Tihu college students union 2025-26

Tihu college students union 2025-26 this is the official page of Tihu College Students union 2025-26

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলোঁ।🙏🏻
08/08/2026

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলোঁ।🙏🏻

আজি টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত টিহু মহাবিদ্যালয়ৰ নৱ-উদ্বোধিত ছাত্ৰাবাসলৈ মূল পথৰ পৰা সংযোগী পথ নিৰ্মাণৰ ...
04/07/2026

আজি টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত টিহু মহাবিদ্যালয়ৰ নৱ-উদ্বোধিত ছাত্ৰাবাসলৈ মূল পথৰ পৰা সংযোগী পথ নিৰ্মাণৰ দাবীত সন্মানীয় বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰী মহোদয়ৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰা হয়। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা, সুবিধা আৰু কল্যাণৰ স্বাৰ্থত উন্নত আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰতি টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬

আজি টিহু মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস গৌৰৱ, ঐতিহ্য আৰু শিক্ষাৰ উৎকৰ্ষৰ এক স্মৰণীয় দিন। এই শুভক্ষণত মহাবিদ্যাল...
04/07/2026

আজি টিহু মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস গৌৰৱ, ঐতিহ্য আৰু শিক্ষাৰ উৎকৰ্ষৰ এক স্মৰণীয় দিন। এই শুভক্ষণত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতাসকল, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। বিগত ৬৪ বছৰে টিহু মহাবিদ্যালয়ে জ্ঞান, নৈতিকতা আৰু সমাজসেৱাৰ আদৰ্শ বহন কৰি অসংখ্য শিক্ষাৰ্থীৰ জীৱন গঢ়ি তুলিছে। মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি, সুনাম আৰু সাফল্যৰ ধাৰা অব্যাহত থাকক—এইয়াই আমাৰ আন্তৰিক কামনা।

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক শাখাৰ উদ্যোগত, ২০ জুনত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে আয়োজিত সংগীত প্ৰতিয...
22/06/2026

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাংস্কৃতিক শাখাৰ উদ্যোগত, ২০ জুনত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে আয়োজিত সংগীত প্ৰতিযোগিতাখন সফলতাৰে সম্পন্ন হয়। অনুষ্ঠানটোৱে কালাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসাহ আৰু উদ্দীপনাৰ সঞ্চাৰ কৰে।

প্ৰতিযোগিতাখনৰ বিজয়ীসকল হৈছে—
• প্ৰথম পুৰস্কাৰ – প্ৰিয়াংকা শীল
• দ্বিতীয় পুৰস্কাৰ – মূৰ্ছনা গোস্বামী
• তৃতীয় পুৰস্কাৰ – ভাবনা শৰ্মা

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাই বিজয়ীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাখন সফল কৰি তোলাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগী আৰু সহযোগীসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬

মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা মহোদয়ৰ দ্বাৰা প্ৰদান  নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বিষয়ে কিছু মতামত🍃
17/06/2026

মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা মহোদয়ৰ দ্বাৰা প্ৰদান নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বিষয়ে কিছু মতামত🍃

15/06/2026

The first day of Spot Admissions concluded today with a large number of students visiting the college. We thank all students for their patience and cooperation throughout the admission process and extend our congratulations to those who secured admission today.
We warmly welcome and look forward to assisting the students who will be attending tomorrow's Spot Admission process.

With regards,
Tihu College Students' Union 2025-26

Boys’ common room আৰু bathroomটো আজি মানুহ মাতি সম্পূৰ্ণ ৰূপে পুনৰবাৰ ভালদৰে চাফা কৰোৱা হৈছে। সকলোকে বিনম্ৰ অনুৰোধ জনোৱা...
09/06/2026

Boys’ common room আৰু bathroomটো আজি মানুহ মাতি সম্পূৰ্ণ ৰূপে পুনৰবাৰ ভালদৰে চাফা কৰোৱা হৈছে। সকলোকে বিনম্ৰ অনুৰোধ জনোৱা হৈছে যে আগলৈ যেন সকলোৱে এই ঠাইসমূহ সচেতনভাৱে ব্যৱহাৰ কৰে আৰু gutkhar পিক বা অন্য কোনো লেতেৰা বস্তু কোঠাৰ ভিতৰত নেপেলায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব। সকলোৰে সহযোগিতাৰে আমি এই ছাত্ৰ জিৰণি কোঠাটো সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখিব পাৰিম বুলি আশা কৰা হৈছে।

ধন্যবাদ।।🙏

বিতোপন দাস
সম্পাদক, ছাত্ৰ জিৰণি কোঠা
টিহু মহাবিদ্যালয়, টিহু

বিশ্ব পৰিবেশ দিৱস উপলক্ষে সমাজ সেৱা বিভাগৰ আৰু NSS গোটৰ  তৰফৰ পৰা  টিহু মহাবিদ্যালয় আৰু টিহু আৰক্ষী থানা লগতে বিভিন্ন অ...
06/06/2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে সমাজ সেৱা বিভাগৰ আৰু NSS গোটৰ তৰফৰ পৰা টিহু মহাবিদ্যালয় আৰু টিহু আৰক্ষী থানা লগতে বিভিন্ন অঞ্চলত গছৰ পুলি ৰোপন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকি সহায় সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

যোৱাকালি সংঘটিত হৈ যোৱা মাধুৰ্জ্য বৰ্মনৰ শোকাবহ আৰু অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ সমাজক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। এই দুখজন...
01/06/2026

যোৱাকালি সংঘটিত হৈ যোৱা মাধুৰ্জ্য বৰ্মনৰ শোকাবহ আৰু অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ সমাজক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। এই দুখজনক ঘটনাত এগৰাকী যুৱ প্ৰাণৰ অকাল অৱসানে সকলোকে স্তম্ভিত কৰি তুলিছে।

আজি টিহু মহাবিদ্যালয় পৰিয়ালৰ পৰা মাধুৰ্জ্য বৰ্মনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ শোক আৰু আন্তৰিক সমবেদনা জ্ঞাপন কৰা হয়।

🕯️ ওঁ শান্তি।

আজি টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫–২৬ৰ তৰফৰ পৰা  টিহু মহাবিদ্যালয় ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে সন্মুখীন হৈ থকা বিভিন্...
26/05/2026

আজি টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২৫–২৬ৰ তৰফৰ পৰা টিহু মহাবিদ্যালয় ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা আৰু অসুবিধাসমূহৰ শীঘ্ৰ সমাধানৰ দাবীত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ ওচৰত আনুষ্ঠানিকভাৱে এখন আবেদনপত্ৰ দাখিল কৰা হয়।

ইতি
কৌশিক ৰামচিয়াৰী
সাধাৰণ সম্পাদক
টিহু মহািদ্যালয় ছাত্ৰ একতা সভা ২০২৫-২৬।

Address

Tihu, Nalbari (Assam)
Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when Tihu college students union 2025-26 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share