বৰুৱাই, লক্ষীমপুৰ তেলাহী কমলাবৰীয়া শাখা সাহিত্য সভাই ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে লক্ষীমপুৰ জিলাভিত্তিক অনুষ্ঠিত কৰা প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। আমি তেওঁলৈ ছাত্ৰ একতা সভা তথা ছাত্ৰ সমাজৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।আশাকৰোঁ তেওঁৰ এই যাত্ৰা অব্যাহত থাকক, আৰু তেওঁৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ সাহিত্যৰ দিশটোও আৰু অধিক শক্তিশালী হৈ উঠক।

Address

North Lakhimpur
787031

Website

Alerts

Be the first to know and let us send you an email when North Lakhimpur University Students' union 2025-26 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share